Sunday, June 7, 2026
HomeNEWSৰাণীত ১৭৫ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ বিশ্ব পৰিৱেশ দিৱসত গছপুলি ৰোপন

ৰাণীত ১৭৫ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ বিশ্ব পৰিৱেশ দিৱসত গছপুলি ৰোপন

প্ৰকাশিত তাৰিখঃ ৬জুন, ২০২৬

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীস্থিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১৭৫ বেটেলিয়ন কোম্পানীৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত ৫জুনত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। এই উপলক্ষে বাহিনীটোৰ বিষয়া, চেকচন বিষয়া আৰু জোৱানসকলে যৌথভাৱে শিবিৰ চৌহদ, কপিলী বনভোজস্থলী, ৰাণী ব্ল’ক লগতে অঞ্চলটোৰ বিভিন্ন স্থানত ফলমূল আৰু ছাঁ যুক্ত গছ পুলি ৰোপন কৰে।

উল্লেখ্য যে ১৭৫ বেটেলিয়নৰ কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাই এজোপা গছপুলি ৰোপন কৰি এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভন কৰে। গছপুলি ৰোপন কৰি কমাণ্ডেণ্টগৰাকীয়ে কয় যে ‘পৰিৱেশ ৰক্ষা কৰাটো কেৱল বিধিগত দায়িত্বই নহয়, ভৱিষ্যত প্ৰজন্মৰ প্ৰতি আমাৰ নৈতিক কৰ্তব্য। এজোপা গছ ৰোপণ কৰিলে ভৱিষ্যত প্ৰজন্মক জীৱন দিয়া হয়। প্ৰতিজন জোৱানেই এজোপা গছ পুলি ৰোপণ কৰি যত্নৰ দায়িত্বও ল’ব লাগে।’

এই গছপুলি ৰোপণ কাৰ্যসূচীত দ্বিতীয় কমাণ্ডিং বিষয়া মুকুন্দ মোহন, অমিত সিনহা, উপ–অধিনায়ক বিৰাট কুমাৰ সিং, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অজয় ​​কুমাৰ আৰু সহকাৰী অধিনায়ক এছ জেকচন সিং উপস্থিত থাকে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward