প্ৰকাশিত তাৰিখঃ ২৩ ডিচেম্বৰ, ২০২৪
কল্প ৰঞ্জন গগৈ –
কাৰ্লমাৰ্ক্সৰ মতে বুৰঞ্জীয়েই হৈছে একমাত্ৰ বিজ্ঞান (History is the only Science)। বুৰঞ্জীৰ গতি খলা–বমা–একা–বেকা। কিন্তু অসম দেশৰ বুৰঞ্জী ক’ৰ পৰা আৰম্ভ কৰো? নৰকাসুৰ ভগদত্তৰ পৰা নে ভাস্কৰ বৰ্মণৰ পৰা নে চাওল্যুং চ্যুকাফাৰ পৰা? বিশ্বসিংহ–নৰনাৰায়ণ–চিলাৰায় আজিৰ অসম বুৰঞ্জীৰ লাই–খুঁটা। মহাপুৰুষ শংকৰদেৱক তেওঁৰ সৃষ্টিৰাজী সংৰক্ষণৰ প্ৰধান ঠাই হৈছে নৰনাৰায়ণৰ ৰাজসভাহে।
আজিৰ অসম– অসমীয়াৰ লগতে ভৱিষ্যতৰ অসমীয়া ভাষা–জাতিৰ থিয় হোৱা বুনিয়াদখন শদিয়া–ৰংপুৰ–যোৰহাটৰ পৰা কোচবিহাৰলৈকে বিস্তৃত।
মনত ৰখা ভাল যে বগা বঙালৰ দখলৰ অসম হৈছে ১৮২৬–১৯৪৭। সেইসময়তে বগা বঙালৰ দস্তুৰৰ পৰা ১৮৩৬ চনত অসমীয়া ৰাজভাষা বিতাৰন আৰু ১৮৭৩ চনৰ পৰা পুনৰ সংস্থাপন। মিচনেৰীৰ লগতে কিছু দেশপ্ৰেমী সদাশয় ব্যক্তিৰ বাবে। সেয়ে নাথান ব্ৰাউন, এলিজা ব্ৰাউন, মাইলচ্ ব্ৰনচন সকল আজি অসমীয়াৰ বাবে নমস্য।
সুদুৰ চীনদেশৰ পৰা ৭ম শতিকাত হিউৱেন চাং আহিছিল বিশ্বৰ প্ৰথম বিশ্ববিদ্যালয় নালন্দাত পঢ়িবলৈ আৰু সেই সময়তে ভাস্কৰ বৰ্মনৰ অনুৰোধত কামৰূপত পদাৰ্পন। সেই সময়ত সৌমাৰ খণ্ডত কোন আছিল? কিৰাট বৌদ্ধসকল নহয় জানো? ১২২৮ খ্ৰীষ্টাব্দতহে চাওল্যুং চ্যুকাফাৰ সচেতন সতীৰ্থসকলৰ আগমন আৰু ৰাজতন্ত্ৰৰ স্বাভাৱিক পৰিণতিৰ ফলস্বৰূপে ১৭৬৯ চনৰ পৰা প্ৰজা জাগৰণ। ১৭৯২ চনৰ পৰা ৰজা গৌৰীনাথৰ আমন্ত্ৰণ মৰ্মে কোম্পানীৰ সৈন্যৰ আগমন ৮০জন কৃষক হত্যা। ১৯মহীয়া বগা বঙালৰ অভিযান আৰু ১৭৯৩ চনত বাণিজ্য চুক্তি আৰু উঠিৰজা বগা বঙাল কোম্পানী আৰু বহিৰজা গৌৰীনাথ।
গৌৰীনাথৰ পিছত চন্দ্ৰকান্ত–বদন–পূৰ্ণানন্দ–মানৰজাৰ দখল আৰু চূড়ান্ত বিজয়ী ২৪ ফেব্ৰুৱাৰীৰ ১৮২৬ খ্ৰীষ্টাব্দৰ পৰা বগা বঙাল। ১৮৭৩ চনৰ পৰা অসমীয়া ভাষাৰ সংস্থাপনৰ পিছত ১৯৪৭ চনৰ ১৫ আগষ্টৰ দখলদাৰ ঔপনিৱেশিক শক্তিৰ পৰা স্বাধীন। সমাজবাদী, ধৰ্মনিৰপেক্ষ সাৰ্বভৌম গণৰাজ্যত ধৰ্ম আৰু ভাষালৈ শংকা–দ্বিধা–লাজ আজি একৈশ শতিকাতো শক্তিশালী ৰূপত।
এটা কথা স্বীকাৰ কৰিবই লাগিব যে ১৮৫৭ চনৰ এক সন্মিলিত জনগণৰ মহাজাগৰণে ১৯৪৭ চনৰ ১৫ আগষ্টৰ দুৱাৰ মুখলৈ ভাৰতবৰ্ষক লৈ গৈছিল। যদিও পৰৱৰ্তী পৰ্যায়ৰ স্বাধীনতাৰ অনুশীলনবোৰ সঠিক ৰাজনৈতিক দৰ্শনৰ অভাৱত স্বাধীন ভাৰতবৰ্ষৰ সংবিধানৰ নিৰ্দেশনা অনুসৰি আগবাঢ়িব পৰা নাই। ভাৰতবৰ্ষত আজি প্ৰয়োজন নতুন থাচৰ গণতন্ত্ৰ। য’ত দেশৰ প্ৰতিজন ব্যক্তি নিজেই হ’ব এক স্বাধীন অৰ্থনৈতিক আৰু ৰাজনৈতিক–সাংস্কৃতিক সত্বা (An Independent Socio–Political–Economic and Cultural Unit)। স্থাপন কৰিব লাগিব এক সমাজবাদী বাস্তৱতা (Social Reality)।
ধৰ্ম থাকিব নতুন ৰূপত মানুহৰ ভিতৰত দেৱত্ব আৰু আধ্যাত্মিকতা প্ৰকাশ আৰু বিকাশৰ বাবে (Manifestation of Divinity and Spirituality)। নৱনিৰ্মাণৰ বাবে পুৰণিৰ লগত প্ৰচণ্ড সংঘৰ্ষ কৰি সমাজ পৰিচালনাৰ ৰাজনৈতিক ব্যৱস্থা–অৰ্থনৈতিক ব্যৱস্থাৰ আমূল পৰিৱৰ্তন (Root and Branch Reform) কৰিব লাগিব।
আজি আমি প্ৰৱেশ কৰিছো কৃত্ৰিম বুদ্ধিমত্তা নিয়ন্ত্ৰিত মানৱোত্তৰ যুগত (Artificial Intelligence Controlled Post Human Era I Controlled by the Brain Only)। আমাৰ লক্ষ্য হ’ব (Total Human Development where Brainwork is Combined with Heart work)। মগজু আৰু হৃদয়ৰ সমন্বয়ৰ নতুন মানুহ– নতুন পৃ্থিৱী।
মোৰ দেশৰ সংবিধানৰ মতে সকলো সমান (All are equal before the Eyes of Low)। আমাৰ লক্ষ্য হ’ব লাগিব সকলোৰে চকুৰ কোম্পানী মচি দিয়া। বুৰঞ্জীৰ মেৰঘৰৰ পৰা মুক্ত হৈ নতুন বুৰঞ্জী ৰচনাৰ বাবে আমাৰ তৰুন চামে পৃথিৱীৰ সভ্যতাৰ বুৰঞ্জী অধ্যয়ন কৰিব লাগিব। ইয়াতেই নালান্দাৰ শিক্ষাৰ লগতে অক্সফোৰ্ড –কেম্ব্ৰিজৰ শিক্ষাৰ আৰ্হি অনুসৰি জাতি গঠনৰ ইস্তাহাৰ–কৃষকৰ অৰ্থনৈতিক বিকাশৰ ইস্তাহাৰ (Manifesto for the Development of Farmers) প্ৰস্তুত কৰাই হ’ব আমাৰ প্ৰধান কৰ্তব্য (Principal Task)।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News