Tuesday, April 30, 2024
HomeARTICLEযুগৰ মাতৃ তুমি

যুগৰ মাতৃ তুমি

প্ৰকাশিত তাৰিখঃ ২০ মাৰ্চ, ২০২৩

কল্প ৰঞ্জন গগৈ –

যুগৰ মাতৃ তুমি। নাৰী দিৱস– নাৰীৰ মুক্তি সংগ্ৰাম অথবা মাতৃশক্তিৰ মুক্তিৰ বাবে যুদ্ধৰ দিন ইতিমধ্যে পাৰহৈ গ’ল। এই যুদ্ধখনৰ এক দীঘলীয়া ইতিহাস আছে। নাৰীৰ স্বাধীন সত্বাৰ দমনৰ বাবে পুৰুষতান্ত্ৰিক সমাজৰ বিভিন্ন প্ৰচেষ্টাৰ বিৰুদ্ধে নাৰীৰ এই জাগৰণ। ভাৰতবৰ্ষত কোৱা হৈছিল– নাৰী নৰকৰ দুৱাৰ আৰু স্ত্ৰী–শূদ্ৰই বেদ পঢ়িব নাপায়। সতীদাহ বুলি খৰিৰ দৰে জাপি দিয়া হৈছিল– গিৰিহঁতৰ চিতাত। ৰত্নাকৰ বাল্মিকীয়ে সীতাক সোণৰ বশ হিচাপে দেখুৱাইছিল নে সোণৰ বশ হোৱা সীতাক ৰাৱণে দখল কৰিব পাৰিলে বুলি বিপদ ঘণ্টা (Warning Bell) বজাইছিল। তাৰ উত্তৰ যিয়েই নহওক কিয় আমাৰ অসমত শ্ৰীমন্ত শংকৰদেৱে ১৫ শতিকাতে কৈছিল মাতৃ জাতি পূৰ্ণ আকাশ বুলি। সেয়ে মহিয়সী নাৰী কেতিয়াও শৰণীয়া নহয়। ৰজা শৰণৰ উপযুক্ত নহয় কাৰণ আহোম প্ৰশাসনীয় ব্যৱস্থাত গোহাঁই কেইজনে মিলি মেল চপাই ৰজাৰ হুকুম নাকচ কৰাৰ উপৰিও ৰজাক সিংহাসনচ্যুত কৰিবও পাৰিছিল। আদিম যুগৰ হ’লেও ই অসমৰ গণতন্ত্ৰক– মধ্যযুগৰ– ৰজা মুক্ত দাস ৰূপে তুলি ধৰে।

এই উন্নত প্ৰক্ৰিয়া মাৰ খালে কেতিয়া? আজি অসমৰ স্বাভিমানৰ যাত্ৰা আগবঢ়াই নিয়াৰ আগতে অসমীয়াৰ আত্মসমালোচনাৰ প্ৰয়োজন। সময়ৰ লগে লগে বিকশিত হৈ ই অসমীয়াক এক নতুন ৰূপ দিব লাগিছিল। অসমীয়াৰ স্বাধীনচিতীয়া সত্বাৰ উৎস ইয়েই। যাক আজি লাচিত– গদাধৰৰৰ নাম লোৱা সকলে ধ্বংস কৰি গৈ আছে।

এই স্বাধীন সত্বা নষ্ট হৈছিল ১৭৯২ চনত– ইয়াণ্ডাবুৰ ৩৪ বছৰ আগেয়ে। স্বৰ্গদেউ গৌৰীনাথৰ আমন্ত্ৰনত অহা কেপ্টেইন ৱেইলচৰ বাহিনীৰ আক্ৰমণত এই অসমীয়া সত্বা শেষ। ৮০ জন কৃষক ব্ৰিটিছৰ গুলিত শ্বহীদ। বাণিজ্যিক চুক্তিৰ সহায়ত ইংৰাজৰ শাসনৰ বুনিয়াদ নিৰ্মাণ আৰু লগে লগে অসম দখল লৰ্ড ক্লাইডৰ সহযোগী জগত শ্বেঠৰ দ্বাৰা। তাৰ পৰা ১৯৪৭ চনৰ ১৫ আগষ্টলৈ ইংৰাজৰ যুদ্ধ আৰু অসমীয়া প্ৰজাৰ প্ৰতিৰোধ।

এই শোকগাঁথা প্ৰতিজন অসমীয়াৰ মগজুত আছে– হৃদয়ত সোমাই আছে। প্ৰকাশ হৈছে ভিন্নৰূপত। কোনোবাই বুৰঞ্জীৰ বীৰ গাঁথাবোৰ তুলি ধৰিছে। কোনোবাই বুৰঞ্জীৰ প্ৰতি অনীহা প্ৰকাশ কৰিছে। কোনোবাই শোকগাঁথাবোৰ তুলি ধৰিছে। কোনোবাই কিনো লাভ হ’ব বুলি এৰাই চলিব বিচাৰিছে। পাহৰি গৈছে যে বহুত্ববাদী দৃষ্টিৰেহে বিকাশ সম্ভৱ। পাহৰি গৈছে যে শ্ৰীমন্ত শংকৰদেৱে সমাজখনৰ আদিমতাক নাকচ কৰি পৰিমাণগত পৰিৱৰ্তনক গুণগত পৰিৱৰ্তনলৈ লৈ গৈছিল।

শ্ৰীমন্ত শংকৰদেৱৰ বাণী সাৰোগত কৰি ইয়াৰ নাৰীক এক স্বাধীন সত্বা ৰূপে হ’বলৈ ইয়াৰ পুৰুষে সহায় কৰিব লাগিব। ভৰিৰ লগতে মন আৰু মগজুৰ শিকলি চিঙি পেলাবলৈ মাতৃ শক্তিয়ে সাধনা কৰিব লাগিব।

আমাৰ আইতাহঁতে বেমাৰৰ জনি বা মূল কাৰণ ধ্বংস কৰাৰ কথাহে কৈ গৈছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward