Thursday, April 25, 2024
Homeবাতৰিৰাণীৰ জৰাশাল সংৰক্ষিত বনাঞ্চলত বন ধ্বংস যজ্ঞ

ৰাণীৰ জৰাশাল সংৰক্ষিত বনাঞ্চলত বন ধ্বংস যজ্ঞ

প্ৰকাশিত তাৰিখঃ ২৪ মে’ ২০২১

চি এন ডেস্ক

পূব কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জৰাশাল সংৰক্ষিত বনাঞ্চল। এক বিশাল পৰিমাণৰ ভূমিৰ অধিকাৰী জৰাশাল সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চলখনৰে এটা অংশ সংৰক্ষণৰ দায়িত্বত আছে চেঁচা খণ্ড বন কাৰ্যালয়।

উল্লেখ্য যে চেচাঁ খণ্ড বন কাৰ্যালয়খনৰ অধীনত থকা বনাঞ্চলত আজি চাৰি–পাঁচ মাহ ধৰি চলি আছে ব্যাপক হাৰত বন ধ্বংস কাৰ্য। উক্ত কাৰ্যালয়ৰ পহৰাৰ দায়িত্বত থকা লতাবাৰী, ছ’চাইটী জুলি, বাৰিয়া জুলি আৰু মাজৰ লিকৰ চামাতল এই ঠাইকেইখনত বিগত চাৰি–পাঁচ মাহে প্ৰায় শতাধিক মূল্যবান শাল গছ কাটি নিছে।

এই সন্দৰ্ভত– বনাঞ্চলখনত শাল গছ কটা কাৰ্য বন্ধ কৰিবলৈ ৰাণীস্থিত বন বিষয়াগৰাকীক অভিযোগ প্ৰদান কৰিছিল। কেইবাবাৰো অভিযোগ দিয়াৰ পাছতো কিন্তু একো ফল নধৰিল। চেঁচা গাঁওৰ কেইবাগৰাকীও যুৱকে আক্ষেপেৰে এই অভিযোগ উত্থাপন কৰে ।

চেঁচা খণ্ড বন কাৰ্যালয়ত জীতেন ৰাজবংশী (ফৰেষ্টাৰ) সঞ্জীৱ কলিতা, জিতু কলিতা, মকুণ্ড দাস এই চাৰিজন বনকৰ্মী আছে। আজি চাৰি–পাঁচ মাহ ধৰি বনাঞ্চলখনত চোৰাং কাঠ বেপাৰীয়ে শাল গছ কাটি তহিলং কৰি আছে। কিন্তু সেই দুষ্কাৰ্য বন্ধ কৰিবলৈ বনকৰ্মী কেইগৰাকীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা নাই। বিপৰীতে, চাৰিওজনে সলনা–সলনিকৈ ঘৰত যোৱাৰহে চিন্তাত থাকে বুলি ওচৰ চুবুৰীয়াৰ পৰা জানিবপৰা গৈছে।

ইপনে, হাতী নিৰীক্ষণ আৰু বন সুৰক্ষাৰ বাবে পূৰ্বতে মাজৰ লিকৰ চাৰি চ’কত বিভাগীয়ভাৱে এখন টঙি ঘৰো সাজিছিল। উক্ত টঙিখনত বিভাগটোৰ স্থায়ী কৰ্মীয়ে পহৰা দিয়া নাছিল। যদিও– চেঁচা, পুখুৰীপাৰ, খপেগাঁও আদিৰ কেইজনমানলোকে অতি নিম্ন মজুৰিত পহৰা দিছিল। উক্ত লোককেইজনে প্ৰথম কেইবছৰমান দৈনিক এশ টকাকৈ মজুৰি লাভ কৰিছিল। বনাঞ্চলিক বিষয়া প্ৰফুল্ল শৰ্মাক অনুৰোধ কৰাৰ পাছত মজুৰি দুশ টকালৈ বৃদ্ধি হ’ল। দুশ টকালৈ মজুৰি বৃদ্ধি হ’ল ঠিকেই কিন্তু আজিলৈ উদয় ৰাভা, নগেন দাস আৰু পুতুল দাসে পাঁচ হেজাৰকৈ টকা বন বিভাগৰপৰা আদায় নাপালে। লক্ষণীয়ভাৱে, টঙি ঘৰত পহৰা দি থকা সময় ছোৱাত শাল গছ চোৰাংভাৱে কটা কাৰ্য সংঘটিত হোৱা নাছিল। কিন্তু লকডাউনৰ বাবে ২০২০ চনত টঙি ঘৰত পহৰা দিয়া কাৰ্য সম্পৰ্ণৰূপে বন্ধ হৈ পৰিল। ইয়াৰ ফলতেই চোৰাং কাঠ বেপাৰীৰ গছ কটাৰ উৎপাত বাঢ়িছে।

ইপিনে, যি কেইখন ঠাইত শাল গছ কাটিছে তাৰপৰা জয়পুৰ বন শিৱিৰৰ দূৰত্ব এক কিলোমিটাৰো নহয়। এই বন শিৱিৰতো আছে তিনিজন বন কৰ্মী।

বনাঞ্চলখনৰ আৰু কিমান সম্পদ ধ্বংস হ’লে সাৰ পাব বন বিভাগ। কোন এইসকল লোক যিয়ে শাল গছ চোৰাংভাৱে কাটি আছে। এনে কাৰ্যত জড়িত দোষীসকলক তৎকালে কৰায়ত্তৰ ব্যৱস্থা কৰিব লাগে। চেচাঁ বন খণ্ডত চোৰাংভাৱে শাল গছ কটা কাৰ্য অতি সোণকালে বন্ধ কৰাৰ ব্যৱস্থা কৰক। এই দুষ্কাৰ্যৰ স’তে কোন কোন জড়িত থাকিব পাৰে সেইবোৰ চিনাক্তৰ বাবে এক তদন্ত হ’ব লাগে। আৰু দোষীসকলক চিনাক্ত কৰি উচিত শাস্তিৰ ব্যৱস্থা কৰিব লাগে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News    

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward