Tuesday, April 30, 2024
Homeবাতৰিটেঙাপানী গাঁৱৰ দুখ–দূৰ্দশা

টেঙাপানী গাঁৱৰ দুখ–দূৰ্দশা

প্ৰকাশিত তাৰিখঃ ১৪ জানুৱাৰী, ২০১৯

 

চি এন ডেক্স

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ গাতে লাগি থকা তথা অসমৰ তিনিচুকীয়া জিলাৰ অন্তৰ্গত এখন গাওঁ ‘টেঙাপানী’। জিলাখনৰ ছৈখোৱা উন্নয়ন খণ্ডৰ হাঁহখাটী গাওঁ পঞ্চায়ত এলেকাধীন এই গাওঁখন। ৮৬ ঘৰ লোকেৰে পৰিপূৰ্ণ গাওঁখনত নাই কোনো উন্নত যোগাযোগ ব্যৱস্থা। চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা অৱহেলিত এই গাওঁখনৰ বাসিন্দাসকল আজি অসন্তুষ্ট হৈ পৰিছে ৰাজ্যৰ প্ৰশাসনৰ ওপৰত।

উল্লেখ্য যে, ১৯৯২ চনত ন–দিহিং নদীয়ে ডিৰাক চুমনি মথাউৰি ভাঙি দিয়াৰ ফলত টেঙাপানী গাওঁখনৰ ভৌগোলিক পৰিৱেশো সম্পূৰ্ণৰূপে সলনি হৈছে। ইয়াৰ ফলত ওচৰ চুবুৰীয়া গাওঁ থাপাবাৰী, মচবাৰী আৰু ডিৰাকমুখৰ সৈতে টেঙাপানীৰ পথ যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিল। সেই দিনৰ পৰাই গাওঁখনৰ উন্নয়নমূলক কাম–কাজত ইতি পৰিল।

অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ পৰা নামি অহা খৰস্ৰোতা নদীৰ পানীয়ে গাওঁখনৰ সকলো যোগাযোগ ব্যৱস্থা বিকল কৰি দিয়ে। এই খৰস্ৰোতা নদীৰ ওপৰত নাই কোনো দলং। যমৰ যাতনা ভোগ কৰি অহা গাওঁবাসীৰ যাতায়তৰ একমাত্ৰ মাধ্যম হ’ল টুলুঙা নাওঁ। এই নাৱেৰেই গাওঁখনৰ বাহিৰত থকা উচ্চ প্ৰাথমিক বিদ্যালয়লৈ ছাত্ৰ–ছাত্ৰীসকল অহা–যোৱা কৰে, ৰোগীসকলক অনা–নিয়া কৰে।

প্ৰায় দুই শতাধিক ভোটাৰ থকা টেঙাপানী গাওঁখনত নাই হেনো এটি সুকীয়া পঞ্চায়ত ৱাৰ্ড। চুবুৰীয়া ডিৰাকমুখ ৱাৰ্ডতে অন্তৰ্ভুক্ত কৰি থৈছে এই গাওঁখনক। ৱাৰ্ড সদস্যগৰাকীয়ে টেঙাপানী গাওঁখনৰ উন্নয়নৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে বুলি গাওঁবাসীৰ দীৰ্ঘদিনীয়া অভিযোগ প্ৰকাশ পাইছে।

বিজুলী সংযোগটো দূৰৈৰ কথা আনকি টেঙাপানী গাওঁখনত নাই এটাও পকীঘৰ। অৱশ্যে ইন্দিৰা আৱাস যোজনাৰ অধীনত যি দুটা ঘৰ লাভ কৰিবলৈ সক্ষম হৈছিল তাৰ নিৰ্মাণকাৰ্য আজিলৈকে সম্পূৰ্ণ নহ’ল।

যুগ যুগ ধৰি যাতনা ভোগ কৰি অহা টেঙাপানী গাওঁবাসীয়ে ৰাজ্য চৰকাৰৰ প্ৰতি দাবী জনাইছে– ন–দিহিং নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে। চৰকাৰে ঘোষণা কৰা আঁচনিসমূহ টেঙাপানী গাঁৱতো ৰূপায়ন কৰক। যদি বছৰৰ পিচত ধৰি টেঙাপানীক উন্নয়নৰ পৰা বঞ্চতি কৰি ৰাখে তেনেহ’লে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সৈতে চামিল হোৱাৰ বাবে চিন্তা–চৰ্চ্ছা কৰিম বুলিও গাওঁবাসীয়ে ভাবুকি দিয়া বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward