Wednesday, April 24, 2024
HomePHOTOGRAPHYৰাণীত বায়খো উৎসৱ পালন

ৰাণীত বায়খো উৎসৱ পালন

প্ৰকাশিত তাৰিখঃ ১৩ জুন, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

বায়খো ৰাভাসকলৰ কৃষিভিত্তিক প্ৰধান উৎসৱ। প্ৰকৃতিৰ অপায় অমংগল দূৰ কৰি নদন–বদন শস্যৰে পৰিপূৰ্ণ কামনাৰে এই উৎসৱ পালন কৰা হয়। মূলতঃ জেঠ মাহত আৰম্ভ হোৱা এই উৎসৱৰ পিছত ৰাভাসকলে খেতিপথাৰত নামি পৰিব। গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ ৰাজাপানীচান্দা গাঁৱৰ উপৰদানী হাইস্কুল খেলপথাৰত আয়োজন কৰিছে বায়খো উৎসৱ। ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত আয়োজিত ‘বায়খো উৎসৱ’ৰ দিনৰ ভাগত মাংগলিক পৰ্ব সমান্তৰ পিছত নিশা বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়।

ফটোঃ প্ৰভাত ৰাভা

Pix: Prabhat Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward