Monday, June 30, 2025
HomeARTICLEভেদবাদৰ ফচল

ভেদবাদৰ ফচল

প্ৰকাশিত তাৰিখঃ ৩০ জুন, ২০২৫

কল্প ৰঞ্জন গগৈ –

বস্তু– বিশেষকৈ জীৱলগা বস্তুৰ বিকাশৰ বাবে লাগে এক মুক্ত পৰিৱেশ। চক্ৰেটিছ, গেলিলিও আদিৰ দৰে মহান দাৰ্শনিকসকলে প্ৰশ্ন কৰিবলৈ নিশিকা হ’লে জ্ঞানৰ বিকাশ হোৱা অসম্ভৱ। বুদ্ধই জ্ঞানৰ শৰণাপন্ন হৈ সংঘৱদ্ধ সাধানা– অনুশীলন কৰিবলৈ নোকোৱা হ’লে পৃথিৱীৰ মানুহ নিৰ্বোধ হৈয়ে থাকিলহেতেন। পৰমেশ্বৰৰ সৃষ্টি চয়তানে মানুহ বিৰোধী কাম কৰিবলৈ শিকোৱা চয়তানৰ শিষ্যসকলে সক্ৰিয় হৈ থকা বাবে আজি বিশ্বৰ অগ্ৰগতিৰ পথত হেজাৰ–বিজাৰ গতিৰোধক। বিজ্ঞানৰ আৱিস্কাৰ সমূহ চয়তান পন্থীসকলে অবাটে লৈ যোৱাৰ ফলত বিশ্বৰ মানুহৰ চেতনা আজি থৰক–বৰক। পৰমাণুৰ শক্তি চয়তান পন্থীসকলে জনসাধাৰণ বিৰোধী কৰ্ম ধ্বংসৰ বাবে ব্যৱহাৰ কৰিছিল বিশ্ব যুদ্ধৰ সময়ত। আজিও এই শক্তিৰ ব্যৱহাৰৰ বিষয়ে অহৰহ হুংকাৰ দি আছে যুদ্ধবাদীসকলে। জনসাধাৰণক বিকাশৰ চিন্তাৰ পৰা বিচ্যুত কৰি যুদ্ধৰ প্ৰতি, হিংসাৰ প্ৰতি লালায়িত কৰিবলৈ।

বিশ্বৰ মণিষীসকলে মানুহৰ ভিতৰত সুপ্ত হৈ থকা হিংস্ৰতাক মানুহৰ কল্যাণকামী শক্তিলৈ ৰূপান্তৰিত কৰিবলৈ জ্ঞানৰ সাধনৰ কাৰণে দিহা দি গৈছিল। সেয়ে দ্বিধাহীনভাৱে ক’ব পৰা যায় যে সঠিক অধ্যয়নেহে মানুহক বান্দৰৰ পৰা অধিক মানুহলৈ ৰূপান্তৰ কৰিব পাৰে। ৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদে কৈছিল– ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, এয়ে মোৰ গায়ন্ত্ৰী মন্ত্ৰী। আজি সময়ৰ দ্ৰুত পৰিৱৰ্তনৰ সময়ত অধ্যয়নৰ প্ৰয়োজন অসীম, কিন্তু বৰ্তমানে চলি থকা গ্ৰন্থমেধ, জ্ঞানমেধ যজ্ঞৰ বাবে পৰিৱৰ্তন হৈছে যাৰ গৰিষ্ঠ সংখ্যাই নেতিবাচক।

মানুহ আৰু মানুহৰ মাজত যোগাযোগৰ মাধ্যম ফেচবুকৰ সিংহভাগ পৰস্পৰে পৰস্পৰক কৰা অশ্লীল বোমাবৰ্ষণৰ আধাৰ। সমাজৰ এই অৱক্ষয়ক ৰোধ কৰি সভ্যতাৰ সৰ্বচ্চ শিখৰলৈ লৈ যাবলৈ লাগিব এক কৰ্মী বাহিনী, মুক্তি বাহিনী।

আজি ওপৰৰ পৰা তৃণমূললৈ বাধাহীনভাৱে ৰাজনৈতিক অৱক্ষয়। আমাৰ দেশৰ দূৰ্বল অৰ্থনীতিৰ বাবে আৰু অৱক্ষয়ী ৰাজনীতিৰ বাবে ওপৰি সৌধত থকা সংস্কৃতিৰ অৱস্থাও দুখলগা। মুক্ত চিন্তা, মুক্ত চৰ্চাৰ ঠাইত বস্তাপঁচা সামন্তবাদী আৰু ঔপনিৱেশিক চিন্তা। কবিগুৰুৰ মতে এই ঔপনিৱেশিক পৰিস্থিতিৰ বাবে পূব–পশ্চিম একত্ৰিত হ’ব পৰা নাই। সামন্তবাদ–ঔপনিৱেশিকতাবাদৰ বাবে জাতিয়ে–জাতিয়ে, ধৰ্মই–ধৰ্মই বিভেদ। ভাতৰ বাবে, সংস্থান–সংস্থাপনৰ বাবে হ’বলগীয়া ডেকা শক্তি যুঁজৰ ঠাইত জাতৰ মাজত যুঁজে স্থান লৈছে। দেশ–সমাজৰ বিকাশৰ বাবে হ’বলগীয়া যুঁজ পৰিণত হৈছে সংকীৰ্ণ চিন্তাৰ ৰাজনৈতিক দলৰ মাজৰ যুঁজ।

বৰ্তমান সংবাদ মাধ্যমৰ যি দায়িত্ব– মানুহক নতুন চিন্তাৰ বাবে যুঁজৰ পৰিৱেশৰ ঠাই লৈছে অতীতমুখী চিন্তা–চেতনাৰ সংৰক্ষণৰ যুঁজ। আজি World Press Freedom Indexৰ মতে ১৮০খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১৫১। বিশ্বগুৰু হ’বপৰা ক্ষমতা থকা দেশখনৰ এই দুখলগা অৱস্থা।

১৮৯৩ চনত মাত্ৰ ৩০ বছৰ বয়সীয়া স্বামী বিবেকানন্দই চিকাগোত দিয়া ভাষণক এই বিশ্বগুৰু হ’ব পৰা সুপ্ত শক্তিৰ প্ৰকাশ বুলিব পৰা যায়। ভাৰতৰ মহান দৰ্শন বেদান্তৰ আধাৰত দিয়া ভাষণে স্বামীজীক ১৮৯৭ চনলৈ বিদেশত সক্ৰিয় কৰি ৰাখিছিল। ১৮৯৪ চনত নিউইয়ৰ্কত গঠন হৈছিল বেদান্ত সমাজ যি আজি একৈশ শতিকাতো সক্ৰিয়। আজিৰ ভাৰতবাসী ডেকা শক্তিয়ে ৪০ বছৰ বয়স নৌহওঁতেই ৪ জুলাই ১৯০২ চনত এৰি যোৱা স্বামীজীৰ শৈক্ষিক–আধ্যাত্মিক শক্তিৰ ওপৰত অধ্যয়ন কৰি তাক সম্প্ৰসাৰণ, অনুশীলনৰ ব্যৱস্থা কৰিব লাগে।

স্বামীজীৰ মৃত্যুৰ ৪৫ বছৰৰ পিছত ভাৰত সংঘ Indian Union বিভক্ত কৰি থৈ গৈছিল ইংৰাজে ভাৰত–পাকিস্তান হিচাপে। সেয়ে আমি স্বামীজীৰ উত্তৰসুৰী হিচাপে ভৱিষ্যতৰ ভাৰতবৰ্ষ বুলিলে ভাৰত সংঘ Indian Union বুলিহে বুজিব লাগিব।

আজি সমগ্ৰ বিশ্বই আধুনিকীকৰণৰ নামত যি পতনশীল পুঁজিবাদী, সাম্ৰাজ্যবাদী বিশ্বায়নক গ্ৰহণ কৰিছে। যি সমগ্ৰ বিশ্বক তৃণমূলৰ পৰিয়াললৈকে ভেদবাদক সম্প্ৰসাৰিত কৰিছে। যোৱা বছৰৰ ২৬–২৯ ফেব্ৰুৱাৰীলৈ আবুধাবীৰ পুনৰবিশ্বায়নৰ আলোচনাৰ ফলশ্ৰুতি হৈছে বৰ্তমানৰ বিশ্বৰ ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক পৰিস্থিতি।

আজি সকলো মুক্তি যুদ্ধ হ’ব ভেদবাদৰ সম্প্ৰসাৰণ আৰু অৰ্থ সৰ্বস্ব কাৰ্যসূচী। সুক্ষ্মভাৱে অসমৰ আন্দোলনবোৰ কৰিলে স্পষ্টভাৱে ওলাই পৰে জ্ঞান–প্ৰজ্ঞাবিৰোধী অসাংস্কৃতিক কাৰ্য, যি সমগ্ৰ জাতিটোকেই থানবান কৰি পেলালে। সঁচা কথাত ক’বলৈ গ’লে এই সকলো কাৰ্য আছিল ভেদবাদৰ ফচল (By Product) ভূগি আছো সকলোৱে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward