Friday, April 19, 2024
Homeবাতৰিঅসমত বগৰি খেতিৰে স্বাৱলম্বী হোৱাৰ প্ৰচুৰ সম্ভাৱনা

অসমত বগৰি খেতিৰে স্বাৱলম্বী হোৱাৰ প্ৰচুৰ সম্ভাৱনা

প্ৰকাশিত তাৰিখঃ ১৫ মাৰ্চ , ২০১৭

চানডুবি নিউজ ব্যুৰ’–

এফালে আৰ্থিক দৈন্যতাত ভূগি আত্মহত্যা আনফালে আৰ্থিক স্বাৱলম্বনৰ নতুন নতুন পথ সৃষ্টি। সম্প্ৰতি অসমত উন্নত প্ৰজাতিৰ বগৰি খেতিৰে স্বাৱলম্বী হোৱাৰ প্ৰচুৰ সম্ভাৱনাই দেখা দিছে। উদাহৰণস্বৰূপে আব্দুল কৰিম আৰু হবিব ৰহমানৰ কথাকে ক’ব পাৰি।

উল্লেখযোগ্য যে যুৱ খেতিয়ক হবিব ৰহমানৰ ঘৰ দৰং জিলাৰ খাৰুপেটীয়া চহৰৰ বিহুদিয়া গাঁওত। তেখেতে প্ৰথমে এবিঘা মাটিত ২১৩টা পুলি ৰোপনেৰে এখন বাগিছা স্থাপন কৰে। এই বাগিছা স্থাপনত তেওঁৰ খৰচ হয় প্ৰতিটো পুলি ৭০টকাকৈ মুঠ ১৪৯১০টকা। প্ৰথম বৰ্ষত এডাল গছৰ পৰা ১৫ কিলোগ্ৰামকৈ বগৰি লাভ কৰিছিল। এবিঘা মাটিকালিৰ বাগিছাখনত উৎপাদিত ফচল কিলোই প্ৰতি ৬০–৭০ টকা দৰত বিক্ৰী কৰি প্ৰায় দুই লাখৰ অধিক উপাৰ্জন কৰিবলৈ সক্ষম হয়।

আনহাতে, আব্দুল কৰিমৰ ঘৰ বঙাইগাঁও জিলাৰ ভাণ্ডাৰা গাঁৱত। আব্দুল কৰিমে আজিৰ পৰা তিনি বছৰ আগতে ডেৰ বিঘা মাটিত উন্নত প্ৰজাতিৰ থাইলেণ্ড বগৰিৰ পুলি ৰোপন কৰে। প্ৰথম বৰ্ষত তেওঁৰ খৰচ হয় ৭৫ হাজাৰ টকা বিপৰীতে বগৰি বিক্ৰী কৰি পায় এক লাখ পচিশ হাজাৰ টকা। দ্বিতীয় আৰু তৃতীয় বৰ্ষত ক্ৰমে একলাখ পচাশী হাজাৰ, দুইলাখ পচাশী হাজাৰ টকা। এইবৰ্ষত চাৰি লাখ টকা উপাৰ্জন কৰিছে।

এবিঘা মাটিৰ বাগান এখন স্থাপন কৰিবলৈ ২১৩ টা বগৰি পুলিৰ প্ৰয়োজন। প্ৰতিটো পুলিৰ দাম ৬০টকাকৈ ১২৭৮০টকা লগতে অন্যান্য খৰচ সামৰি ২৫–৩০ হাজাৰমান টকাত এবিঘাৰ বাগান এখন সম্পূৰ্ণ কৰিব পাৰি। ৰোপনৰ প্ৰথম বছৰতে প্ৰতিবিঘাত দুই লাখ টকা উপাৰ্জন কৰিব পাৰি বুলি খেতিয়ক কেইগৰাকীয়ে বিভিন্ন সংবাদ মাধ্যমত মত প্ৰকাশ কৰিছে।

শিৰোনামৰ ছবিঃ হবিব ৰহমানৰ সৌজন্যত

Photo Courtesy: Habib Rahman

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward