Friday, April 26, 2024
Homeবাতৰিৰাণীত বিদ্যুৎ প্ৰৱাহিত তাঁৰত লাগি দুটা বনৰীয়া হাতীৰ মৃত্যু

ৰাণীত বিদ্যুৎ প্ৰৱাহিত তাঁৰত লাগি দুটা বনৰীয়া হাতীৰ মৃত্যু

প্ৰকাশিত তাৰিখঃ ২৮ ছেপ্টেম্বৰ, ২০২০

চি এন ডেস্ক –

পশ্চিম গুৱাহাটীৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বাকাৰাপাৰা গাঁৱত বিদ্যুৎ প্ৰবাহিত তাঁৰত লাগি এহাল মতা–মাইকী বনৰীয়া হাতীৰ মৃত্যু ঘটে। যোৱা ২৫ ছেপ্টেম্বৰৰ নিশা প্ৰায় ১১মান বজাত সংঘটিত দূৰ্ঘটনাত নিহত হাতী দুটাৰ বয়স প্ৰায় ৩৫ বছৰ। দূৰ্ঘটনাৰ সময়ত দবালপিটা বৰষুণ পৰি আছিল। দূৰ্ঘটনা সংঘটিত হোৱাৰ লগেলগে স্থানীয়লোকে ৰাণী বনাঞ্চলিক কাৰ্যালয়ক অৱগত কৰে আৰু খৰখেদাকৈ ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ এটি দল। যোৱা ২৬ ছেপ্টেম্বৰত বন বিভাগৰ সৈতে এটি পশু চিকিৎসকৰ দল উপস্থিত হয়। পশু চিকিৎসকৰ দলটোৱে হাতী দুটাৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত ওচৰৰ হাবিত গাত খান্দি পুতি থোৱাৰ ব্যৱস্থা কৰে বন বিভাগে।

 

শিৰোনামৰ ফটোঃ প্ৰভাত ৰাভা

Title Pix: Prabhat Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward