Wednesday, October 16, 2024
HomeARTICLEমহীৰূহ

মহীৰূহ

প্ৰকাশিত তাৰিখঃ ১৯ আগষ্ট, ২০২৪

কল্প ৰঞ্জন গগৈ –

সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদৰ কথাৰে আমি পেন্সনাৰ সন্থাৰ জ্যেষ্ঠ নাগৰিক সকলে চিঞৰি চিঞৰি কম –

শিল্পী মই তিনিওকালৰ
অতীতৰ
বৰ্তমানৰ
অনাগত ভৱিষ্যতৰ
আদিতেই যাত্ৰা কৰি
ধ্বংসৰ মাজেদি মই
ৰূপান্তৰেদি ৰূপ পাই
নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ।

আজি একৈশ শতিকাত ই স্পষ্ট যে মানুহৰ হাতত প্ৰচণ্ড শক্তি গোট খাইছে যি সমগ্ৰ সভ্যতাকে ধ্বংস কৰি দিব। যুদ্ধ পূৰ্বতেও হৈছিল– কুৰি শতিকাত দুখনকৈ মহাসমৰ– ৰাষ্ট্ৰ সংঘও জন্ম হ’ল– কিন্তু?

এই যুদ্ধবোৰৰ অন্ত পেলাবলৈ আজি আমি কৰিব লাগিব আন এখন যুদ্ধ। জ্যোতিপ্ৰসাদৰ জ্ঞানময় তন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ সাংস্কৃতিক যুদ্ধ। পুৰণি যুগৰ বস্তাপচা চিন্তাৰ ঠাইত নতুন চিন্তা।

এই জ্ঞানৰ যুদ্ধৰ অধিনায়ক আছিল খ্ৰীষ্টপূৰ্বৰ ভগৱন্ত বুদ্ধ। মহাজনৰ পুত্ৰ বাহুল। অসমত এই নতুন চিন্তাৰ ধাৰা বোৱাইছিল মহাপুৰুষ শংকৰদেৱে। ভূঞা ৰজাৰ পুত্ৰই ১৫শতিকাত। দুশ বছৰ আগৰ হিউৱেন চাঙৰ দেশৰ পৰা অহা শ্বান কোঁৱৰ আৰু তেওঁৰ সচেতন সতীৰ্থসকলে দি যোৱা ভেটিটোত কেৰোন লাগোতে।

শংকৰদেৱৰ শিষ্যসকলে প্ৰজাৰ বৰভেটি তৈয়াৰ কৰিছিল ১৭৬৮ খ্ৰীষ্টাব্দত। যোৰহাট নগৰৰ পৰা ১১ কি মি উত্তৰ পশ্চিমে বিখ্যাত মালৌ পথাৰত। সত্ৰাধিকাৰ অষ্টভূজদেৱৰ আহ্বানত প্ৰতিজন শিষ্যই অনা এচপৰা মাটিৰে ৫ দিনত তৈয়াৰ হৈছিল বৰভেটি। উচ্চতাত ৬০ হাত, দীঘলে ১২ হতীয়া নলেৰে ২০০ নল (২৪০০ হাত) আৰু প্ৰস্থই ৩০ নল (৩৬০ হাত)।

মণিষী কাৰ্লমাৰ্ক্সৰ মতে– বুৰঞ্জী হৈছে একমাত্ৰ বিজ্ঞান (History is the only Science)। এই বৰভেটিৰ বুৰঞ্জীতে আছে এক তেজাল প্ৰজা জাগৰণৰ কাহিনী– ১৭৬৯–১৭৯২ পৰ্যন্ত।

বুৰঞ্জী সচেতন প্ৰতিজন অসমীয়া প্ৰজাই জানে কেনেকৈ ৰজা গৌৰীনাথে ১৭৯২ চনত বগা বঙালৰ হাতত অসম গোটাই দিলে। কেনেকৈ ৮০ জন কৃষক প্ৰজা ছহীদ হ’ল বঙালৰ গুলিত। কেনেকৈ ১৭৯৩ খ্ৰীষ্টাব্দত বঙালৰ সৈতে বেপাৰৰ চুক্তি হৈ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱালীলৈ জাতিটোক লৈ গ’ল।

এই বৰভেটি গণ যুগৰ প্ৰকৃত হেৰিটেজ চাইট (Heritage Site) যেহেতু দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা সংগ্ৰাম নেলচন মেণ্ডেলাৰ সৈতে জড়িত ক্ষেত্ৰ বিশ্ব ঐতিহ্য হিচাপে স্বীকৃত (UNESCO WORLD HERITAGE SITE)।

আজিৰ পৰিস্থিতিত এক বিশাল বিশ্ববীক্ষা (World View) অবিহনে নিজৰ দেশৰ সংবিধানৰ জ্ঞান অবিহনে আমি হৈ পৰিম ভঙা ইটাৰ দম (A Bundle of Broken Bricks)।

ভাৰতবৰ্ষৰ মহীৰূহ হৈছে স্বামী বিবেকানন্দ (১৬৬৩–১৯০২) যি কৈছিল ভৱিষ্যতৰ ভাৰতবৰ্ষ হ’ব লাগিব– ইছলামৰ দেহা, বেদান্তৰ মগজু (Islamic Boom, Vedantic Brain)। আৰু ভৱিষ্যতৰ যুগ হ’ব শূদ্ৰৰ যুগ (Age of Shudras)।  বৰ্তমানে বিজ্ঞান–প্ৰযুক্তিয়ে সফলতা দিছে, কৃত্ৰিম বুদ্ধিমত্তাই পৃথিৱীখন সৰু কৰি আনিছে। বিশ্বৰ চৰকাৰ গঢ়িবলৈ দ্ৰুত গতিৰে গৈ আছে। কিন্তু নৈতিকতা দিব পাৰিব সমাজবাদ আৰু মানৱতাইহে। তাৰ বাবেই জ্যেষ্ঠ নাগৰিক সকলোৱেই বৰগছ হ’ব লাগিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward