Saturday, April 20, 2024
HomeARTICLEআমাৰ সম্ভাৱনীয় ক্ষেত্ৰসমূহঃ এক আলোকপাত

আমাৰ সম্ভাৱনীয় ক্ষেত্ৰসমূহঃ এক আলোকপাত

প্ৰকাশিত তাৰিখঃ ১২ জুলাই, ২০২১

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

পশ্চিম গুৱাহাটী সমষ্টিৰ অসম–মেঘালয় সীমান্তৱৰ্তী অঞ্চল য’ত লানি নিছিঙা সেউজীয়া পাহাৰ। ৰাণীৰ পৰা আৰম্ভ কৰি সমষ্টিটোৰ অন্তিমখন গাঁও মুদুকীলৈকে এই বৃহৎ অঞ্চলটো প্ৰকৃতিৰ এক ৰম্য ভূমি। য’ত– বিভিন্ন জাতি–জনগোষ্ঠীৰলোকে সমিলমিলেৰে বসবাস কৰে। আন্তঃৰাজ্যিক সীমান্তৰ লানি নিছিঙা সেউজীয়া পাহাৰৰ নামনিৰ পৰা আৰম্ভ হৈছে চকুৰে মণিব নোৱাৰা বিস্তীৰ্ণ এলেকাৰ খেতিপথাৰসমূহ। সম্প্ৰতি অঞ্চলটোৰ সেউজীয়া অৰণ্যৰ পৰিমাণ হ্ৰাস পাই আহিছে।

অঞ্চলটোৰ লোকসকলৰ জীৱন–জীৱিকাৰ প্ৰধান সম্বল হ’ল কৃষি। গুৱাহাটী মহানগৰী সম্প্ৰসাৰণ হোৱাৰ লগেলগে মাটিবাৰীৰ দাম আকাশলংঘী হৈ পৰিছে। সেই সুযোগত একাংশলোকৰ কৃষিভূমি বহিৰাগত বনিয়াৰ হাতলৈ যোৱাত ভয়ানকভাৱে সংকুচিত হৈ আহিল খেতিপথাৰসমূহ। সেই খেতিপথাৰত বিভিন্ন উদ্যোগ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ বৃহৎ বৃহৎ অট্টালিকা গঢ়ি উঠিছে। উদ্যোগৰ বৰ্জিত ৰাসায়নিক পদাৰ্থই পথাৰসমূহ খেতিবাতিৰ অনুপযোগী কৰিছে। ইপিনে, সীমান্তৰ সিপাৰে চলিথকা শিলৰ কোৱেৰী–ক্ৰেছাৰ সমূহৰপৰা উটি অহা ৰঙামাটি, বালি, শিলগুটিৰ গুৰিয়ে ওচৰ–পাজৰৰ খেতিপথাৰসমূহত বিৰূপ প্ৰভাৱ পেলাইছে।   

তদুপৰি, বৃহত্তৰ এই অঞ্চলটোত বনৰীয়া হাতীৰো উপদ্ৰৱ চলে। হাতীৰ উপদ্ৰৱৰ ফলত বহু কৃষকে খেতিবাতি বাদ দিছে। বিভিন্ন কাৰকে খেতিবাতিত বাধা আৰোপ কৰিলেও– একাংশ কৃষকে নিৰৱে এক কৃষি বিপ্লৱ আৰম্ভ কৰিছে।

ৰাণীৰ ওচৰৰ গাৰোবসতি প্ৰধান এখন গাঁও গণপতি। প্ৰায় তিনিশটা পৰিয়াল থকা গাঁওখনৰলোকে তামোল–জালুকৰ কেইবাখনো বৃহৎ বাগান গঢ়ি তুলিছে। দিলীপ মাৰাক, উইনাৰ্ড মাৰাক, উইলিং মাৰাক, দুলাল মাৰাক, ছুপাৰচন মাৰাক, সুনীল মাৰাক, পদ্মাৱতী মাৰাক, গিমেলথন চাংমা এইসকল গাঁওখনৰ খেতিয়ক। দিলীপ আৰু উইনাৰ্ড হ’ল গাঁওখনৰ অতি পুৰণি, সৰ্বাধিক পাঁচশজোপা তামোল–জালুকৰ খেতিয়ক। বৰ্তমান বহুকেইখন তামোল–জালুকৰ বাগান নতুনকৈ গঢ়ি আছে। ইয়াৰ বাদেও কল, কুহিয়াৰ, পান, আনাৰস খেতিৰ পৰিসৰ দিনক দিনে বাঢ়ি আছে। তদুপৰি, পৰম্পৰাগতভাৱে পালন কৰি অহা এৰি–মুগা আজি ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰিছে।

পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তিম সীমান্তত অৱস্থিত উমচুৰ, বাটাবাৰী–শালসেৰ, বাখালাপাৰা, জিমিৰিগাঁও সুমিষ্ট কমলা উৎপাদনৰ কাৰণে বিখ্যাত। ভৱ ৰাভা, লাৱণ্য ৰাভা, ভদ্ৰেশ্বৰ ৰাভা এইসকল প্ৰতিষ্ঠিত কমলা খেতিয়ক। গাঁওকেইখনত প্ৰায় ৮০ বছৰ আগতে কমলা খেতি আৰম্ভ হৈছিল। বৰ্তমান উমচুৰত প্ৰায় দুশ, বাটাবাৰী–শালসেৰত ছয়শ, বাখালাপাৰা আৰু জিমিৰিগাঁৱত পাঁচশ খন কমলা বাগান আছে। য’ত– প্ৰতিখন বাগানত পাঁচশৰ চাৰি হেজাৰ জোপালৈকে গছ আছে। প্ৰচুৰ সম্ভাৱনাপূৰ্ণ কমলা খেতিৰপৰা পৰিয়ালসকল লাভান্বিত হৈছে। লগতে– তামোল, পান, জালুক খেতিও যথেষ্ট হাৰত গঢ়ি তুলিছে।

পশ্চিম গুৱাহাটীৰ দাঁতিকাষৰীয়া পলাশবাৰী সমষ্টিৰ কুলশী অঞ্চলতো ব্যৱসায়িক ভিত্তিত গঢ়ি উঠিছে শ শ বিঘা মাটিত কলৰ বাগান। সতীশ নংবাগ, সুভাষ চিনাল, উৰেণ ৰাভা এইসকল যুৱ খেতিয়ক। সম্প্ৰতি অঞ্চলটোৰ যুৱ প্ৰজন্মৰ একাংশই জৈৱিক কৃষিৰ প্ৰতি আগ্ৰহী হৈ জীৱিকা হিচাপে গ্ৰহণ কৰিছে। এয়া নিশ্চয় সমাজৰ বাবেই শুভ লক্ষণ। লগতে তামোল, পান, জালুক আদি পৰম্পৰাগত খেতিবাতি সমূহো ব্যৱসায়িক ভিত্তিলৈ উন্নীত কৰিছে।

যুৱ প্ৰজন্ম কৃষিৰ প্ৰতি আগ্ৰহী হ’লেও এইপৰ্যন্ত আধুনিক পদ্ধতিৰ লগত সম্পৰ্ক ঘটা নাই। কৃষি কাৰ্যত এতিয়াও চলি আছে আওপুৰণি পদ্ধতি। তামোল, জালুক, কমলা সকলোবোৰ জাত পুৰণি। যিটো জাত ৰোপণৰ পাঁচ–ছয় বছৰ আগতে ফচল লাভৰ আশা কৰিব নোৱাৰি। সময়ে সময়ে গছবোৰ বিভিন্ন বেমাৰে আক্ৰমণ কৰে যদিও উপযুক্ত পৰামৰ্শ লাভ কৰিবপৰা ৰাষ্টাবোৰ কৃষকে ঢুকি নাপায়। বেমাৰৰ চিকিৎসা নিজে চলাবলগীয়া হোৱাত কিছু আৰোগ্য হোৱাৰ বিপৰীতে বহুবোৰ গছ মৰি যায়।

বৰ্তমান উৎপাদিত ফচল উচিত দামত বিক্ৰী কৰিবপৰা বজাৰ এখনৰ অভাৱ। গণপতি গাঁওখনত তামোল–জালুক আৰু উমচুৰ, বাটাবাৰী–শালসেৰ, বাখালাপাৰা, জিমিৰিগাঁওত কমলা খেতিত প্ৰতি বছৰে বহু লাখ টকাৰ লেন–দেন হয়। উপযুক্ত বজাৰৰ ব্যৱস্থা নথকা বাবে কৃষকৰ উৎপাদিত ফচলৰ দাম কৃষকে নহয় বেপাৰীয়ে নিৰ্ধাৰণ কৰে। ইপিনে, মূলধন অভাৱৰ বাবে কৃষকে বাগান পৰিচালনা কৰিবলৈ বেপাৰীৰপৰা আগধন গ্ৰহণ কৰিবলগা হয়। বেপাৰীসকলৰপৰা আগধন লোৱা বাবে উৎপাদিত ফচলৰ উচিত দামৰপৰা বঞ্চিত হৈছে কৃষকসকল।

সম্প্ৰতি গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰসমূহৰ বজাৰত গাওঁ অথবা পাহাৰীয়া অঞ্চলৰ জনজাতিসকলে উৎপাদন কৰা ফচলৰ সমাদৰ বাঢ়িছে। জনজাতীয় মহিলাসকলে গুৱাহাটীৰ বেলতলা চাৰিআলি, গণেশগুৰি, পাণবজাৰ (টেলিফোন এক্সচেঞ্জৰ কাষত) উজান বজাৰ, চানমাৰি, বামুণীমৈদাম, মালিগাওঁ লগতে  মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহতো এনে সামগ্ৰীৰ বজাৰ গঢ়ি তুলিছে। য’ত উপলব্ধ গাওঁত উৎপাদিত আনাৰস, ৰঙালাও, চালকোমোৰা, পানীলাও, পূৰীয়া কল, কচু, হাঁহ–কুকুৰা, পাৰ, পলু, কেঁকোৰা, শামুক, বনৰীয়া ফল–মূল, বনশাক, তিতাফুলৰ লগতে অন্যান্য শাক–পাচলি। এইসমূহ সামগ্ৰী ৰাসায়নিক পদাৰ্থৰ পৰা মুক্ত কাৰণে গ্ৰাহকৰ হেতা–ওপৰা লাগে। ইয়াৰ ফলত ব্যৱসায়টোৰ লগত জড়িত জনজাতীয় মহিলাখিনিৰ উপাৰ্জনৰ পথ এটি মুকলি হৈছে। য’ত– সেইবোৰ মহিলাই এতিয়া ঘৰ পৰিচালনাৰ দায়িত্ব পালন কৰিবপৰা হৈছে।

চৰকাৰে সহযোগ কৰিলে যুৱ প্ৰজন্মৰ অসংখ্য লোকে খেতিৰ প্ৰতি আগ্ৰহী হৈ উঠিব। কাৰিকৰী কৌশল লাভ কৰিলে খেতিয়কৰ উৎপাদন বৃদ্ধি হ’ব। উৎপাদিত ফচল বিক্ৰীৰ উপযুক্ত বজাৰ লাভ কৰিলে কৃষকসকলৰ অৰ্থনৈতিক ক্ষমতা বাঢ়িব। কৃষকসকল অৰ্থনৈতিকভাৱে সৱল হ’লে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ ভৰাল টনকিয়াল হ’ব। এই ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰক। ইচ্ছা কৰিলে গুৱাহাটী মহানগৰীত প্ৰয়োজন হোৱা শাক–পাচলি, ফল–মূলকে আদিকৰি সকলোবোৰ সামগ্ৰী ৰাণীকে ধৰি দক্ষিণ কামৰূপে যোগান ধৰিব পাৰে। কিয়নো ৰাণীৰপৰা গুৱাহাটীলৈ পথযোগাযোগৰ সু–ব্যৱস্থা আছে, দূৰত্বও মাত্ৰ ৩৩ কিলোমিটাৰ।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward