প্ৰকাশিত তাৰিখঃ ১৫ চেপ্টেম্বৰ, ২০২৫
কল্প ৰঞ্জন গগৈ–
পৃথিৱীৰ আধিপত্যগামী শক্তিয়ে ধনতন্ত্ৰ সংকটৰ পৰা ৰক্ষা পাবলৈ মানুহে মানুহক ঠগ–প্ৰৱঞ্চনাৰে আঁজুৰি খোৱাৰ যিমানেই বজাৰকেন্দ্ৰীক সভ্যতাৰ সৃষ্টি কৰিছে সিমানেই জাতিৰাষ্ট্ৰৰ অস্তিত্ব হৈছে বিপন্ন। সাম্ৰাজ্যবাদী লিপ্সুৰ (Global Intention) ফচল হৈছে ম’বাইল–টিভি–ইণ্টাৰনেট–কৃত্ৰিম বুদ্ধমত্তা তথা অজস্ৰ গণমাধ্যম। এই গণমাধ্যমৰ প্ৰৱাহ সঞ্চালনাৰ বাবে আবুধাবিত ২০২৪ খ্ৰীষ্টাব্দৰ ২৬–২৯ ফেব্ৰুৱাৰীলৈকে বিশ্ব বাণিজ্য সংস্থা বহিছিল। এই আলোচনাৰ বিষয় আছিল Re–Globalization– Better Trade for Better World। তাৰ প্ৰভাৱত বদলি হৈছে আমাৰ জীৱনচৰ্চ্চা–জীৱনচৰ্য্যা, কৰ্মসংস্কৃতিৰ ধৰণ, ব্যক্তিকেন্দ্ৰীক মানসিকতা– মানুহ–মানুহৰ সম্পৰ্কৰ সমীকৰণ ইত্যাদি। যাৰ ফলত অপৰাধৰ নতুন নতুন ধৰণ সৃষ্টি হৈছে। পুৰণি আদিম যুগৰ অপসংস্কৃতিৰ লগত নতুন ধনতান্ত্ৰিক অপসংস্কৃতি। ৰাষ্ট্ৰ হৈ পৰিছে বেপাৰী–বণিয়াৰ নিয়ন্ত্ৰণৰ দাস। আজিৰ দিনত অৰ্থোপাৰ্জন–অৰ্থব্যয়–অসাম্য–কোনোধৰণৰ গৰ্হিত কৰ্ম নহয়। মধ্যশ্ৰেণী অভ্যস্ত হৈ পৰিছে এই অসমতাৰে ভৰা সমাজ ব্যৱস্থাত য’ৰ পৰা সৃষ্টি হৈছে দূৰ্নীতি। ভণ্ড, মিছলীয়া, লোভী, অশিক্ষিত আৰু তাতোকৈ ডাঙৰ কথা ভয়াতুৰ মধ্যশ্ৰেণীৰ সমাজ Where everything goes সংস্কৃতিৰ নামত অপসংস্কৃতি। এইবোৰ ফলশ্ৰুতিহে End Result মূল কাৰণ Cause নহয়। ৰোগ নিৰাময়ৰ বাবে ইয়াৰ মূল চিকিৎসাৰ প্ৰয়োজন। ধনতান্ত্ৰিক অপসংস্কৃতিৰ পৰা নিৰাময়ৰ প্ৰয়োজন।
আমাৰ জ্ঞাতি লোকেশ্বৰ গগৈয়ে অসম ফুটবলৰ ইতিহাসৰ পমখেদি ২০০৫ চনতে লিপিৱদ্ধ কৰিলে– ফুটবল খেলুৱৈ–ইঞ্জিনীয়াৰ– গুৱাহাটীৰ চাহাবটিলাৰ নিবাসী খাকান আহমদ বাঘ হাজৰিকা ইছমাইল ছিদ্দিকীৰ দ্বাদশতম বংশ বুলি। ২০২২ চনত প্ৰকাশিত গ্ৰন্থত জ্ঞাতি মুকুট শৰ্মাই বাঘ হাজৰিকাৰ অনুসন্ধানৰ (Search) ফচল লিপিৱদ্ধ কৰিছে।
তৎসত্বেও ধনতন্ত্ৰৰ অপসংস্কৃতি আৰু ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীৰ ইৰাৱতী নৈৰ পাৰৰ চুক্তিখনে থানবান কৰি থৈ যোৱা মগজুৰ পৰা আজিৰ অসমীয়া মুক্ত নহয়। হ’ব পৰা নাই– আজিও।
সেয়ে আমি সদিচ্ছাবাদী সতীৰ্থসকলে কওঁ– তলা খুলি ওলাই আহক– কথা আছে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ