Tuesday, April 23, 2024
Homeবাতৰিউত্তৰ–পূৰ্বাঞ্চলৰ খিলঞ্জীয়াৰ সংকটৰ সময়ত শিৱসেনা লগত থাকিব

উত্তৰ–পূৰ্বাঞ্চলৰ খিলঞ্জীয়াৰ সংকটৰ সময়ত শিৱসেনা লগত থাকিব

প্ৰকাশিত তাৰিখঃ ১১ ফেব্ৰুৱাৰী, ২০১৯

 

চি এন ডেক্স

অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ ভাষা–সংস্কৃতি ধ্বংস কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰোধিতাৰ সমৰ্থন বিচাৰি এইবাৰ সদৌ অসম ছাত্ৰ সন্থা (আছু) আৰু উত্তৰ–পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ (নেছ’) নেতৃবৃন্দ শিৱসেনাৰ ওচৰ চাপিছে। এই সন্দৰ্ভত যোৱা ৬ফেব্ৰুৱাৰী বুধবাৰে আছু–নেছ’ৰ সজাতি দল এটাই মুম্বাইৰ মাওশ্ৰীৰ বাসভৱনত সংগঠনটোৰ প্ৰধান উদ্ধৱ থাকৰেৰ সৈতে এক আলোচনাত মিলিত হয়।

আলোচনাকালত নেতাগৰাকীয়ে প্ৰকাশ কৰে যে– অসম আৰু উত্তৰ–পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ভাষা–সংস্কৃতিৰ অস্তিত্বৰ সংকটৰ সময়ত মই উত্তৰ–পূৰ্বাঞ্চলৰ ৰাইজৰ পক্ষত থাকিম, শিৱসেনা থাকিব। জাতিধ্বংসী বিধেয়কখন সম্পূৰ্ণৰূপে বিৰোধিতা কৰিম আৰু বিধেয়কখন বাতিলকৰণৰ বাবে দলে ৰাজ্যসভাত সঠিক পদক্ষেপ গ্ৰহণ কৰিব। ৰাজ্যসভাত বিধেয়কখন উত্থাপন হ’লে শিৱসেনাৰ সাংসদসকলে তীব্ৰ বিৰোধিতা কৰি সেইখন বাতিলৰ দাবী জনাব। লগতে বিধেয়কখন বিৰোধিতাৰ সমৰ্থন বিচাৰি তেওঁলোকৰ সম–পৰ্যায়ৰ অন্যান্য বিৰোধী ৰাজনৈতিক দলসমূহৰ লগতো আলোচনা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সংগঠনটোৰ নেতাগৰাকীয়ে।  

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইছ্যু। নিজ দেশৰ নাগৰিকৰ স্বাৰ্থ বিঘ্নিত কৰি বিদেশীৰ স্বাৰ্থ সুৰক্ষিত কৰিব খোজা কাৰ্যত শিৱসেনাই সদায় বাধা দি যাব। লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত বিষয়টোৰ সহমত আদায়ৰ চেষ্টা অব্যাহত ৰাখিব জনায়।  

ভোটবেংকৰ স্বাৰ্থত বাৰে বাৰে অসম চুক্তিক উলংঘা কৰি আহিছে। বাংলাদেশীক বৰপীৰাত বহুৱাই অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ ভাষা সংস্কৃতি যাতে ধ্বংস কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব আছু–নেছ’ নেতৃবৃন্দই। ৰাজ্যসভাত বিধেয়কখন গৃহীতকৰণত বাধা আৰোপ কৰাৰ সমৰ্থন বিচাৰি ইতিমধ্যে আছু–নেছ’ নেতৃবৃন্দই বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছকে ধৰি বিভিন্ন দল–সংগঠনক সাক্ষাৎ কৰিছে।

আছু’ৰ সভাপতি দীপাংক নাথে কয়– ৰাজ্যসভাৰ অধিবেশনত সকলোবোৰ বিৰোধী দলৰ সাংসদে একলগ হৈ জাতিধ্বংসী বিধেয়কখন একেস্বৰে বিৰোধিতা আৰু বাতিলকৰণৰ দাবী কৰক। বিধেয়ক উত্থাপনৰ সময়ত বিৰোধী দলসমূহে সদনকক্ষ ত্যাগ নকৰি তাৰ বিপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায় সভাপতি নাথে।

আলোচনাকালত উদ্ধৱ থাকৰেৰ পুত্ৰ আদিত্য থাকৰেও উপস্থিত থাকে। আছু–নেছ’ৰ মুখ্য উপদেষ্টা ড সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত যোৱা উক্ত সজাতি দলটোত নেছ’ৰ অধ্যক্ষ ছেমুৱেল জেৰৱা, সাধাৰণ সম্পাদক চিনা প্ৰকাশ, আছু’ৰ সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ লগতে অন্যান্য প্ৰতিনিধিবৰ্গও উপস্থিত আছিল। উত্তৰ–পূৰ্বাঞ্চল ছাত্ৰ সংগঠন (নেছ’)ৰ অধীন সাত ৰাজ্যৰ ক্ৰমে– সদৌ অসম ছাত্ৰ সন্থা (আছু), খাছি ছাত্ৰ সন্থা (কে এছ ইউ), গাৰো ছাত্ৰ সন্থা (জি এছ ইউ),সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা (এ এ পি এছ ইউ), সদৌ মণিপুৰ ছাত্ৰ সন্থা (এ এম এছ ইউ), মিজো জিৰলাই পল (এম জেড পি), ত্ৰিপুৰা ছাত্ৰ ফেডাৰেচন (টি এছ এফ)ৰ নেতৃবৰ্গ উপস্থিত থাকে।    

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward