Saturday, April 20, 2024
Homeবাতৰিক’লা ধানৰ খেতিয়ক উপেন্দ্ৰ ৰাভালৈ ৰাষ্ট্ৰীয় কৃষি বঁটা

ক’লা ধানৰ খেতিয়ক উপেন্দ্ৰ ৰাভালৈ ৰাষ্ট্ৰীয় কৃষি বঁটা

প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৬

চানডুবি নিউজ ডেক্স –

মানুহজনৰ নাম উপেন্দ্ৰ ৰাভা, গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তবৰ্তী আমগুৰিপাৰা গাঁৱৰ এগৰাকী ব্যক্তি। ক’লা চাউলৰ ধান খেতিৰে এগৰাকী আদৰ্শ খেতিয়ক লগতে সমগ্ৰ ৰাজ্যখনতে প্ৰসিদ্ধ লাভ কৰিছে। তেওঁৰ কৃত কৰ্মৰ বাবে ৰাষ্ট্ৰীয় কৃষি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। কাহানিও কাৰো ওচৰত হাৰ নমনা কৃষক উপেন্দ্ৰ ৰাভাক ৰাষ্ট্ৰীয় কৃষি মন্ত্ৰালয়ে এই বঁটা প্ৰদান কৰাত স্বাভাৱিকতে অঞ্চলটোত আনন্দৰ বন্যা বৈছে।

২০১১ চনৰ কথা। গোৱালপাৰাৰ দূধনৈত অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক ড০ উত্তম কুমাৰ বৰুৱাই ৰাজস্থানত অনুষ্ঠিত হোৱা এখন কৃষিমেলাৰ পৰা অনা এক কেজি ক’লা ধান উপেন্দ্ৰ ৰাভাৰ হাতত অৰ্পন কৰিছিল। অনুসন্ধিতসু ৰাভাই উক্ত ধান খিনি পৰীক্ষামূলকভাৱে কৰাৰ কাৰণে সিদ্ধান্ত লৈ কামত আগবাঢ়িলে। কিন্তু কি আচৰিত কথা! ধান সিচা পথাৰত মাত্ৰ এডালহে গজালি মেলিছিল। তাৰ পিচতো ৰাভাই কিন্তু হতাশ হোৱা নাছিল। পথাৰৰ একোণত আছুতীয়াকৈ উক্ত গজালিটো ৰোপন কৰে। বছৰৰ অন্তত সেইধান গছিৰ পৰা ১৩০ গ্ৰাম ধান উৎপন্ন হয়। ১৩০ গ্ৰামৰ পৰা পিছৰ বছৰত ৪৮ কিলো ধান উৎপন্ন কৰিবলৈ সক্ষম হয়। প্ৰথমাৱস্থাত ওচৰচুবুৰীয়া লোকসকলে ৰাভাৰ উক্ত কাম-কাজত কোনো গুৰুত্বই দিয়া নাছিল। কিন্তু ৰাভা নাচোৰ বান্দা। কাৰো কথা-কামলৈ তেওঁ ভ্ৰূক্ষেপ নকৰে। তেওঁ ভবা, সিদ্ধান্ত লোৱা কাম তেওঁ কৰিবই। এয়াই আছিল তেওঁৰ সংকল্প।

তেনেদৰেই ২০১৩ বৰ্ষত ০.৮ হেক্টৰ মাটিকালিত খেতি কৰি ১৬০০ কিলোগ্ৰাম ধান উৎপাদন কৰে। অধিক উৎপাদনৰ লক্ষ্যৰে ২০১৪ বৰ্ষত উপেন্দ্ৰ ৰাভাই অঞ্চলটোৰ অন্যান্য ৩০জন খেতিয়কক একত্ৰিত কৰি ১৩.২ হেক্টৰ ভূমিত ১৬০ কেজি ধানৰ বীজ ৰোপণেৰে ১২০০ কুইণ্টল ধান উৎপাদন কৰিবলৈ সক্ষম হয়। ধানৰ উৎপাদন ক্ৰমন্বয়ে বাঢ়ি যোৱাত বহলভিত্তিত খেতি কৰাৰ প্ৰয়োজনীয়তা অনুভৱ হৈছিল। সেই অনুভৱ পূৰ কৰিবলৈ অঞ্চলটোৰ খেতিয়কসকলক উৎসাহিত কৰিবলৈ আৰম্ভ কৰিছিল। প্ৰতিষ্ঠিতি লাভ কৰা খেতিয়কজনৰ কথাত অঞ্চলটোৰ অন্যান্য খেতিয়কসকল উৎসাহিত হ’বলৈ ধৰিলে।

তাৰ ফলস্বৰূপে ২০১৪–১৫ বৰ্ষত অঞ্চলটোৰ ২০০ জন খেতিয়কে ৫০০ বিঘা মাটিত ক’লা ধানৰ খেতি কৰিবলৈ সিদ্ধান্ত লয়। সেয়ে উপেন্দ্ৰ ৰাভাৰ অভিযানখনক আগবঢ়াই নিবলৈ ৫০ জন খেতিয়কে একলগ হৈ ক’লা ধান উৎপাদন সমিতি গঠন কৰি এক সু-সংগঠিত ৰূপ দিয়ে। সেই বছৰটোত ২৫ কুইণ্টল ধানৰ বীজৰ ৰোপনেৰে ২০০ টন ধান উৎপাদন কৰিবলৈ সক্ষম হৈছে। যাৰ গড় উৎপাদন বিঘাই প্ৰতি ৪০০ কেজি।

যিকোনো কামত একানপতীয়াভাৱে লাগি থাকিলে সেই কামৰ সুফল লাভ কৰা স্বাভাবিক। তাৰ জ্বলন্ত উদাহৰণ উপেন্দ্ৰ ৰাভা। উক্ত কৰ্মৰ বলত এতিয়া উপেন্দ্ৰ ৰাভাই দেশে-বিদেশে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। গতিকে কৰ্মৰ প্ৰতি মনোযোগ দিয়ক, ফল নিশ্চয় লাভ কৰিব।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward