Saturday, September 13, 2025
HomeARTICLEতলাটো খোলক

তলাটো খোলক

প্ৰকাশিত তাৰিখঃ ৮ চেপ্টেম্বৰ, ২০২৫

কল্প ৰঞ্জন গগৈ –

এক বেচিজিল সময়ত বাস কৰিছোঁ আমি। আচৰিত নহ’ও এইবাবেই যে যেহেতু ৰাজনীতি আৰু অৰ্থনীতিৰ উপৰিসৌধ হৈছে সংস্কৃতি। যেহেতু বিশ্বৰ ৰাজনীতিৰ নিয়ন্ত্ৰণ কৰিছে ডুবন্ত বহুজাতিক নিগম সমূহে যাৰ ৰাজনৈতিক দৰ্শন নিজেই দেওলীয়া। সেয়ে দেওলীয়া সংস্কৃতিৰ ফলশ্ৰুতিয়েই হৈছে বেচিজিল সময়ক প্ৰতিনিধিত্ব কৰা অপসংস্কৃতি।

আমি আগবাঢ়ি গৈ আছো এক পণ্যমনস্ক ভোগবাদী পৃথিৱীলৈ। আমাৰ দৈনন্দিন জীৱনচৰ্চা, কৰ্মসংস্কৃতিৰ লগে লগে পঢ়াশুনা–অধ্যয়ন আৰু অনুশীলনৰ ধৰণ–কৰণ, ভোগৰ সামগ্ৰীৰ আহৰণ আৰু উপভোগৰ পদ্ধতি এই সকলোবোৰে গতি কৰিব এক নতুন সাংস্কৃতিক পৰিমণ্ডললৈ। য’ত পুঁজি, লাভালাভ বজাৰে গঢ় দিব এক নতুন জীৱনবোধ। বজাৰখনেই নিয়ন্ত্ৰণ কৰিব নতুন প্ৰজন্মক। বৰ্তমানৰ যি অসমতা আমাৰ মধ্যশ্ৰেণীয়ে (Middle Class) মানি ল’বলৈ আগবাঢ়িছে, ইয়াত ব্যক্তিকেন্দ্ৰীকতা–আপোচ আদি হৈ পৰিছে মধ্যশ্ৰেণীৰ সংস্কৃতি। সেয়ে এই বেচিজিল শিল্প, সাহিত্য–সংস্কৃতি কাৰো প্ৰতি কাৰো দায়ৱদ্ধতা নাই।

ৰাষ্ট্ৰ নিজেই হৈ পৰিছে দেশ তথা সমাজৰ শত্ৰু। মুক্ত চিন্তাৰ স্থান নাই। সাহিত্যিকসকল নিজৰ ভাৱত মগন। মতিচ্ছন্ন মানুহে প্ৰশ্ন কৰিবলৈ পাহৰি গৈছে। কাৰণ বুৰঞ্জী–ভূগোলক ঔপনিৱেশিক শক্তিয়ে কৰি পেলালে থান–বান।

অসম নামৰ ভূখণ্ড ইষ্ট–ইণ্ডিয়া কোম্পানীয়ে ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি ইতিহাসক কৰি পেলালে থান–বান। আধুনিক সমাজবিদসকলৰ মতে ইতিহাসেই হৈছে প্ৰকৃত বিজ্ঞান। কাৰণ ইতিহাসতেই থাকে প্ৰকৃত তথ্য আৰু এই তথ্য বিশ্লেষণৰ পৰা মানুহে ৰচনা কৰে ইতিহাস।

অসমৰ সূৰ্য ড সূৰ্যকুমাৰ ভূঞাদেৱে অসম নামৰ ভূখণ্ডৰ ঐতিহাসিক সমলবোৰ গোটাই–পিতাই থৈ যোৱাৰ পিছতো আজিৰ একাংশ অসমীয়াই কিছু প্ৰশ্ন তুলি ব্ৰিটিছে কৰি যোৱা থান–বানখিনি পুনৰ খুচৰি এক জনগণ–বিৰোধী স্থিতি লৈ বিভ্ৰান্ত কৰিব বিচাৰিছে। এই ভণ্ড, মিছলীয়া, লোভী, অশিক্ষিত, ভয়াতুৰ মধ্যশ্ৰেণীৰ লোকসকল এসময়ৰ বগা বঙালৰ ভক্ত সুবিধাবাদী, সুবিধাভোগী যি বগা বঙালে দি যোৱা নেওঁতা অনুসৰি আমাক দীক্ষা দিছে।

সেয়ে সূৰ্য্যকুমাৰ ভূঞাই স্পষ্টভাৱে লাচিত, বাঘ হাজৰিকা, শৰাইঘাটৰ বিৱৰণ দি যোৱাৰ পিছতো বাঘ হাজৰিকাৰ অনুসন্ধানত নামি পৰিছে– আহোম নামৰ প্ৰশাসন–সংস্কৃতিক কাঠগড়াত তুলি বৰভেটি ভাঙিব বিচাৰিছে।

জ্ঞাতি লোকেশ্বৰ গগৈয়ে অসম ফুটবলৰ ইতিহাসৰ পমখেদি খাকান আহমদৰ দৰে প্ৰখ্যাত ফুটবলাৰজনৰ বংশলতিকাত পাইছে যে তেওঁ বাঘ হাজৰিকাৰ দ্বাদশ বংশধৰ। জ্ঞাতি মুকুট শৰ্মাই ডিব্ৰুগড়ৰ জিলা কৃষি বিষয়া এ এন চালেহ উদ্দিন আহমদ হাজৰিকাৰ পৰা বাঘ হাজৰিকা, ইছমাইল চিদ্দিকিৰ (১৬৪০–১৭০৫) বংশৰ বিৱৰণ সংগ্ৰহ কৰি তুলি ধৰিছে। অসম ফুটবলৰ প্ৰথম প্ৰকাশ ২০০৫ খ্ৰীষ্টাব্দ আৰু মুকুট শৰ্মাৰ বাঘ হাজৰিকাৰ অনুসন্ধান– ২০২২ খ্ৰীষ্টাব্দ। ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীৰ পৰা মতিভ্ৰষ্ট হোৱা মধ্যশ্ৰেণীৰ অসমীয়া আজি Illy Motivated। কুতৰ্কত বিভোৰ।

আমাৰেই জ্ঞাতি–সতীৰ্থ সদিচ্ছাবাদী ড জীতেন দাসৰ মতে– কেৱল তথ্য ইতিহাস নহয়, তথ্যৰ বিশ্লেষণহে ইতিহাস। অসমৰ ইতিহাসৰ তথ্যৰ ভাণ্ডাৰ খুচৰি বৰ্তমানৰ বেচিজিল সময় অতিক্ৰম কৰিব লাগিব আজিৰ লগতে ভৱিষ্যতৰ অসমীয়াই।

নিজৰ বন্ধ কোঠাৰ তলা খুলি ওলাই আহি শ্ৰীমন্ত শংকৰ–মাধৱ–গোপাল–অনিৰূদ্ধসকলে দি যোৱা নামঘৰত মায়া–মোহ মাৰি এক মতেৰে জ্যোতি–বিষ্ঞু–ভূপেনৰ পথেৰে আজিৰ অসমীয়াই কথা পাতিবলৈ শিকিব লাগিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward