প্ৰকাশিত তাৰিখঃ ১৯ মে’, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰি–ভয় জিলাত অৱস্থিত উমচাও আৰু বাৰেগাঁও দুখন অসমীয়া গাঁও। জিলাখনৰ পশ্চিম প্ৰান্তৰৰ বাণিজ্যিক গ্ৰাম্য চহৰ পাথাৰখামাৰ (পাথাৰখ্মাহ) পৰা নাতি দূৰৈত অৱস্থিত উমচাও আৰু বাৰেগাঁও। দুয়োখন গাঁও মিলি ২৫০টা ৰাভা জনগোষ্ঠীৰ হিন্দু ধৰ্মাৱলম্বী পৰিয়ালে বসবাস কৰে। এই গাঁও দুখনলৈ যাবলৈ মংগাপ–মাইৰাং–ৰাণী (এম এম আৰ) পথেৰে গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ ফ’ৰেষ্ট চ’কৰ পৰা ৩০ কিলোমিটাৰ অতিক্ৰম কৰিব লাগিব।
উল্লেখ্য যে গাঁও দুখন প্ৰায় তিনিশ বছৰ পূৰ্বেই গঠন হৈছিল। আজি চাৰি বছৰ আগতে মেঘালয় চৰকাৰে জিলাখনৰ পশ্চিম প্ৰান্তৰ পাথাৰখামাক মহকুমা সদৰ ৰূপে ঘোষণা কৰিছে। ১৯৭২ চনত অসম–মেঘালয় বিভক্ত হোৱাৰ সময়ত গাঁও দুখনৰপৰা কিছু সংখ্যক পৰিয়াল ভৈয়ামলৈ নামি আহিছিল। কিন্তু অধিক সংখ্যক পৰিয়াল সেই গাঁও দুখনতেই নিগাজীকৈ থাকি গৈছিল। আজি তেওঁলোক মেঘালয়ৰ স্থায়ী বাসিন্দা। কিন্তু আজিৰ তাৰিখত সেই গাঁও দুখনৰ লোকসকল মৰ্যাদা সহকাৰে জীয়াই থকা বুলি ক’ব নোৱাৰি। এই পৰ্যন্ত তেওঁলোকে লাভ কৰা নাই পাৰ্বত্য জনজাতিৰ মৰ্যাদা। সেয়ে তেওঁলোকক ৰাজ্যখনত অ–জনজাতি লোক বুলি গণ্য কৰা হয়। লগতে চাকৰিৰ ক্ষেত্ৰতো তেওঁলোকে বিশেষ অগ্ৰাধিকাৰ লাভ নকৰে।
ইপিনে, পাৰ্বত্য জনজাতিৰ মৰ্যাদা আইনগতভাৱে লাভ নকৰা বাবে তেওঁলোক ৰাজ্যখনৰ মাটি–বাৰীৰ অধিকাৰৰপৰাও বঞ্চিত। আজি তেওঁলোকে খাছিলোকৰ মালিকৰ নামৰ মাটিত বহি থাকিবলগীয়া হৈছে। ১৯৭২ চনত মেঘালয়ে সুকীয়া ৰাজ্য লাভ কৰাৰ পাছত ৰাজ্যখনত কোনো অসমীয়াই নতুনকৈ ভূমিৰ পট্টা লাভ কৰা নাছিল। আনকি অবিভক্ত অসমত থকাৰ সময়চোৱাতো গাঁও দুখনৰলোক সকলে ভূমিৰ পট্টা লাভ কৰা নাছিল।
মেঘালয় চৰকাৰে ১৯৭২ চনত উমচাওত ‘উমচাও–পাথাৰখামাহ চৰকাৰী প্ৰাথমিক বিদ্যালয়’ আৰু ১৯৭৫ চনত বাৰেগাঁৱত ‘উমচাও–বাৰেগাঁও চৰকাৰী প্ৰাথমিক বিদ্যালয়’ দুখনকৈ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান স্থাপন কৰিছিল। বিদ্যালয় দুখনত অসমীয়াৰ লগতে খাছি ভাষাতো পাঠ্যক্ৰম আগবঢ়াইছিল। সেয়ে ছাত্ৰ–ছাত্ৰীসকলে অসমীয়া–খাছি দুয়োটা ভাষাতে শিকিব পৰিছিল। ইপিনে প্ৰাথমিক স্তৰ পাৰ হোৱাৰ লগে লগে কোনোবাই মেঘালয়ত আৰু কোনোবাই অসমলৈ আহি ইংৰাজী আৰু অসমীয়া মাধ্যমত পঢ়া–শুনা কৰিছিল। ভাষাৰ ক্ষেত্ৰত স্থানীয় খাছি ছাত্ৰ–ছাত্ৰীতকৈ অসমীয়া ছাত্ৰ–ছাত্ৰীসকলে এটা ভাষা বেছিকৈহে জানিছিল।
প্ৰায় ১৯৯৫ চনৰ পৰা মেঘালয় চৰকাৰে অসমীয়া ভাষাটোক এলাগী কৰিবলৈ লৈছিল। উমচাও–পাথাৰখামাহ প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক চাবুক সিং ৰাভাৰ অৱসৰৰ পিছত চৰকাৰীভাৱে নতুনকৈ অসমীয়াৰ শিক্ষক নিযুক্তি দিয়া নাছিল। ইপিনে উমচাও–বাঢ়ৈগাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকগৰাকীকো প্ৰায় ১৯৯৫ চনত স্বেচ্ছামূলক অৱসৰ প্ৰদান কৰিছিল।
সিমানেই নহয় প্ৰায় ২০০০ চনৰপৰা মেঘালয় চৰকাৰে ৰাজ্যখনৰ অসমীয়া অধ্যুসিত অঞ্চলৰ বিদ্যালয় সমূহৰ অসমীয়া মাধ্যম উঠাই দি অসমীয়া ভাষা বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিছিল। আনহাতে, বিদ্যালয় সমূহৰ পৰা অসমীয়া শিক্ষকক আঁতৰাই দিছিল। তেতিয়াৰেপৰা অকল উমচাও–বাৰেগাঁও নহয় সমগ্ৰ ৰাজ্যখনৰ অসমীয়া ছাত্ৰ–ছাত্ৰীসকল নিজ মাতৃভাষাটোৰপৰা বঞ্চিত হৈ পৰিছিল।
উল্লেখনীয় যে দুয়োখন গাঁৱৰ ৰাইজ লগলাগি ১৯১০ চনত শ্ৰীশ্ৰীকলীয়া ঠাকুৰ নামঘৰ (গোসাঁই) স্থাপন কৰিছিল। সেই নামঘৰতে দুয়োখন গাঁৱে অসমীয়াৰ প্ৰতিটো উৎসৱ, পাৰ্বন উদযাপন কৰি আহিছে। বিশেষকৈ ৮ ব’হাগত উদযাপিত সুৱৰী উৎসৱত বিহু, বগেজাৰী, বহুৰাঙী আদি নৃত্য–গীতৰ সমাহাৰ ঘটে।
এইবাৰৰ সুৱৰী উৎসৱত অসম চৰকাৰৰ সদ্য অৱসৰপ্ৰাপ্ত অসম অসামৰিক প্ৰশাসনীয় সেৱা বিষয়া দিনমণি দাস, অৱসৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ ৰাজেন কলিতা আৰু গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী দেৱ কুমাৰ ডেকাই উপস্থিত থাকি ৰাইজলৈ ধৰ্ম পুথি আগবঢ়াইছিল। চুবুৰীয়া ৰাজ্য এখনত বসবাস কৰা নিজৰ মানুহৰ সৈতে বিশেষ দিন এটাত ভাববিনিময় কৰি অৱসৰপ্ৰাপ্ত বিষয়াদ্বয় অতিশয় আনন্দিত হোৱা বুলি এই প্ৰতিবেদকৰ আগত ব্যক্ত কৰিছিল।
উল্লেখ্য যে ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ২০১৮ বৰ্ষত জিৰাং সমষ্টিৰ বিধায়কগৰাকীয়ে নামঘৰটোৰ চৌহদৰ দেৱাল নিৰ্মাণ কৰি দিছিল। কিন্তু ধৰ্ম চৰ্চাৰে আমাক একত্ৰিত কৰি ৰখা মূল কেন্দ্ৰ নামঘৰ আৰু ভঁৰাল ঘৰৰ টিনৰ চালি সমুহ জহি খহি যাবলৈ ধৰিছে– এই কথা দুখেৰে জনাইছিল দুয়োখন গাঁৱৰ ৰাইজে।
এইক্ষেত্ৰত সহায়ৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান জনাইছে উমচাও–বাৰেগাঁৱৰ ৰাইজ গয়ৰহৰ সভাপতি সুৰেণ ৰাভা আৰু সম্পাদক ভদ্ৰেশ্বৰ ৰাভা, নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সুৰেন ছিনাল, সম্পাদক শুক্লেশ্বৰ দীয়া, ডাকুৱা ঘেতোৰাম মেগো, ধন ভৰালী হৰি ফাথো, বাৰিকা তবিত দীয়া, উমচাও মহিলা সমাজৰ সভানেত্ৰী জিতুমণি নংবাক, প্ৰাক্তন সভানেত্ৰী বাসন্তী ৰাভা আৰু সম্পাদিকা ৰঞ্জিতা মেগোই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান জনাইছে প্ৰাথমিক বিদ্যালয় দুখনত পূৰ্বৰ দৰে অসমীয়া ভাষা শিকিব পৰা ব্যৱস্থা এটা কৰি দিবৰ বাবেও।
যিহেতু মেঘালয়ৰ বিদ্যালয় সমূহত অসমীয়া ভাষা এতিয়াও বিষয় হৈয়েই আছে তেনেক্ষেত্ৰত দুখন প্ৰাথমিক বিদ্যালয়ৰ কাৰণে দুজন অসমীয়া শিক্ষক নিযুক্তিৰ ব্যৱস্থাৰ বিষয়ে অসম চৰকাৰে মেঘালয় চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে বিষয়টো সমাধান বিচাৰিছে। দুয়োখন গাঁৱৰ অসমীয়া ৰাইজৰ দৃঢ বিশ্বাস যে অসমৰ জনপ্ৰিয় আৰু কৰ্মঠ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিব নোৱাৰা কাম একো নাই। তেনেক্ষেত্ৰত নামঘৰৰ অৰ্থ সাহাৰ্য লগতে অসমীয়া বিষয় শিক্ষকৰ ব্যৱস্থা অতিসোনকালে লাভ কৰিব বুলিও চুবুৰীয়া ৰাজ্যখনৰ অসমীয়ালোক সকল অধিক আশাবাদী।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ