Tuesday, April 30, 2024
HomeARTICLEঅসমত মাধ্যমিক স্তৰত তৃতীয় পৰ্যায়ৰ শিক্ষক নিযুক্তি 

অসমত মাধ্যমিক স্তৰত তৃতীয় পৰ্যায়ৰ শিক্ষক নিযুক্তি 

প্ৰকাশিত তাৰিখঃ ১৯ মাৰ্চ, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

অসম চৰকাৰে ৰাজ্যখনৰ মাধ্যমিক শিক্ষানুষ্ঠান সমূহত খালী হৈ থকা শিক্ষকৰ পদ সমূহ পুৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত চৰকাৰে তৃতীয় পৰ্যায়ৰ নিযুক্তিৰ বাবে ইতিমধ্যে ৭ হেজাৰ শিক্ষকৰ পদ পুৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। সেই অনুসৰি– বিগত ২৮ ফেব্ৰুৱাৰীৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। জানিবপৰা মতে– চৰকাৰে এই খালী পদ সমূহ পুৰণৰ বাবে নিযুক্তিৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে, ৰাজ্যখনত পূৰ্বে টেট উত্তীৰ্ণ প্ৰায় ২হেজাৰ প্ৰাৰ্থীয়ে এতিয়াও নিযুক্তি লাভ কৰা নাই। চৰকাৰী নিয়ম অনুসৰি সেইসকল প্ৰাৰ্থীয়ে শিক্ষক পদৰ চাকৰিৰ বাবে কেইবাবছৰ আগতে আবেদন কৰিও থৈছে। যদিও– পূৰ্বৰ আবেদনকাৰী সকলৰ ভিতৰত বহুকেইজন প্ৰাৰ্থীয়ে দ্বিতীয় পৰ্যায়ত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। অতি দুখৰ খবৰ এয়ে যে– নিযুক্তি লাভ নকৰা প্ৰাৰ্থীসকলৰ কিছু সংখ্যকৰ বৰ্তমান চাকৰিৰ বয়স উকলি যোৱাৰো উপক্ৰম হৈছে।

অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল– পূৰ্বৰ আৰু বৰ্তমানৰ সকলোখিনি আবেদনকাৰীক একেলগে নিযুক্তি প্ৰদান কৰিলেও চৰকাৰৰ ঘোষণা অনুসৰি শিক্ষকৰ পদ পূৰণ নহয়। বিপৰীতে– সংৰক্ষণ, অসংৰক্ষণ আদি শ্ৰেণী ভিত্তিক নিযুক্তি প্ৰদান কৰিলে বৃহৎ সংখ্যক প্ৰাৰ্থী যে বঞ্চিত হ’ব সেয়া একপ্ৰকাৰ নিশ্চিত বুলি ক’ব পাৰি।

ৰাজ্যখনৰ শৈক্ষিক দিশৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত টেট উত্তীৰ্ণ সকলো প্ৰাৰ্থীক নিয়োগ নিশ্চিত কৰি বিদ্যালয় সমূহত শিক্ষকৰ অভাৱ পূৰ্ণ কৰাৰ ব্যৱস্থা কৰিব লাগে।

ইপিনে, সংৰক্ষণ, অসংৰক্ষণ আসন ভিত্তিৰ পৰিৱৰ্তে মানৱীয়তাৰ খাতিৰত সকলো প্ৰাৰ্থীকে এই নিযুক্তি প্ৰক্ৰিয়া প্ৰদান কৰিবলৈ টেট উতীৰ্ণ প্ৰাৰ্থীসকলে অনুৰোধ জনায়।    

আনহাতে, শিক্ষকৰ যোগ্যতা নিৰূপনৰ বাবে আয়োজন কৰি অহা টেট পৰীক্ষা সমূহ অহা দুবছৰলৈকে অনুষ্ঠিত নকৰে বুলি ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। যদিও, কেন্দ্ৰীয় চৰকাৰৰ চি টেট পৰীক্ষা সমূহ নিয়মীয়াকৈ চলি থাকিব। যিহেতু টেট অবিহনে শিক্ষকৰ চাকৰি লাভ কৰিব নোৱাৰে। সেয়ে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে নিযুক্তি প্ৰক্ৰিয়া নিৰপেক্ষভাৱে চালি–জাৰি চাবলৈ চৰকাৰৰ প্ৰতি আবেদন জনাইছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward