Friday, March 29, 2024
Homeবাতৰিআগৰতলাত উদ্‌যাপন ৭ম্‌ আন্তৰ্জাতিক পৰ্যটন মাৰ্ট

আগৰতলাত উদ্‌যাপন ৭ম্‌ আন্তৰ্জাতিক পৰ্যটন মাৰ্ট

প্ৰকাশিত তাৰিখঃ ২৬ নবেম্বৰ, ২০১৮

চি এন ডেক্স

কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন মন্ত্ৰ্যালয়ে ত্ৰিপুৰা ৰাজ্যিক পৰ্যটন বিভাগৰ সহযোগত উত্তৰ–পূৰ্বাঞ্চলীয় ৰাজ্যকেইখনে উদ্‌যাপন কৰে ‘৭ম্‌ আন্তৰ্জাতিক পৰ্যটন মাৰ্ট’। যোৱা ২২ ৰ পৰা ২৪ নৱেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মাৰ্টত আমেৰিকা, ৰাছিয়া, অষ্ট্ৰেলীয়া, আৰৱ, জাপান, কানাডা, চীন, ফ্ৰান্স, দক্ষিণ কোৰিয়া, নেডাৰলেণ্ড, নিউজীলেণ্ড, দক্ষিণ আফ্ৰিকা, স্পেইন, কেনিয়া, থাইলেণ্ড, ইণ্ডোনেছীয়া,  মালয়ছিয়া আদি ১৮খন বৈদেশীক ৰাষ্ট্ৰৰ ৪১গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল।

যোৱা ২৩ নৱেম্বৰৰ পৰ্যটন মাৰ্টৰ কাৰ্যসূচীত উপস্থিত থকা কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰ্যালয়ৰ সচিব ৰশ্মি বাৰ্মাই এক সংবাদমেলত প্ৰকাশ কৰে যে, সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰসমূহ পৰ্যটকৰ বাবে উপযোগী কৰি তোলা হ’ব। উত্তৰ–পূৰ্বাঞ্চলীয় ৰাজ্যকেইখনত পূৰ্বৰ তুলনাত ১৬.৭ শতাংশ বিদেশী পৰ্যটক বৃদ্ধি পোৱাৰ বিপৰীতে ২২.৮ শতাংশ বৃদ্ধি পাইছে ঘৰুৱা পৰ্যটকৰ। ৰাজ্যকেইখনত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত পৰ্যটন ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। পৰ্যটকে প্ৰাকৃতিক দৃশ্য উপভোগ কৰাই নহয় পৰীক্ষা–নিৰীক্ষা চলাবলৈয়ো বিচাৰে। পৰ্যটকে পৰীক্ষা নিৰীক্ষা চলাব পৰা সমলৰে পৰিপূৰ্ণ হৈ আছে উত্তৰ–পূৰ্বাঞ্চল। যাৰ বাবে পৰ্যটকৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰিছে উত্তৰ–পূৰ্বাঞ্চল। তদুপৰি উত্তৰ–পূৰ্বাঞ্চলৰ বিভিন্ন জাতি–উপজাতিৰ বাৰেবৰণীয়া ভাষা–সংস্কৃতি, বিস্তীৰ্ণ সেউজ অৰণ্য, ঐতিহাসিক ক্ষেত্ৰয়ো পৰ্যটকক আকৰ্ষিত কৰি তুলিছে বুলি সচিবগৰাকীয়ে প্ৰকাশ কৰে।

উল্লেখযোগ্য যে– বিগত বৰ্ষত ছিকিমলৈ ১৩ লাখ পৰ্যটক আহিছিল। সেয়ে কেন্দ্ৰীয় চৰকাৰে উক্ত ৰাজ্যখনত নতুন নতুন পৰ্যটন ক্ষেত্ৰ মুকলি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। উত্তৰ–পূবৰ ৰাজ্যকেইখনৰ ভিতৰত ত্ৰিপুৰাত সৰ্বাধিক বিদেশী পৰ্যটকৰ আগমণ ঘটে। ৰাজ্যকেইখনে পৰ্যটকৰ পৰা উপাৰ্জন লাভ কৰিছিল ১০.২ মিলিয়ন টকা। সেয়ে গোটেই বছৰতে উত্তৰ–পূৰ্বাঞ্চলৰ পৰ্যটকস্থলী সমূহ মুকলি ৰাখি পৰ্যটকৰ সংখ্যা কেইবাগুণ বঢ়োৱাৰ বাবে গুৰুত্ব আৰোপ কৰাৰ কথাও দোহাৰে। চৰকাৰে ৫৬০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব ওলোৱা ৬৭টা পৰ্যটন প্ৰকল্পৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলত ১৩০০ কোটি টকা ব্যয় সাপেক্ষ ১৫টা প্ৰকল্প আছে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward