Tuesday, April 23, 2024
Homeবাতৰিঅসমৰ ভূমি বেদখলৰ বাবে মিজোৰামৰ আগ্ৰাসী স্থিতি

অসমৰ ভূমি বেদখলৰ বাবে মিজোৰামৰ আগ্ৰাসী স্থিতি

প্ৰকাশিত তাৰিখঃ ১২ মাৰ্চ, ২০১৮

চি এন ডেক্স

অৰুণাচল, নাগালেণ্ড, মেঘালয়, মিজোৰাম কোনখন ৰাজ্যই অসমৰ সৈতে ভূমিকেন্দ্ৰীক সংঘাতত লিপ্ত হোৱা নাই। সীমামুৰীয়া ৰাজ্যকেইখনে এফালৰ পৰা চেপি আহিছে অসমক। যিকোনো প্ৰকাৰে যেন অসমৰ ভূমি বেদখল কৰাৰ সুযোগ বিচাৰিয়েই থাকে। তেনে এটি ঘটনা সংঘটিত হ’ল যোৱা ২৭ ফেব্ৰুৱাৰীত অসম–মিজোৰাম সীমান্তত। যি ঘটনাই বৰ্তমান এক চূড়ান্ত পৰ্যায় পাইছে গৈ।    

উল্লেখনীয় যে, বিবদমান কৃষিভূমি কচুৰথল হ’ল অসমৰ হাইলাকান্দি জিলাৰ অন্তৰ্গত আৰু ই অসম–মিজোৰাম সীমান্তৰ পৰা তিনি কিলোমিটাৰ ভিতৰত অৱস্থিত। আনহাতে এই অঞ্চলটোকে মিজোৰাম চৰকাৰে কলাচিব জিলাৰ অন্তৰ্গত বাইৰবি চহৰৰ সমীপৰ জুফাই বুলি নামাকৰণ কৰিছে।   

মিজোৰামৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী চ্য চ্যুংগাৰৰ পত্নীয়ে কচুৰথল কৃষিভূমি মিজো ছাত্ৰ সন্থাক দান দিয়া বুলি দাবী কৰে সংগঠনটোৱে। দান স্বৰূপে পোৱা ভূমিত কৃষকসকলৰ জিৰণিৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নামত উচৰ্গিত জিৰণী চ’ৰা এটি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সিদ্ধান্ত অনুসৰি যোৱা ২৭ ফেব্ৰুৱাৰীত উক্ত কৃষিভূমিত স্থানীয় ৰাইজৰ সহযোগত মিজো ছাত্ৰ সন্থাৰ সদস্যই হাতে–কামে লাগি জিৰণী চ’ৰাটো নিৰ্মাণৰ কাম পূৰ্ণ কৰি তোলে।

কচুৰথলত জিৰণী চ’ৰা নিৰ্মাণৰ বাতৰি হাইলাকান্দি জিলা প্ৰশাসনে লাভ কৰাৰ পিচত জিলা আৰক্ষী অধীক্ষকে আৰক্ষী বাহিনী আৰু বনকৰ্মী লগত লৈ ঘটনাস্থলীত উপস্থিত হয় আৰু জিৰণী চ’ৰাটো ভাঙি দি নিৰ্মাণ সামগ্ৰীসমূহ জব্দ কৰি লৈ আহে। উক্তি দিনৰ আবেলি মিজো আৰক্ষী লগত লৈ ছাত্ৰ সংগঠনটোৰ সদস্য আৰু স্থানীয় ৰাইজে নতুন উদ্যোমেৰে উক্ত জিৰণী চ’ৰা পুনৰ নিৰ্মাণ কৰিবলৈ যো–জা কৰে। যদিও নিশা হাইলাকান্দিৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত বিশাল আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ লোক গৈ নিৰ্মাণ সামগ্ৰী সমূহ পুনৰ জব্দ কৰে। ইয়াকে লৈ দুয়ো ৰাজ্যৰ মাজত তীব্ৰ উত্তেজনাই বিৰাজ কৰি থকাৰ সময়তে মিজো ছাত্ৰ সন্থাই পিচদিনা জিৰণী চ’ৰা পুনৰ নিৰ্মাণ কৰা হ’ব বুলি মাইকযোগে ঘোষণা কৰে। ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি হাইলাকান্দি জিলাৰ উপায়ুক্ত আদিল খানে কচুৰথলত ১৪৪ ধাৰা আইন জাৰি কৰি সংৰক্ষিত আৰক্ষী বাহিনী ২১নং আই আৰ বি এন’ক মোতায়েন কৰে।  

ঘটনাস্থলীত পৰিস্থিতিৰ তদাৰক কৰিছিল হাইলাকান্দিৰ জিলা উপায়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু দক্ষিণ ৰেঞ্জৰ উপ–আৰক্ষী মহাপৰিদৰ্শৰাকগৰাকীয়ে। বন বিভাগৰ পৰা উক্ত তদাৰকীত সহযোগ কৰিছিল বন সংৰক্ষক, হাইলাকান্দিৰ ডি এফ অ’ আৰু অন্যান্য বন বিষয়াসকলে।

অসম আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ প্ৰস্তুতিক চৰমভাৱে উপেক্ষা কৰি পিচদিনা ৰাতিপুৱাৰ পৰা বহুসংখ্যক মিজোলোকে ২০–৩০খন গাড়ীত টিন, কাঠ, লোহা, চিমেণ্ট, শিল, বালি বোজাই কৰি অঞ্চলটোত প্ৰৱেশ কৰে। আৰক্ষী–নিৰাপত্তা বাহিনীয়ে বাধা প্ৰদান কৰে যদিও বাধা প্ৰতিহত কৰি আগুৱাই আহিব খোজাত তেওঁলোকৰ ওপৰত লাঠী চালনা কৰে। মিজোসকলেও ওলোটাই পুলিচৰ গালৈ শিলগুটি দলিওৱাৰ লগতে ৰড, লাঠী লৈ মুখামুখি সংঘৰ্ষত লিপ্ত হয়। ফলস্বৰূপে লাঠী চালনাত পুলিচ বাহিনীয়ে অধিক শক্তি প্ৰয়োগ কৰি ছাত্ৰ সংগঠনটোৰ সদস্যসকলক খেদি খেদি প্ৰহাৰ কৰে। পুলিচ বাহিনীৰ লাঠী চালনাৰ প্ৰকোপ সহিব নোৱাৰি ছত্ৰভংগ দিয়ে মিজো ছাত্ৰ সংগঠনটোৰ সদস্যসকলে। ফলত অসম পুলিচৰ নিয়ন্ত্ৰণলৈ আহে বিবদমান অঞ্চলটো। স্পৰ্শকাতৰ অঞ্চলটোত হাইলাকান্দি জিলা প্ৰশাসনে পুনৰ অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰিব লগা হয়।

উক্ত লাঠী চালনাৰ ফলত মিজোৰামৰ সৰ্বোচ্চ ছাত্ৰ সংগঠন ‘মিজো জিৰলাই প’ল’ আৰু ‘মিজো সাংবাদিক সন্থা’ৰ প্ৰায় বিশজন নেতা–কৰ্মী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি সংবাদপত্ৰত প্ৰকাশ। আঘাতপ্ৰাপ্ত ছাত্ৰকৰ্মী আৰু সাংবাদিকসকলক স্থানীয় বাইৰবি চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিচত উন্নত চিকিৎসাৰ বাবে কলাচিব চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

অসম আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ নিৰ্বিচাৰ আৰু একপক্ষীয় সিদ্ধান্তৰে লাঠী চালনা কৰাত যিসকল ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ উপযুক্ত চিকিৎসাৰ বাবে ক্ষতি পূৰণৰ দাবী কৰিছে মিজো ছাত্ৰ সংগঠনটোৱে।  

ইপিনে, মিজো ছাত্ৰ সংগঠনৰ সদস্যই যিকোনো প্ৰকাৰে কচুৰথলত প্ৰৱেশ কৰি প্ৰভুত্ব বিস্তাৰ কৰাৰ চেষ্টা চলাই আছে যদিও অসম আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে ইয়াক ব্যৰ্থ কৰি আহিছে। ইতিপূৰ্বে সীমান্তৰ বহু এলেকা মিজোৰামে দখল কৰিছেই। গতিকে কচুৰথলক মিজোৰামে পুনৰ দখল কৰিবলৈ চলোৱা চেষ্টাই সমগ্ৰ পৰিস্থিতি অগ্নিগৰ্ভ কৰি তুলিছে।    

অসম আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে যিমানেই বাধা প্ৰদান নকৰক কিয় কচুৰথলত জিৰণী চ’ৰা নিৰ্মাণ কৰিমেই বুলি হুংকাৰ দিয়ে মিজো ছাত্ৰ সংগঠনৰ নেতৃবৃন্দই।

মিজোৰামৰ এনে আগ্ৰাসী যুদ্ধংদেহী স্থিতিৰ বাবে সীমান্তৱৰ্তী অসমৰ গাঁৱসমূহত এক অজান আতংকই বিৰাজ কৰিছে। যিকোনো মুহুৰ্তত উক্ত গাঁৱসমূহত মিজোলোকে আক্ৰমণ কৰিব পাৰে বুলি আতংকগ্ৰস্থ হৈ পৰিছে। 

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward