Wednesday, October 16, 2024
HomeARTICLEআমাৰ দিশহাৰা মুখ

আমাৰ দিশহাৰা মুখ

প্ৰকাশিত তাৰিখঃ ১২ আগষ্ট, ২০২৪

কল্প ৰঞ্জন গগৈ –

বগা বঙালে বিভক্ত কৰি ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা কামিহাড় জ্বলোৱা দেশখনৰ দিশহাৰা অৱস্থা আজি পৰ্যন্ত সুস্থিৰ অৱস্থালৈ আহিব পৰা নাই। নালন্দা বিশ্ববিদ্যালয়ে দিয়া বুদ্ধৰ শিক্ষা–জ্ঞান–বিজ্ঞান–প্ৰজ্ঞানৰ সাধনা আৰু সম্প্ৰসাৰণ জনগনে গ্ৰহণ কৰা নাই। সেয়ে নতুন ইতিহাস গঢ়িবলৈ যাওঁতে ইতিহাস হৈ পৰিছে শোকগাঁথা। বিশ্বৰ পৰিমাণগত পৰিৱৰ্তনে গুণগত পৰিৱৰ্তনৰ ৰূপ ল’ব পৰা নাই। জনগনে শত্ৰু–মিত্ৰ চিনাক্ত কৰিব নোৱাৰি বিভ্ৰান্ত বিজ্ঞাপন আৰু প্ৰদৰ্শনীৰ লগতে কৃত্ৰিম বুদ্ধিমত্তাৰ দখলৰ বাবে বোধশক্তি হেৰাই গৈছে। সেয়ে সমগ্ৰ দেশৰ ৰজা আমজনতা নহয়। ৰাজদণ্ড জগত চেঠ্‌ বণিয়া, বাউন্সাৰ সকলৰ হাতত। বিশুদ্ধ বৈশ্যৰ যুগ বা পতিত ধনতন্ত্ৰৰ যুগ– এই ধনতন্ত্ৰ নিয়ন্ত্ৰিত অপ–সংস্কৃতিৰ যুগ। সমগ্ৰ বিশ্ব এই দুস্কৃতিৰ নিয়ন্ত্ৰণত।

যুগৰ কথাবোৰ বুজিবলৈ প্ৰথমে মানুহে ইতিহাস আৰু ইয়াৰ বৈশিষ্ট্যক ভালদৰে বুজিব লাগিব। মহান সমাজ বিজ্ঞানী কাৰ্লমাৰ্ক্সৰ মতে (১৮১৮–১৮৮৩) ইতিহাসেই হৈছে প্ৰকৃত বিজ্ঞান আৰু মানৱ সভ্যতাৰ ইতিহাস হৈছে শ্ৰেণী–সংগ্ৰামৰ ইতিহাস। এই যুদ্ধৰ ফলতহে পুৰণি বস্তাপচা সমান্তবাদৰ হাতৰ পৰা ধনতন্ত্ৰই সাম্য, মৈত্ৰী, স্বাধীনতা মন্ত্ৰেৰে পৃথিৱীৰ মানুহক গতি দিছিল। এই ধনতন্ত্ৰই সাম্ৰাজ্যবাদলৈ পতিত হওঁতে জাতীয় মুক্তি সংগ্ৰামৰ ফলত দখলদাৰীসকলৰ হাতৰ পৰা দেশবোৰ স্বাধীন আৰু মুক্ত হৈছিল।

কাৰ্লমাৰ্ক্সৰ মনতে ধনতন্ত্ৰৰ পিছৰ উন্নত স্তৰ হৈছে সমাজতন্ত্ৰ যি উত্তৰশীল আৰু ইয়াৰ পিছৰ বিকাশৰ স্তৰ হৈছে সাম্যবাদ। মাৰ্ক্স যেহেতু সমাজ বিজ্ঞানীহে সেয়ে তেওঁৰ তত্বক সংশোধন কৰি লৈ ভৱিষ্যতৰ মানুহৰ সমাজ গঢ়াৰ বাবে চেষ্টা কৰিব লাগিব। সেয়ে বৰ্তমান বিশ্বত কাৰ্লমাৰ্ক্সক এৰি খোৱা অসম্ভৱ।

দৃঢ় প্ৰত্যয়েৰে কওঁ– বৰ্তমান বিশ্বই বস্তাপঁচা পুঁজিবাদ–সাম্ৰাজ্যবাদৰ পিছৰ বিকাশৰ স্তৰ সমাজবাদলৈ গতি কৰিছে। আই চি ইউত থকা পুঁজিবাদী অৰ্থনীতি–সংস্কৃতি–শিক্ষানীতিৰ পৰা মুক্ত হ’বলৈ মধ্যবিত্তৰ–মধ্যমেধাৰ ঠাইত কৃষক–শ্ৰমিকৰ উচ্চমেধাৰ সহায় লওক। কৃষক শ্ৰমিকৰ হাতলৈ ৰাজদণ্ড আনিবলৈ এক দীৰ্ঘম্যাদী প্ৰচেষ্টাৰ প্ৰয়োজন। লগে লগে চলিব লাগিব এক দীৰ্ঘস্থায়ী সাংস্কৃতিক প্ৰচেষ্টা।

আজি দেশৰ গণতন্ত্ৰ শোচনীয়ভাৱে দূৰ্নীতিগ্ৰস্ত আৰু এই দূৰ্নীতিৰ প্ৰধান উৎস হৈছে ৰাজনীতি। এই ৰাজনীতিক উচ্ছেদ নকৰালৈকে প্ৰজাৰ হাতলৈ ৰাজদণ্ড নাহে। বৰ্তমানৰ ক্ষয়প্ৰাপ্ত নৈতিকতাৰ উন্নতিৰ দায়িত্ব যুৱ–শক্তি আৰু মাতৃশক্তিয়ে ল’ব লাগিব। মনত ৰাখিব লাগিব প্ৰযুক্তিয়ে ক্ষমতাৰহে বৃদ্ধি ঘটাব পাৰে, নৈতিকতাৰ নহয়। সাম্যবাদ আৰু মানৱতাবাদৰ হাততহে ইয়াৰ উত্তৰ আছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward