Saturday, April 27, 2024
Homeবাতৰিঅসমৰ পৰা উদয় হ’ব পাৰে ৰামবিলাস পাছোৱানৰ ভাগ্য  

অসমৰ পৰা উদয় হ’ব পাৰে ৰামবিলাস পাছোৱানৰ ভাগ্য  

প্ৰকাশিত তাৰিখঃ ৩১ ডিচেম্বৰ, ২০১৮

 চি এন ডেক্স

অসমৰ পৰা ভাগ্য উদয় হোৱাৰ পথত ৰামবিলাস পাছোৱানৰ। বিহাৰৰ নেতা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী তথা লোক জনশক্তি পাৰ্টিৰ (এল জে পি) মুৰববী ৰামবিলাস পাছোৱান। এই নেতাজনে সম্প্ৰতি অসমৰ পৰা ৰাজ্য সভাৰ সাংসদ হ’ব সেয়া এক প্ৰকাৰ নিশ্চিত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

অহা এপ্ৰিলত ৰাজ্য সভাৰ সাংসদ ড মনমোহন সিং আৰু শান্তিয়াছ কুজুৰৰ কাৰ্যকালৰ ম্যাদ উকলিব। বৰ্তমান অসম বিধান সভাত কংগ্ৰেছ দলৰ বিধায়কৰ সংখ্যা মাত্ৰ ২৫জন। সেয়ে নিজ দলৰ প্ৰাৰ্থী জিকাই আনিবলৈ প্ৰয়োজনীয় সংখ্যক বিধায়ক নথকাত বিজেপিয়ে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে।

উল্লেখ্য যে, এল জে পি’ৰ মুৰব্বী ৰামবিলাস পাছোৱানে বিহাৰৰ পৰা আঠবাৰকৈ লোকসভাত নিৰ্বাচিত হৈছে। বৰ্তমানেও বিহাৰৰ হাজিপুৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত সাংসদ। ২০১৭ চনত তেখেতৰ হৃদযন্ত্ৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হৈছিল লণ্ডনত। সেইবাবে পৰিয়ালে লোকসভাৰ পৰিৱৰ্তে ৰাজ্যসভাৰ সাংসদ হোৱাটো বিচাৰিছে। পাছোৱান পৰিয়ালৰ এই আশা পূৰণ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ বিজেপি নেতৃবৃন্দ।

এল জে পি’ৰ মুৰব্বী ৰামবিলাস পাছোৱান ৰাজনীতিৰ এজন অভিজ্ঞ ব্যক্তি। সেয়ে দীৰ্ঘদিন ধৰি ৰাজনীতিৰ সতে জড়িত ব্যক্তিজনক উচ্চ সদনলৈ নিৰ্বাচিত কৰি অনাৰ দায়িত্ব এন ডি এৰ। এইবুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত প্ৰকাশ কৰে। অৱশ্যে কোন ৰাজ্যৰ পৰা পাছোৱানক জিকাই আনিব সংবাদমেলত সেইকথা প্ৰকাশ কৰা নাই। যদিও একাংশ শীৰ্ষ নেতাই অসমৰ পৰাই নিৰ্বাচিত কৰি অনাৰ সিদ্ধান্ত লোৱা বুলি দলৰ আন এক সূত্ৰত প্ৰকাশ।

এই কথাই এতিয়া ৰাজ্যখনৰ ৰাজনৈতিক মহলৰ সৰ্বদিশে চৰ্চিত হৈ পৰিছে। কিয়নো পূৰ্বৰ কেন্দ্ৰ আৰু ৰাজ্যত শানসাধিস্থিত কংগ্ৰেছ চৰকাৰে ড মনমোহন সিঙক পাঁচবাৰকৈ ৰাজ্যসভালৈ নিৰ্বাচিত কৰিছিল। ৰাজ্যবাসীৰ প্ৰৱল বিৰোধিতা সত্বেও বিহাৰৰ ৰাজনৈতিক নেতা সঞ্জয় সিঙক ৰাজ্য সভাৰ সাংসদ কৰি পঠিয়াইছে। ৰাজ্যৰ আসন পূৰাবলৈ বহিৰাগত প্ৰাৰ্থীৰ আমদানি কৰা সংস্কৃতি প্ৰথম আৰম্ভ কৰিছিল কংগ্ৰেছ দলে। এতিয়া কংগ্ৰেছ দলৰ সেই একেটা পথকে অনুসৰন কৰিছে কেন্দ্ৰ আৰু ৰাজ্যত শাসনাধিস্থিত বিজেপি দলে।   

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward