Tuesday, April 23, 2024
HomeARTICLEৰাণীৰ বনাঞ্চলত সৌৰশক্তি চালিত তাঁৰৰ বেৰ নিৰ্মাণঃ উপকৃত হৈছে একাংশ খেতিয়ক

ৰাণীৰ বনাঞ্চলত সৌৰশক্তি চালিত তাঁৰৰ বেৰ নিৰ্মাণঃ উপকৃত হৈছে একাংশ খেতিয়ক

প্ৰকাশিত তাৰিখঃ ১৪ ডিচেম্বৰ, ২০২০

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

পশ্চিম গুৱাহাটী সমষ্টিৰ অসম–মেঘালয় সীমান্তত অৱস্থিত ৰাণী। বৃহত্তৰ ৰাণী মূলতঃ বনৰীয়া হাতী উপদ্ৰুত এক অঞ্চল। অঞ্চলটোৰ খেতিপথাৰত নিতৌ বনৰীয়া হাতীৰ উপদ্ৰৱ চলে। হাতীৰ এই উপদ্ৰৱ আজিয়েই নহয় ই বছৰ বছৰ ধৰি চলি আহিছে। সৰু–বৰ বনৰীয়া হাতীৰ জাকে এনেদৰে ধান খাই অনিষ্ট সাধন কৰাত এক বিস্তীৰ্ণ এলেকাৰ খেতিপথাৰ উদং হৈ পৰিছে। বহু কষ্টৰ ফচল ধাননি খেতিপথাৰখনক হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিব নোৱাৰাৰ ফলত কৃষকৰ অৱস্থা কাহিল হৈ পৰিছে। যাৰ ফলত অঞ্চলটোৰ বহু কৃষকে খেতি–বাতিকে বাদ দি জীৱিকা সলনি কৰিবলগীয়া অৱস্থা এটাৰ সৃষ্টি হৈছে। অঞ্চলটোত এইদৰে খেতি বাদ দিয়া কৃষকৰ সংখ্যাৰ তালিকাখন প্ৰতি বছৰে ভয়াৱহভাৱে বাঢ়ি গৈ আছে।

উল্লেখযোগ্য যে, বনৰীয়া হাতীৰ উপদ্ৰৱ ই সমগ্ৰ অসমৰে এক বৃহৎ সমস্যা। এই উপদ্ৰৱৰ পৰা কৃষকৰ খেতিপথাৰ ৰক্ষা কৰিব পৰা স্থায়ী ব্যৱস্থা এটা এইপৰ্যন্ত উদ্ভাৱন হোৱা দেখা নাই। অৱশ্যে, অঞ্চল বিশেষে বিভিন্ন জনে বিভিন্ন উপায় অৱলম্বন কৰি হাতীৰ উপদ্ৰৱৰ পৰা খেতিপথাৰ কিছু পৰিমাণে হ’লেও ৰক্ষা কৰিবলৈ সমৰ্থ হোৱাৰ খবৰ মাজেমাজে সংবাদ মাধ্যমত প্ৰচাৰ হৈ থাকে। ৰাণী বনাঞ্চলিক কাৰ্যালয়েও চলিত বৰ্ষতে পৰীক্ষামূলকভাৱে তেনে এক পদক্ষেপ গ্ৰহণ কৰিছে। কাৰ্যালয়টোৰ দুখন সংৰক্ষিত বনাঞ্চল ক্ৰমে– ৰাণী সংৰক্ষিত বনাঞ্চলত ১ কিলোমিটাৰ আৰু জৰাশাল সংৰক্ষিত বনাঞ্চলত ১ কিলোমিটাৰ মুঠ দুই কিলোমিটাৰ দৈৰ্ঘ্য সৌৰশক্তি চালিত তাঁৰৰ বেৰ নিৰ্মাণ কৰিছে। সৌৰশক্তি চালিত তাঁৰৰ বেৰে আৱৰা অঞ্চলৰ খেতিপথাৰত এইবাৰ কৃষকে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ভালেখিনি সকাহ লাভ কৰিছে। অন্ততঃ অন্যান্য বছৰৰ দৰে এইবছৰ কৃষকখিনিয়ে নিশা উজাগৰি কটাই হাতী খেদিবলগা অৱস্থা হোৱা নাই।        

ইপিনে, অঞ্চলটোত বিদ্যুৎ পৰিবাহী উন্মুক্ত তাঁৰত লাগি মৃত্যু হোৱা হাতীৰ সংখ্যাও প্ৰতি বছৰে বাঢ়ি গৈ আছে। এই সন্দৰ্ভত দৈনিক অসমৰ পাতত এক প্ৰতিবেদন প্ৰকাশ পাইছে। এনে মৃত্যুৰ পৰা হাতীক ৰক্ষা কৰিবলৈ ৰাণী বনাঞ্চলিক কাৰ্যালয়ে অঞ্চলটোৰ বিভিন্ন ঠাইত থকা উন্মুক্ত বৈদ্যুতিক তাঁৰবোৰ আঁতৰাই তাৰ পৰিৱৰ্তে কেব্‌ল ব্যৱহাৰৰ প্ৰস্তুতি চলাইছে। ইতিমধ্যে, বন বিষয়া মনোৰঞ্জন বৰ্মনে আজাৰা বৈদ্যুতিক উপ–সংমণ্ডল কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন ঠাইত সাংমাণ্ডলিক অভিযন্তা গৰাকীৰ সৈতে এক যুটীয়া জৰীপ প্ৰক্ৰিয়াও সমাপন কৰিছে। অচিৰেই মিৰ্জা বৈদ্যুতিক উপ–সংমণ্ডল কাৰ্যালয়ৰ অধীনস্থ ঠাইসমূহতো এনে জৰীপ প্ৰক্ৰিয়া সমাপন কৰা হ’ব বুলি বন বিষয়া বৰ্মনৰ পৰা জানিব পৰা গৈছে।

প্ৰকৃততে, বনৰীয়া হাতীৰ জাকবোৰ আহে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পাহাৰৰ পৰা। খাদ্যৰ সন্ধানত নিতৌ গধুলি পাহাৰৰ পৰা নামি আহে আৰু ভৈয়ামৰ খেতিপথাৰত ধান খাই–বৈ পুৱতি নিশা পুনৰ পাহাৰলৈ উভতি যায়। অৱশ্যে, জাকবোৰৰ পৰা কিছু সংখ্যক হাতী অসমৰ বনাঞ্চল সমূহত ৰৈ যায়। সচৰাচৰ, হাতী অহা–যোৱা নিয়মীয়া ট্ৰেকবোৰ থাকে গাঁৱৰ পৰা নিলগৰ হাবিয়নিৰ মাজেমাজে। এই ট্ৰেকবোৰ পাহাৰৰ পৰা হাবিয়নিৰ মাজেৰে খেতিপথাৰৰ লগত পোনপোটীয়া সংযোগ। গতিকে হাতীয়ে হাবিয়নি পাৰ হৈয়েই খেতিপথাৰত ধান খোৱাৰ সুযোগ লাভ কৰে। সেই পথাৰ সমূহৰ মাজেৰে হাতীৰ জাকে ধান খাই গৈ গৈ এটা সময়ত পাটহালধীয়া, পশ্ৰুখোৱাৰ মুৰফূলি অথবা মাজকুছি পথাৰত প্ৰৱেশ কৰিছিল। এনেদৰে খাদ্যৰ সন্ধানত ঘুৰি ফুৰোতে বহুক্ষেত্ৰত খেতিপথাৰৰ মাজেৰেও অসংখ্য ট্ৰেকৰ সৃষ্টি হয়। অৱশ্যে, খেতি শেষ হোৱাৰ লগেলগে সেই ট্ৰেকসমূহো বন্ধ হৈ পৰে। গতিকে সময় সাপেক্ষে হাতী অহা–যোৱা ট্ৰেকবোৰ সলনি হৈ থাকে। যদিও, গাঁৱৰ ৰাষ্টাক পৰাপক্ষত হাতীয়ে ট্ৰেক সৃষ্টি কৰি নলয়। কিন্তু সৌৰশক্তি চালিত তাঁৰৰ বেৰ নিৰ্মাণৰ পাছত হাতী অহা–যোৱা কৰা হাবিৰ মাজৰ নিয়মীয়া ট্ৰেকবোৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল। সেই ট্ৰেকবোৰ বন্ধ হৈ পৰাত পুৰাণশুকুৰবেৰীয়া, বেলগুৰী আৰু উদয়পুৰ গাঁৱৰ ৰাইজে দৈনন্দিন ব্যৱহাৰ কৰা একাংশ পথকে হাতীৰ জাক সমূহেও নিজৰ বাবে নতুন ট্ৰেক সৃষ্টি কৰি ল’লে। বৰ্তমান গাঁওকেইখনত বিপদজ্জনকভাৱে হাতী–মানুহ একেটা পথেৰে চলাচল কৰিবলগীয়া হোৱাত উভয়ৰে মাজত বহুখিনি সমস্যাৰ সৃষ্টি হোৱা বুলি একাংশ গাঁওবাসীৰ প্ৰকাশ। পূৰাণশুকুৰবেৰীয়াৰ খেতিয়ক মোহন ৰাভা, বেলগুৰিৰ কামেশ্বৰ ৰাভা আৰু উদয়পুৰৰ পংকজ কাকতিয়ে জনোৱামতে– বৰ্তমান গাঁওকেইখনত সন্ধিয়া আৰু পুৱতি নিশা একাংশ পথ হাতী যাতায়তৰ বাবে এৰি দিবলগীয়া পৰিস্থিৰো সৃষ্টি হৈছে। এইমুহুৰ্তত হাতী–মানুহৰ মাজত কোনো সংঘাত হোৱা নাই যদিও যিকোনো মুহুৰ্তত সংঘটিত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি। ভুক্তভোগী গাঁওবাসীৰ মতে– এতিয়া তেওঁলোকৰ বাৰীসমূহত সঘনাই বনৰীয়া হাতী প্ৰৱেশ কৰে আৰু কল, তামোল, বাঁহ আদি যি পায় সেয়া এফালৰপৰা খাই তহিলং কৰে। অৱশ্যে, সৌৰশক্তি চালিত তাঁৰৰ বেৰ দিয়াৰ আগতে গাঁওকেইখনত হাতীয়ে তেনেদৰে উপদ্ৰৱ চলোৱা নাছিল।

বৰ্তমান এই বৃহৎ অঞ্চলটোৰ দুই–এজনক বাদ দি সকলো খেতিয়কে ধানখেতি চপোৱাৰ ফলত উদং হৈ পৰিছে খেতিপথাৰসমূহ। কিন্তু নিতৌ পুৱা–গধুলি হাতীৰ জাক পাহাৰৰ পৰা ভৈয়ামলৈ নামিয়েই আছে। বন বিভাগৰ দ্বাৰা নিৰ্মিত সৌৰশক্তি চালিত তাঁৰৰ বেৰ নিৰ্মাণৰ ফলত অঞ্চলটোৰ একাংশ খেতিয়ক হাতীৰ উপদ্ৰৱৰ পৰা ৰেহাই পাইছে। বিপৰীতে, অঞ্চলটোৰ উল্লিখিত গাঁওকেইখনৰ ৰাইজে নতুনকৈ হাতী উপদ্ৰৱৰ মুখামুখি হৈছে। ‘অভাৱে আৱিস্কাৰৰ মূল’ বুলি অসমীয়াত এষাৰ কথা আছে। সৌৰশক্তি চালিত তাঁৰৰ বেৰ দিয়াৰ আগত আৰু পাছত খেতিয়কসকলে কি কি সমস্যাৰ সন্মুখীন হৈছিল তাৰ সঠিক পৰ্যালোচনা বন বিভাগে কৰিব লাগিব। এই পৰ্যালোচনাৰ অন্তত খুটিনাতিবোৰ শুধৰণি কৰি বন বিভাগে যদি কাম–কাজবোৰ সঠিক দিশত আগুৱাই নিয়াৰ ব্যৱস্থা কৰে তেনেহ’লে ই নিশ্চিতভাৱে কৃষকৰ বাবে এক উপকাৰী আঁচনিৰূপেই পৰিগণিত হ’ব। ইপিনে, বনাঞ্চলিক বিষয়া মনোৰঞ্জন বৰ্মনে উক্ত আঁচনি সন্দৰ্ভত এইবুলি মতপ্ৰকাশ কৰে যে– আমি নিৰ্মাণ কৰা সৌৰশক্তি চালিত তাঁৰৰ বেৰে যদি কৃষকৰ খেতিপথাৰ ৰক্ষা কৰিবলৈ সক্ষম হয় তেনেহ’লে পৰৱৰ্তী সময়ত এই বেৰ অধিক ঠাইলৈ সম্প্ৰসাৰণৰ ব্যৱস্থা গ্ৰহণ কৰিম।

 

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

 

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward