Thursday, April 25, 2024
Homeবাতৰিচানডুবিৰ ঐতিহ্য ৰূপহী কৰি ৰাখিবলৈ উদ্যোক্তালৈ আহ্বান|

চানডুবিৰ ঐতিহ্য ৰূপহী কৰি ৰাখিবলৈ উদ্যোক্তালৈ আহ্বান|

প্ৰকাশিত তাৰিখঃ ১৫ জানুৱাৰী, ২০১৬

 

ইষ্টাৰ্ণ ফ’টো ছাৰ্ভিচ (ই পি এছ)

১ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈ পাঁচদিনিয়া কাৰ্যসূচীৰে চানডুবি বিলৰ বাকৰিত চানডুবি মহোৎসৱ আৰম্ভ হৈছে। উল্লেখ্য যে ২০১০–২০১১ চনৰ পৰা বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই অনুষ্ঠিত কৰি অহা মহোৎসৱৰ ১ জানুৱাৰী ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলন কৰে উদ্‌যাপন সমিতিৰ সভাপতি অশোক নংবাকে। ৯.৩০ বজাত চানডুবি উৎসৱৰ শুভাৰম্ভ অনুষ্ঠান মুকলি কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ (RHAC) ৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত টংকেশ্বৰ ৰাভাই। অনুষ্ঠান মুকলি কৰি দিয়া ভাষণত উৎসৱত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰা লোককৃষ্টি দলক শেষ দিনা পাঁচহাজাৰ টকা এককালীনভাৱে আগবঢ়োৱাৰ কথা ঘোষণা কৰে। দিনৰ ১০ বজাত অভিনেতা চম্পক শৰ্মাই ‘লাঙাবুঢ়া’ৰ দ্বাৰ মুকলি কৰে। ১০.৩০ বজাত অতিথিশালা ‘ডগৰবুৰা’ মুকলি কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ (RHAC)ৰ কাৰ্যবাহী সদস্যা শ্ৰীমতী জয়ন্তী ৰাভাই। ১১ বজাত ‘চান্দ সদাগৰ সোঁৱৰণী মঞ্চ’ মুকলি কৰে অভিনেত্ৰী চেতনা দাসে। ১১.৩০ বজাত থলুৱা খেল-ধেমালি মুকলি কৰে মানস চৌধুৰীয়ে। ১২ বজাত স্মৃতিগ্ৰন্থ ‘ল’কেয়া’ উন্মোচন কৰে খ্যাতনামা লেখিকা তথা ‘সাদিন’ কাকতৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে। ভাষণ প্ৰসঙ্গত সম্পাদক শৰ্মাই উল্লেখ কৰে যে– পৰ্যটন পৃথিৱীৰ এক সমৃদ্ধিশালী উদ্যোগ। থাকিবলগীয়া সকলো ধৰণৰ বৈশিষ্ট্য চানডুবি বিলৰ আছে। অদুৰ ভৱিষ্যতে চানডুবি বিল যদি উন্নত পৰ্যটনস্থলীলৈ পৰিণত হয় তেনেহ’লে নিবনুৱা সমস্যাৰো সমাধান হোৱাৰ কিছু সুযোগ আছে। চানডুবিলৈ আহিম, চানডুবি আমাৰ বুলি ভাবিবলৈ এটা পৰিবেশ সৃষ্টি কৰিব লাগিব। অৰ্থাৎ কোনো অশুভ শক্তিয়ে যাতে দৰ্শানাৰ্থীক হাৰাশাস্তি কৰিব নোৱাৰে, কোনো কাৰণতে যাতে বিলৰ ঐতিহ্য বিনষ্ট হ’ব নোৱাৰে তাৰ প্ৰতি উদ্যোক্তাসকলে নজৰ ৰখাটো ভাল।

শুভাৰম্ভ অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী চেতনা দাসে শোণিত কুঁৱৰী, উপ-পথ আদি কথাছবিৰ ভালেমান সংলাপে দৰ্শকক যথেষ্ট আমোদ যোগায়। উন্মোচনী সভাত পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক মোহন বসুমতাৰীয়ে বৰদুৱাৰ বাগানত এখন কলেজ স্থাপনৰ ব্যৱস্থা হাতত লোৱা বুলি উল্লেখ কৰে।

শিক্ষামন্ত্ৰী শৰৎ বৰকটকীয়ে ছাত্ৰ-ছাত্ৰী নথকা বিদ্যালয়ৰ পৰা শিক্ষক-শিক্ষয়িত্ৰীক লৈ আনি ৰাভা হাছঙ এলেকাৰ শিক্ষক নথকা বিদ্যালয়ত নিয়োগ কৰাৰ কথা উল্লেখ কৰে। অসমৰ বাৱন্ন হাজাৰ শিক্ষকৰ দুমাহৰ দৰমহা কেন্দ্ৰীয় চৰকাৰে মোকলাই নিদিয়াত ৰাজ্য চৰকাৰ গভীৰ সংকটত পৰা বুলি দোহাৰে। কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলগীয়া ২০ হাজাৰ কোটি টকা ৰাজ্য চৰকাৰক বৰ্তমানলৈকে মুকলি কৰি নিদিয়াত আক্ষেপ প্ৰকাশ কৰে। চলিত জানুৱাৰী–ফেব্ৰুৱাৰী মাহৰ পৰা ৰাজ্যখনত খালী হোৱা শিক্ষকৰ পদ সমূহ পূৰণ কৰাৰ কথা উল্লেখ কৰে।

মহোৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন জনজাতীয় খেল-ধেমালি, ৰাভা, বড়ো নৃত্য, জনজাতীয় খাদ্য সম্ভাৰ পৰিবেশনৰ লগতে গ্ৰন্থমেলা, প্ৰদৰ্শনী গৃহ, চাংঘৰ, টঙিঘৰ, বাঁহৰ ঘৰ, দোকান ঘৰ আদি পৃথকে পৃথকে নিৰ্মাণ কৰা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে বিভিন্ন প্ৰান্তৰ পৰা অহা এচাম উদণ্ড দৰ্শনাৰ্থীয়ে প্ৰশাসনে জাৰি কৰা নীতি-নিয়মক উলংঘা কৰি উচ্চস্বৰে চাউণ্ড ছিষ্টেম বজোৱা, সুৰাপান কৰি খাদ্য মেলাত অসভ্যালি কৰা, য’তে-ত’তে প্লাষ্টিকৰ সামগ্ৰী পেলোৱা আদি কাৰ্যই দৰ্শনাৰ্থীক বিপাঙত পেলোৱা পৰিলক্ষিত হয়।

 

শিৰোনামাৰ আলোকচিত্ৰঃ ইষ্টাৰ্ণ ফটো চাৰ্ভিছ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward