Saturday, June 27, 2026
HomeARTICLEৰাণীৰ চাংমা নগৰত পথ নিৰ্মাণঃ অসমৰ ভূমি আগ্ৰাসনৰ চেষ্টা মেঘালয়ৰ

ৰাণীৰ চাংমা নগৰত পথ নিৰ্মাণঃ অসমৰ ভূমি আগ্ৰাসনৰ চেষ্টা মেঘালয়ৰ

প্ৰকাশিত তাৰিখঃ ২৭ জুন, ২০২৬

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অসম–মেঘালয় আন্তঃৰাজ্যিক সীমাঞ্চলৰ ৰাণীৰ লগত সংযুক্ত হৈ আছে গড়ভাংগা, উলুবাৰী, পাহাম জিলা, নতুন গড়ভাংগা, ৰংমালী (নুমলিপথাৰ), মাটাং, জালুক পাহাম, কায়াং পথাৰ, ভালুকখোৱা, ডুম’পাহাম, নংটাৰীয়া, অৰব্লাং, ডেকাপথাৰ, আমৰিং, চাংমা নগৰ, নাৰলিং (নৰ্লং) আদি কৰি ১৬খনকৈ জনজাতি বসতি প্ৰধান পাহাৰীয়া গাঁও। আন্তঃৰাজ্যিক সীমান্তৰ অতি দূৰ্গম অঞ্চলত বসতি স্থাপন কৰা এই গাঁওকেইখনে যুগ যুগ ধৰি সীমাৰ প্ৰহৰী ৰূপে থিয় হৈ আছে। যদিও– অসম চৰকাৰে যুগ যুগ ধৰি ৰাস্তা–ঘাট, খোৱাপানী, স্বাস্থ্য, শিক্ষা ব্যৱস্থা উন্নয়নৰ ক্ষেত্ৰত এই গাঁওসমূহক গুৰুত্ব সহকাৰে লোৱা পৰিলক্ষিত হোৱা নাই। অসম চৰকাৰৰ চৰম অৱহেলাৰ পূৰ্ণ সুযোগ মেঘালয় চৰকাৰে গ্ৰহণ কৰিছে। বৰ্তমান মেঘালয়ে সীমান্তৱৰ্তী গাঁও সমূহত ৰাস্তা–ঘাটৰ উন্নয়ন লগতে খোৱাপানী, বিদ্যালয়, ম’বাইল টাৱাৰ স্থাপন, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড আদি সকলোবোৰ ব্যৱস্থা কৰি দিছে। চুবুৰীয়া ৰাজ্যখনৰ অতি কৌশলীপূৰ্ণ কাৰ্যৰ ফলত এতিয়া অসমৰ অৱহেলিত গাঁৱৰলোক সকলে মেঘালয় চৰকাৰকহে অধিক সমৰ্থন আগবঢ়াই অহা দেখা গৈছে। সেই সুবাদত সীমান্তৰ বহুকেইখন গাঁৱৰ লোক বৰ্তমান অসমৰ লগতে মেঘালয় চৰকাৰখনকো পূৰ্ণ সহযোগ আগবঢ়াবলৈ লৈছে।

ৰাণীৰ পৰা ১৫কিলোমিটাৰ দূৰৈৰ চাংমা নগৰ অসমৰ তেনে এখন গাঁও। য’ত একেখন গাঁও, একেখিনি মানুহ অসমৰো আনহাতে মেঘালয়ৰো। বৰ্তমান চাংমা নগৰ গাঁওখন মেঘালয় গেজেটত ৰি–ভয় জিলাৰ জিৰাং সমষ্টিৰ অন্তৰ্গত উমচালিয়াং নামেৰে লিপিৱদ্ধ হৈ আছে। গাঁওখনৰ নাম অসমত চাংমা নগৰ আৰু মেঘালয়ত উমচালিয়াং। চাংমা নগৰ ভিতৰি ভিতৰি মেঘালয় প্ৰশাসনৰ স্বীকৃত গাঁও হৈ থকা বাবে সেইখন ৰাজ্যৰ চৰকাৰে বহুখিনি উন্নয়নমূলক কাম–কাজ ৰূপায়ন কৰি আহিছে।

ইপিনে– গাঁওখনৰলোক সকলে অসমৰ লোকসভা, বিধান সভা, পঞ্চায়ত আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিটো নিৰ্বাচনতে ভোটদান কৰি আহিছে। গাঁওখনৰলোক সকলৰ ভোটাৰকাৰ্ড, পানকাৰ্ড, আধাৰ কাৰ্ড আদি নথিপত্ৰ অসমৰ আছে। কিন্তু সেই নথিপত্ৰ বোৰৰ ব্যৱহাৰ লাহে লাহে হ্ৰাস কৰি আনিছে।বৰ্তমান যুৱ প্ৰজন্মই অসমৰ ভোটাৰ কাৰ্ড, পানকাৰ্ড, আধাৰ কাৰ্ড ব্যৱহাৰৰ প্ৰতি একেবাৰে আগ্ৰহী নহয়। তাৰ সলনি নথিপত্ৰ সমূহ পোনপটীয়াকৈ মেঘালয়ৰ পৰাহে যুগুত কৰি লয়।

উল্লেখনীয় যে সীমান্তৰ সেইখন চাংমা নগৰ গাঁৱতে মেঘালয় চৰকাৰে এটি পথৰ নতুন নিৰ্মাণ কাৰ্য চলাই আছিল। চাংমা নগৰত মেঘালয়ে পথৰ নিৰ্মাণ কাৰ্য চলাই থকাৰ খবৰ অসমৰ প্ৰশাসনে লাভ কৰিছিল। এই খবৰৰ ভিত্তিত ২৩ জুনত পলাশবাৰী ৰাজহ চক্ৰ বিষয়া ড অংকিতা শৰ্মাই আৰক্ষী বাহিনী লগত লৈ ঘটনাস্থলীত উপস্থিত হৈছিল। চক্ৰ বিষয়া গৰাকীয়ে স্ব–চক্ষে দেখিছিল মেঘালয়ে চলাই থকা পথৰ নিৰ্মাণ কাৰ্য। উক্ত পথ নিৰ্মাণৰ ক্ষেত্ৰত অসমৰ পৰা কিবা নিৰ্দেশনা আছে নেকি, জানিব বিচাৰে। এই সন্দৰ্ভত মেঘালয়ৰ কৰ্তৃপক্ষই অসমৰ জিলা আয়ুক্তৰ সৈতে কথা পতা বুলি জানিব দিয়ে। চক্ৰ বিষয়া গৰাকীয়ে লগে লগে কামৰূপ জিলা আয়ুক্তৰ সৈতে সংযোগ স্থাপন কৰে। কিন্তু মেঘালয়ে পথ নিৰ্মাণৰ ক্ষেত্ৰত অসমৰ সৈতে কোনো যোগাযোগ কৰা নাই বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰ পাছত চক্ৰ বিষয়াগৰাকীয়ে মেঘালয়ৰ অবৈধ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়াত মেঘালয় প্ৰশাসনে সেই নিৰ্দেশ পালন কৰাৰ আশ্বাস দিয়ে।

উল্লেখ্য যে ২৪ জুনত পলাশবাৰী সমজিলা আয়ুক্ত ভাস্কৰ কলিতা, সমজিলা আৰক্ষী অধীক্ষক ডেইজী গগৈ, ৰাজহ চক্ৰ বিষয়া ড অংকিতা শিৰ্মা সহিতে অসম চৰকাৰৰ প্ৰশাসনীয় দল এটি পুনৰ চাংমা নগৰত উপস্থিত হৈ মেঘালয় চৰকাৰৰ প্ৰশাসনীয় বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। এই সন্দৰ্ভত সমজিলা আয়ুক্তগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কৰা বক্তব্য অনুসৰি– সীমান্তৰ বৈঠক শান্তি–পূৰ্ণভাৱে সমাপ্ত হৈছে। মেঘালয় প্ৰশাসনে চাংমা নগৰৰ অবৈধ পথ নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। অসমৰ প্ৰশাসনে সীমান্তৱৰ্তী গাঁওবাসীৰ সমস্যা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিব।সীমা সন্দৰ্ভত প্ৰয়োজন হ’লে দুয়োখন চৰকাৰে মিলিত হৈ উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward