Thursday, April 25, 2024
Homeবাতৰিঅৰুণাচলৰ পৰম্পৰাগত উৎসৱৰ নামত পশু–পক্ষী নিধন

অৰুণাচলৰ পৰম্পৰাগত উৎসৱৰ নামত পশু–পক্ষী নিধন

প্ৰকাশিত তাৰিখঃ ১২ মাৰ্চ, ২০১৮

চি এন ডেক্স

‘য়ুনায়িং আৰন’ অৰুণাচল প্ৰদেশৰ এই পৰম্পৰাগত উৎসৱৰ নামত নিধন কৰা হয় বহুসংখ্যক পশু–পক্ষী। ৰাজ্যখনত থকা ‘আদি’ জনগোষ্ঠীয়ে প্ৰতি বছৰে এই উৎসৱ উদ্‌যাপন কৰি আহিছে। এইবাৰৰ উৎসৱটি যোৱা ৭ মাৰ্চত ‘আদি’ বসতি প্ৰধান ইটানগৰ আৰু পাচিঘাটত উদ্‌যাপিত হয়।

‘য়ুনায়িং আৰন’ উৎসৱৰ পৰম্পৰামতে– উৎসৱ উপলক্ষে জনগোষ্ঠীটোৰ পুৰুষসকলে পশু–পক্ষী চিকাৰ কৰিবৰ বাবে হাবিলৈ যায়। কোনোটো জীৱিত বা কোনোটো মৃত অৱস্থাত হাবিৰ পৰা চিকাৰ কৰি লৈ আনে হাজাৰ–বিজাৰ ভিন্ন প্ৰজাতিৰ পশু–পক্ষী। হাবিৰ পৰা অনাৰ পিচত এনেবোৰ পশু–পক্ষীক উৎসৱত অংশ লোৱা শিশুবোৰক খেলিবলৈ দিয়া হয়। তাৰ পিচত উৎসৱস্থলীত মুকলিকৈ প্ৰদৰ্শন কৰে। প্ৰদৰ্শনস্থলীত অংশ গ্ৰহণ কৰা জনগোষ্ঠীটোৰ লোকসকলে পশু–পক্ষীবোৰ দেখি বেচ স্ফূৰ্তি কৰে।

যদি এবাৰ উৎসৱ আয়োজনৰ নামত হাজাৰ–বিজাৰৰ ঘৰত প্ৰাণী নিধন হয় তেনেদৰে একেহাৰত আৰু কেইটামান বছৰ এই উৎসৱ পালন কৰি থাকিলে হয়তো জীৱজগতৰ পৰা বহুবোৰ প্ৰাণী চিৰদিনৰ বাবে লুপ্ত হৈ যাব।

১৯৭২ চনৰ বন্যপ্ৰাণী আইনমতে পশু–পক্ষীক সংৰক্ষিত প্ৰাণীৰ তালিকাত অন্তৰ্ভূক্ত কৰিছে। সেই অনুসৰি পশু–পক্ষীক চিকাৰ অথবা মনোৰঞ্জনৰ বাবে প্ৰদৰ্শন কৰিব নোৱাৰে। এনে কাৰ্যত জড়িত ব্যক্তিক জেইল, জৰিমনা আদিৰ নিৰ্দেশ দিয়া আছে। কিন্তু জনগোষ্ঠী এটাৰ উৎসৱ–পৰম্পৰাৰ দোহাই দি ইমানবোৰ প্ৰাণী নিধন কৰাটো কিমান যুক্তি সংগত?  ইমানৰ পিচতো কোনো ব্যক্তি, সংগঠনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নতুবা চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

২০১৪ চনত উচ্চতম ন্যায়ালয়ে এক ৰায়যোগে অসমত ম’হ যুঁজ, কুকুৰা যুঁজ, বুলবুলি যুঁজ নিষিদ্ধ কৰিছে।  অসমৰ বিভিন্ন উৎসৱ পাৰ্বনত পৰম্পৰাগতভাৱে প্ৰচলিত এই খেলসমূহ এসময়ত বৰ জনপ্ৰিয় আছিল। মানুহৰ মনোৰঞ্জনৰ বাবে প্ৰাণীক ব্যৱহাৰ কৰাটোও জীৱ–জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শন কৰাই বুজায়, সেয়ে অসমত প্ৰচলিত পৰম্পৰাগত এই খেলবোৰ নিষিদ্ধ কৰিছে। কিন্তু অৰুণাচলত অসমৰ বিপৰীত ছবি এখন প্ৰতিফলিত হোৱা দেখা যায়।

আধুনিক যুগৰ শিখৰত উটি–ভাহি ফুৰা মানুহবোৰে আদিম পৰম্পৰা ত্যাগ কৰি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ প্ৰতি অলপ চিন্তা কৰিব নোৱাৰিনে? সামান্য ত্যাগ স্বীকাৰ কৰিবলৈয়ো যেন মানুহবোৰ অপাৰগ।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward