প্ৰকাশিত তাৰিখঃ ১৩ জানুৱাৰী, ২০২৫
কল্প ৰঞ্জন গগৈ –
কবিগুৰু ৰবীন্দ্ৰনাথৰ প্ৰাৰ্থনাৰ লক্ষ্য এখন ভয়শূন্য স্তৰলৈ মনৰ উত্তৰণ (Where the mind is without fear) সেই সময়ত ভাৰতবৰ্ষ ব্ৰিটিছৰ ঊপনিৱেশ ১৭৫৭–১৯৪৭ তাৰ পিচতো স্বাধীন– সাৰ্বভৌম– ধৰ্মনিৰপেক্ষ– গণতান্ত্ৰিক– গণৰাজ্যত ভয়। ২৬ জানুৱাৰী মূলতঃ গণতন্ত্ৰ ৰক্ষাৰ বাবে অস্ত্ৰৰ প্ৰদৰ্শনী আৰু ১৫ আগষ্টত ভৱিষ্যতৰ সাফল্যৰ বাবে প্ৰতিশ্ৰুতি। এই বছৰ সংসদত সংবিধানক লৈ কুস্তী। কি হিচাপে ল’ম– নেতিবাচক নে ইতিবাচক? পাৰ হৈ অহা দিনবোৰত নেতি/ ইতিৰ সমাহাৰ।
যুগনায়ক স্বামী বিবেকানন্দৰ মতে (জন্ম ১২–০১–১৮৬৩, মৃত্যু ৪–৭–১৯০২) ভৱিষ্যতৰ স্বাধীন ভাৰতবৰ্ষৰ হ’ব লাগিব বেদান্তৰ নিৰ্দেশিত সমাজবাদ (Vedantic Socialism)। য’ত দেহা হ’ব ইছলামৰ নিৰ্দেশিত।
স্বাধীন ভাৰতবৰ্ষ হ’ল বিভক্ত যাৰ ফলত ধৰ্মক লৈ সৃষ্টি হ’ল ত্ৰাস, মছজিদ অৰ্থাৎ মুছলমানৰ গোঁসাইঘৰ ভাঙি পৰম শ্ৰদ্ধাৰে গঢ়া হ’ল ক্ৰেতা যুগৰ অধিনায়কৰ গোঁসাইঘৰ। এখন ধৰ্মনিৰপেক্ষ দেশত ৰাইজৰ ধনেৰে চৰকাৰী নামঘৰ। তথাপিও ভয় থাকি গ’ল। সেয়ে আজিৰ কলিকালতো ভয়াৰ্ত মানুহ।
শ্ৰীমন্ত শংকৰদেৱে মানুহ মানুহৰ ওচৰত চাপিবলৈ ৰাইজৰ আপোন নামঘৰৰ দিহা দি গ’ল। জ্ঞানৰ অক্ষৰ বন্তিগছি জ্বলাই থৈ গৈছিল। অন্নদা শংকৰ ৰায়ৰ প্ৰাৰ্থনা ‘ভয় ভেঙে দাও প্ৰভু। নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে ক’লে– ‘ভয় কৰলেই ভয়, নইলে কিছু না’। বুঢ়ী আইতা–ককাদেউতা, এপাদেউ, ত্ৰিচাদেউ, আইতা–দেউতাহঁতেও কৈছিল– ‘ভয় কৰিলেই ভয়, না কৰিলেই নহয়। ভয়ক কৰিব লাগিব জয়।’
স্বামীজীয়ে কৈছিল– পৃথিৱীখন এখন বিশাল নৈতিক ব্যায়ামাগাৰ (The World is a Great Moral Gymnasium)। সেয়ে তেওঁৰ লক্ষ্য আছিল (Man Making, Character Building, Nation Building)। এই লক্ষ্যৰে আগবাঢ়িছিল ব্ৰিটিছ সাম্ৰাজ্যবাদ বিৰোধী বীৰ মুক্তিযোদ্ধাসকল। সমগ্ৰ বিশ্বৰ অস্ত্ৰৰ জনজননি, হিংসা–হিংসী আদিয়ে প্ৰমাণ কৰে বিশ্বৰ পুৰ্ণবিকাশ (Evolution) আজিও বাকী। সামন্তযুগৰ ধ্যান–ধাৰণা, অস্ত্ৰ–সম্ভাৰ আজিও যথেষ্ট পৰিমাণত সমাজ পূৰ্ণ। অতি উৎপাদনৰ যুগত উভৈনদী। ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনা তেনেই দুৰ্বল।
তেনে এটা সময়ত সমাজৰ মুক্তি বিচৰা সংস্কৃতিৰ শক্তিয়ে অশুভ, অপসংস্কৃতি–দুষ্কৃতিৰ বিৰুদ্ধে প্ৰৱল শক্তিৰে যুদ্ধ কৰিব লাগিব। ৰাজনীতিক বিজ্ঞানৰ শক্তিৰে কাবু কৰিব লাগিব। সমাজ ব্যৱস্থাত টিউমাৰৰূপী (Tumour) দুৰ্নীতিক নিৰ্মূল কৰিব লাগিব। স্বামীজীৰ জন্মদিন ১২ জানুৱাৰীৰপৰা আৰম্ভ হওক এই শুভযাত্ৰা যাৰ লক্ষ্য আঁহফলা ৰাজনীতি নিৰ্মূল।
স্বামীজীয়ে কৈছিল– সৰ্বহাৰাসকল সমঅধিকাৰৰ বাবে যুঁজা (Proletariats win Equal Right)। মাথো ত্ৰিশ বছৰ বয়সতে। বিশ্বত ঘূৰ্ণি বতাহ সৃষ্টি কৰা সন্যানীজনে (Cyclonic Monk) চল্লিশ সম্পূৰ্ণ নকৰাকৈয়ে পৃথিৱী এৰিলে। তেওঁৰ কাম সম্পূৰ্ণ কৰিবলৈ হেজাৰজন বিবেকানন্দ (Thousands of Vivekananda) আহিব বিশ্বলৈ– বিভিন্ন ৰূপত। Man Making, Character and Nation Building আন্দোলন চলি থাকিব অবিৰাম এখন ভয়শূন্য মানুহৰ পৃথিৱী গঢ়িবলৈ। তিনিভাগ পানীৰে ভৰা এই পৃথিৱীত পানীৰ দৰে মাটিৰো সীমা নেথাকিব।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News