Wednesday, October 16, 2024
HomeARTICLEনালন্দাৰ শিক্ষা

নালন্দাৰ শিক্ষা

প্ৰকাশিত তাৰিখঃ ৭ অক্টোবৰ, ২০২৪

কল্প ৰঞ্জন গগৈ –

৩০০দিন পাৰ হৈ যোৱাৰ পিছতো ধন–মান আৰু উন্নত প্ৰযুক্তিৰ বলত বলীয়ান ইজৰাইল যুদ্ধৰ পৰা বিৰত হোৱা নাই– কাৰ প্ৰৰোচনতা?? মহাভাৰতৰ যুদ্ধৰ পৰিণতি সম্বন্ধে স্পষ্ট আছিল End Result যে পৰিয়ালৰ বিধৱা–বিকলাংগ আৰু জনসাধাৰণৰ সৈনিকৰ চৰম দৰ্দশা। কিন্তু শ্ৰীকৃষ্ঞ কৰ্ম যোগত অটল– কৰ্তব্য কৰিব লাগে। এনেদৰে নতুনক অনাৰ নামত ধ্বংসলীলা– যুগে যুগে যেন ইয়েই শিক্ষা।

১৯১৭ চনৰ ৰুছ বিপ্লৱৰ পিছত বিপ্লৱৰ নেতা লেলিনৰ আহ্বান– শান্তিপূৰ্ণ সহাৱস্থানৰ বাবে (For Peaceful Co–ordination)। যুদ্ধৰ পৰিণত দুৰ্দশাগ্ৰস্ত নাৰীৰ শৰীৰ বেচাৰ পৰা মুক্তি দিবলৈ সেই কাৰ্য বে আইনী ঘোষণা।

কিন্তু সকলো দিশত শক্তিশালী আমেৰিকাৰ বাবে সমৰ্থনযোগ্য নহয়। কাৰণ প্ৰযুক্তিয়ে শক্তি বঢ়ালেও নৈতিকতা নবঢ়ায়। আজি সমগ্ৰ পৃথিৱী এই বেমাৰত আক্ৰান্ত। সৰ্বশেষত যুদ্ধ, প্ৰযুক্তিৰ যুদ্ধ (Cyber Wars)। অক্টোবৰৰ পৰা (২০২৩) আজি পৰ্যন্ত ৭০হেজাৰ টনতকৈও অধিক বাৰুদৰ ব্যৱহাৰ হৈছে পেলেষ্টাইনৰ নিৰীহ নাগৰিকৰ ওপৰত। আধুনিক মহাভাৰতৰ ‘কৃষ্ঞলীলা’ অসমৰ এই চুকত যুদ্ধৰ প্ৰভাৱৰ পৰা দূৰত থাকিলেও বিশ্বৰ সু–নাগৰিক হিচাপে নিৰপেক্ষ হৈ থাকিব নোৱাৰে। দেশৰ নেতাসকলে কি ভাবিছে নেজানো। কিন্তু জনতাই এনে পতনৰ বিৰুদ্ধে মাত মাতিবই লাগিব।

প্ৰকৃততে কুৰি শতিকাৰ পৰাই আৰম্ভ হৈছে পুঁজিবাদৰ চৰম পতনৰ যুগ। সাম্ৰাজ্যবাদ হৈছে পুঁজিবাদৰ চৰম পতনৰ স্তৰ। এই স্তৰতে সম্ৰাজ্যবাদ বিৰোদী জাতীয় মুক্তি আন্দোলনবোৰে পক ধৰে।

১৯১৭ চনৰ ৰুছ বিপ্লৱ হৈছে সমাজতন্ত্ৰ স্থাপনৰ বাবে প্ৰথম জনযুদ্ধ। ১৯৪৭ চনৰ ভাৰতীয় স্বাধীনতা, ১৯৪৯ চনৰ নয়াগণতান্ত্ৰিক চীন, সমাজবাদী কিউবা, ভিয়েটনাম– এই সকলোবোৰে প্ৰমাণ কৰে যে আজি হৈছে পুঁজিবাদৰ চৰম পতনৰ যুগ, যদিও বিশ্বৰ পতনশীল পুঁজিবাদ সন্ত্ৰাসবাদৰ ৰূপ লৈছে। বিশ্বৰ মধ্য শ্ৰেণী (Middle Class) সন্ত্ৰাসবাদৰ চক্ৰবেহুত। সেয়ে সকলো দিশতে নৈতিকতাৰ অধঃপতন। পতিত ৰাজনীতি, পতিত অৰ্থনীতি, পতিত সংস্কৃতি এই চৰম পতনৰ প্ৰমাণ।

কিন্তু সমাজতন্ত্ৰলৈ উত্তৰনৰ বাবে গণ উদ্যোগ কিমান শক্তিধৰ? ই আকাশৰ পৰা সৰি পৰিব নেকি? প্ৰশ্ন হয় কোনে দিব দেখুৱাই এই পথ? সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিবলৈ অসমত জ্যোতিপ্ৰসাদ–বিষ্ঞু ৰাভা–ভূপেনৰ সংস্কৃতিক সংগ্ৰামৰ পথ অসম দেশত প্ৰযোজ্য। ৰাজনৈতিক যুদ্ধৰ আগে–পিছে সাংস্কৃতিক সংগ্ৰামৰ প্ৰয়োজন।

বংগত হোৱা ধৰ্ষণ বিৰোধী মিছিলত দুষ্ট লোকৰ শাস্তি বিচাৰিও প্ৰশ্ন কৰা হৈছে ‘কবে আসবে স্বাধীনতা?? কেতিয়া আহিব স্বাধীনতা?? কেতিয়া পাব বিচাৰ?? কেতিয়া পাম ন্যায় বিচাৰ?? আৰ জি ক’ৰৰ কাণ্ডত ভিন্ন পথৰ মানুহ অভিন্ন হৃদয়েৰে আগবাঢ়িছে। অভয়াৰ বিচাৰৰ দাবী কৰোতে প্ৰতিবাদকাৰীসকলে বিচাৰিছে ‘শোক নহয় দ্ৰোহ’।

এই দ্ৰোহে গতি লাভ কৰক আৰু সমাজে সংগঠিতভাৱে পুৰুষতন্ত্ৰ–সমাজতন্ত্ৰক ধ্বংস কৰক।

ভাৰতবৰ্ষত আজি বুদ্ধৰ পোনপোটীয়া নৈতিকতাৰ পথটোৱেহে প্ৰকৃত মুক্তি দিব বিশেষকৈ সাম্ৰাজ্যবাদৰ চক্ৰবেহুৰপৰা। কুৰি শতিকাৰ শ্ৰেষ্ঠ বুদ্ধিজীৱি দেশৰ মুক্তিযোদ্ধা ড বি আৰ আম্বেদকাৰে নিজৰ অৱস্থান দৃঢ় কৰিবলৈ আৰু ভৱিষ্যতৰ দলিত ভাৰতবাসীলৈ উদাহৰণ হিচাপে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল।

একৈশ শতিকাৰ পৰা যুদ্ধমুক্ত বিশ্বৰ সপোন আৰু বাস্তৱৰ সমাধান সূত্ৰ নালন্দাৰ শিক্ষাতে আছে। কৃষ্ঞ যুদ্ধৰ দাবীৰ সলনি অৰ্জুনৰ যুদ্ধবিৰোধী অৱস্থান নালন্দাৰ বহু ওচৰত।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward