প্ৰকাশিত তাৰিখঃ ১৫ জুলাই, ২০১৬
চানডুবি নিউজ ব্যুৰ’–
অসমৰ নামবৰ–দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ মাটিকালি ৯৭.১৫ বৰ্গ কিলোমিটাৰ। গভীৰ অৰণ্যৰে পৰিবেষ্টিত বনাঞ্চলখনত এতিয়া হেনো বেদখলকাৰী আৰু চোৰাং কাঠ চোৰৰ দৌৰাত্ম্য। কাঠ চোৰৰ প্ৰকোপ বাঢ়ি যোৱাৰ লগেলগে খৰি সংগ্ৰহ কৰা মানুহৰ প্ৰৱেশো বাঢ়ি গৈছে। ফলত উদং হৈ পৰা উক্ত বনাঞ্চল সমূহত বেদখলকাৰীয়ে প্ৰৱেশ কৰাত সহজ হৈ পৰিছে।
উল্লেখযোগ্য যে, নামবৰ–দৈগ্ৰোংৰ অভয়াৰণ্যৰ মাজেৰে অতিক্ৰম কৰা ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথটোক ‘এছিয়ান হাইৱে নম্বৰ ৱান’ ৰূপে জনাজাত। ৰাষ্ট্ৰীয় পথছোৱাৰ দুয়োপাৰ ঘন অৰণ্যৰে পৰিপূৰ্ণ হ’লেও নাহৰবাৰী, ৰেৱমা, কৌৱানী প্ৰভৃতি এলেকাত ব্যাপক হাৰত অনুপ্ৰৱেশ অব্যাহত থকাৰ ফলত ঘন অৰণ্য এতিয়া উদং হৈ পৰিছে। ফলস্বৰূপে দাঁতি কাষৰীয়া অঞ্চলবোৰত দিনক দিনে বাঢ়ি গৈছে বনৰীয়া হাতীৰ উপদ্ৰৱ।
বৰ্তমান নামবৰ–দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত আনুমানিক দুশ–তিনিশটামান হাতী অৱস্থিতিৰ তথ্য পোৱা যায়। অৱশ্যে বাৰিষাকালত আবাসভূমিৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰাও হাতীৰ আগমণ ঘটে। অৰণ্যৰ গভীৰতা হ্ৰাস পোৱাৰ ফলত খাদ্যৰ সন্ধানত অভয়াৰণ্যখনৰ পৰা নিতৌ জনঅৰণ্যলৈ আগমণ ঘটে বনৰীয়া হাতীৰ। তেনে আগমণৰ ফলত চাহ বাগিচা অঞ্চলৰ দ’ খাৱৈত পৰি আঘাতপ্ৰাপ্ত হোৱা অথবা বিপজ্জনকভাৱে থকা বিদ্যুৎ পৰিবাহী তাঁৰত পৃষ্ট হৈ বহু হাতীৰ মৃত্যু ঘটাৰ নজিৰ আছে। যোৱা এটা দশকত এনেদৰে ত্ৰিশটাৰো অধিক হাতীৰ মৃত্যু ঘটাৰ ফলত এতিয়া জাকবোৰত দঁতাল হাতী নোহোৱা হৈছে বুলি বিভিন্ন সংবাদত প্ৰকাশ। দঁতাল হাতী পোৱালীৰ জন্ম হ’লেও সিহঁতবোৰৰ ভৱিষ্যত সংকট মুক্ত বুলি ক’ব নোৱাৰি।
অৰণ্যখনত চোৰাং কাঠ বেপাৰীয়ে ব্যাপক হাৰত কৰা বন ধ্বংসৰ ফলত বনৰীয়া হাতীৰ খাদ্য সংকটে দেখা দিছে। অকল হাতীয়ে খাদ্য সংকটত পৰা নাই সংকটত পৰিছে শড় পহু, সুগৰি পহু, মেঠোন আদি অন্যান্য জীৱ-জন্তু সমূহো। অতি দুখজনকভাৱে অভয়াৰণ্যখনৰ কৌৱানি, সুৰসুৰীয়া এলেকাতহে সিহঁতৰ অৱস্থিতিৰ কথা জনা যায়।
সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে– ১৮টাকৈ অবৈধ কাঠফলা কল হেনো চলি আছে নামবৰ–দৈগ্ৰোং বনাঞ্চলৰ মুল্যবান কাঠেৰে। নামত বন বিভাগ আছে যদিও এইসকলো কাণ্ড নেদেখাৰ ভাওজুৰি অৰণ্য ধ্বংসত সাৰপানী যোগোৱাৰ অভিযোগত অভিযুক্ত এই বিষয়া-কৰ্মীসকল। আনকি বিভাগীয় কোনো ছীল–মোহৰ অবিহনে প্ৰকাণ্ড প্ৰকাণ্ড কাঠৰ কুণ্ডা সৰবৰাহ হৈ আছে বৈধ নথিপত্ৰৰে চলিথকা অন্যান্য কাঠফলা কল সমূহত।
আনহাতে, অভয়াৰণ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিসমূহ এচামলোকে আৱৰ্জনা পেলোৱা ডাষ্টবিনত পৰিণত কৰিছে। সুযোগ–সুবিধা লৈ তেওঁলোকে গেলা-পচা আলু, ঘোলা কণী, পলিথিন বেগ, থাৰ্মকল আদি আৱৰ্জনা পেলাই বনাঞ্চলৰ সমগ্ৰ পৰিৱেশ কদৰ্যময় কৰি তুলিছে।
ইফালে, বসন্তকালত ভিন্নৰঙী অৰ্কিডে শোভাবৰ্ধন কৰে নামবৰ–দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ ঘাইপথৰ দুয়োপাৰ। বনাঞ্চলৰ মাজেদি যাতায়ত কৰা যান-বাহনসমূহৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষৰ নাই কোনো নিয়ন্ত্ৰণ ব্যৱস্থা। তাৰেই সুযোগ এচাম লোকে গ্ৰহন কৰাত এতিয়া বনাঞ্চলখনৰ অৰ্কিড চুৰিৰ দৰে ঘটনাও বাঢ়ি গৈছে ব্যাপক হাৰত।
শিৰোনামৰ ছবিঃ গুগল ইমেজ
Photo Courtsey: Google Image