Friday, March 29, 2024
HomeARTICLEঅগ্ৰণী সংবাদ

অগ্ৰণী সংবাদ

প্ৰকাশিত তাৰিখঃ ১৬ অক্টোবৰ, ২০২১

দক্ষিণ কামৰূপত হিন্দুমুছলমানৰ সমন্বয়ত দুৰ্গাপূজা পালন

চি এন ডেস্ক

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ ২নং চিমিনা চৰত এইবাৰ পুনৰ পালন কৰিছে দুৰ্গাপূজা। ১৯৬০ চনৰপৰাই গাঁওখনত দুৰ্গাপূজা পালন কৰি আহিছিল। কিন্তু ব্ৰহ্মপুত্ৰৰ বুকুত গাঁওখন জাহ যোৱাত পূজাস্থলী তিনি কিলোমিটাৰমান নিলগৰ মকাধূজ–ধলিপাৰলৈ স্থানান্তৰিত কৰিলগীয়া হয়। পূজাস্থলী যিদিনাৰপৰা স্থানান্তৰিত কৰিছে সেইদিনধৰি আজিলৈকে এই স্থানতে আয়োজন কৰি আহিছে। নদীৰ বুকুত চিমিনা চৰ ৰূপে  পুনৰ উদ্ধাৰ হোৱাত তাত গাঁওপাতি বসবাস কৰিবলৈ লৈছে। য’ত হিন্দুলোকৰ প্ৰায় ৫০টা আৰু মুছলিমলোকৰ ৩০০টা পৰিয়াল আছে। মুছলিমৰ মদজিতৰ বিপৰীতে হিন্দুৰো নিৰ্মাণ হৈছে সত্ৰ। গাঁওখনত মুছলিম পৰিয়ালৰ সংখ্যাই অধিক যদিও হিন্দু পৰিয়ালক কেতিয়াও অকলশৰীয়া অনুভৱ কৰিব দিয়া নাই। হিন্দু–মুছলমান উভয়ে মিলাপ্ৰীতিৰে বসবাস কৰি আছে। এইবাৰ হিন্দু–মুছলিম উভয়ৰে সহযোগত পুনৰ আৰম্ভ কৰিছে দুৰ্গাপূজা। মূৰ্তি অবিহনে ঘট পূজাৰে আয়োজন কৰা দূৰ্গাপূজাত মুছলিমৰ সহযোগ সঁচাকৈয়ে স্বীকাৰ কৰিবলগীয়া। দেশত চলি থকা হিন্দু–মুছলিমৰ ভেদাভেদে শীৰ্ষ ৰূপ ধাৰণ কৰা সময়ত অসমৰ এটা চুকত দাঙিধৰা নিদৰ্শনে দেশলৈ নিশ্চয় সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াব।

উল্লেখযোগ্য যে অঞ্চলটোৰ কেন্দুৰতল, লক্ষীৰটাৰী আৰু চাপাঠুৰী এই গাঁওকেইখনৰ একাংশলোকৰ পূৰ্ণ সহযোগত এই ঘট পূজাই পূৰ্ণতা ৰূপ লাভ কৰে। বিশিষ্ট্য চিকিৎক ৰাজেন কলিতা, ৰামেশ্বৰ তালুকদাৰ, অৰুণ কলিতা, অশ্বিনী কলিতা, প্ৰাক্তন আৰক্ষী বিষয়া হবিশ ৰাজবংশী আৰু মহাদেৱ ৰাজবংশী আদি সকললোকৰ পূৰ্ণ সহযোগে উক্ত পূজাখন নতুন মাত্ৰা লাভ কৰে।   

মিৰ্জা আঞ্চলিক শ্ৰীশ্ৰীদুৰ্গপূজা সমিতিয়ে অইন বছৰৰ দৰে এইবাৰো ১১ অক্টোবৰৰপৰা পাঁচদিনীয়া কাৰ্যসূচীৰে দুৰ্গাপূজা আয়োজন কৰে। প্ৰথমদিনৰ কাৰ্যসূচীত পুৱা ধৰ্মধ্বজা উত্তোলন কৰে মিৰ্জা আঞ্চলিক পূজা সমিতিৰ সভাপতি ৰাজেন চন্দ্ৰ কুমাৰে(মেধি)। প্ৰাক্তন সম্পাদক ৰাঘৱ কুমাৰ দাস আঁতধৰা এই কাৰ্যসূচীত ৰাজেন চন্দ্ৰ কুমাৰে ১৯৬১ চনত স্থাপন কৰা মিৰ্জা আঞ্চলিক দুৰ্গাপূজা সমিতিৰ ইতিহাস বৰ্ণনা লগতে দেৱী দুৰ্গাৰ মাহাত্ম্যাৰ বিষয়ে আলোকপাত কৰে। ক’ভিড মহামাৰীৰ বাবে চৰকাৰী সকলো নীতি–নিৰ্দেশনা অনুযায়ী এই পূজাভাগ পালন কৰা বুলি সম্পাদক ৰত্ন কান্ত শৰ্মাই প্ৰকাশ কৰে। লগতে প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি স্থায়ী দুৰ্গাপূজা মণ্ডপত পূজাভাগ সম্পন্ন কৰা হয়। এই পূজাৰ লগত সংগতি ৰাখি পূষ্পাঞ্জলি প্ৰদান, বলি উৎসৰ্গা, কুমাৰী পূজা, শিৱ পূজা, বিষ্ঞু পূজা আদি বিভিন্ন মাংগলিক অনুষ্ঠানবোৰ আয়োজন কৰে।

১৯৬০ বৰ্ষত স্থাপন কৰা কেন্দুৰতল, লক্ষীৰটাৰী, চাপাঠুৰী, মকাধূজ, চুলিকটা আৰু ধলিপাৰ আঞ্চলিক দুৰ্গাপূজা কমিটিৰ সৌজন্যত ৬১ সংখ্যক সাৰ্বজনীন শাৰদীয় শ্ৰীশ্ৰীদুৰ্গোৎসৱৰ যোৱা ১১ অক্টোবৰৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। আয়োজক সমিতিৰ সভাপতি দ্বীজেন কলিতা সাধাৰণ সম্পাদকদ্বয় গুৰুচৰণ মজুমদাৰ আৰু জ্যোতিষ কলিতাই এই কথা জানিবলৈ দিয়ে।

ৰঙামাটি শ্ৰীশ্ৰীদূধকুৱৰী পীঠত যোৱা ১১ অক্টোবৰৰ পৰা পাঁচ দিনীয়াকৈ দুৰ্গাপূজা অনুষ্ঠিত কৰা হয়। সভাপতি গোলাপ মালাকৰ আৰু সম্পাদক নয়নজ্যোতি শৰ্মাই কয় যে ক’ভিডৰ বাবে চৰকাৰৰ সকলোবোৰ নীতিসমূহ মানি পূজাৰ কাৰ্যসূচীসমূহ চলোৱা হয়।

১৯৭২ চনত স্থাপিত ঝাৰোবড়ী আঞ্চলিক শাৰদীয় শ্ৰীশ্ৰীদুৰ্গাপূজা যোৱা ১১ অক্টবোৰৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। আয়োজক সমিতিৰ সভাপতি কামিনী কান্ত দাস, সম্পাদক বিপুল কুমাৰ চৌধুৰীয়ে ব্যক্ত কৰামতে, চৰকাৰে নিৰ্ধাৰণ কৰা নীতি–নিয়মৰ মাজেৰে এই পূজাভাগ পৰিচালনা কৰা হয়।

শ্ৰীশ্ৰীমাঁ ভগৱতী টিয়ামাৰী গোসাঁনী পীঠত যোৱা ১২ অক্টোবৰৰ পৰা চাৰিদিনীয়াকৈ বিভিন্ন মাংগলিক কাৰ্যসূচীৰে মাঁ ভগৱতীৰ পূজাভাগ আয়োজন কৰা হয়। উদ্যোক্তা সমিতিৰ সভাপতি অৰুণ দীয়াই কয় যে ক’ভিডৰ বাবে সকলোবোৰ চৰকাৰী নীতি–নিয়ম পালন কৰা হৈছে। দৰ্শনাৰ্থীসকলেও চৰকাৰী নীতি–নিয়মৰ প্ৰতি সহায় সহযোগ আগবঢ়োৱা বুলি সন্তুষ্টি প্ৰকাশ কৰে। ৰজা–মহাৰজাৰ দিনৰেপৰাই এই পীঠত পূজাভাগ চলি আহিছে বুলিও অৰুণ দীয়াই ব্যক্ত কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News    

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward