প্ৰকাশিত তাৰিখঃ ২৭ জানুৱাৰী, ২০২৫
কল্প ৰঞ্জন গগৈ –
চ্যাওলুং চ্যুকাফাই ১২২৮ খ্ৰীষ্টাব্দত পাটকাই পৰ্বতত ঘোষণা কৰিছিল এখন চনদ। বুৰঞ্জী লিখিবলৈ অতীতৰ প্ৰতি দায়বদ্ধ হ’বলৈ আৰু আনখন সোণালী বাগিচা ম্যুংডুনচূনখাম গঢ়াৰ চনদ। ভৱিষ্যতৰ প্ৰতি দায়বদ্ধ হ’বলৈ। অধ্যয়ন আৰু অনুশীলন কৰাৰ বাবে প্ৰতিজ্ঞা। জন্ম হ’ল আহোম সংস্কৃতি–প্ৰশাসন। ৰাইজ একগোট হৈ থকাৰ প্ৰতিশ্ৰুতি।
জাতিৰ অগ্ৰগতিৰ বাবে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ দৈহিক আৰু মানসিক শক্তিৰ যাতে পচন নঘটে তাৰ বাবে শ্ৰীমন্ত শংকৰদেৱে (১৪৪৯–১৫৬৮) আৰম্ভ কৰিলে এক নতুন সাংস্কৃতিক যাত্ৰা– কিতাপ–সংগঠন–নামঘৰৰ সাংস্কৃতিক অনুশীলন। অতীতৰ ওপৰত ভিত্তি কৰি সম্প্ৰসাৰন ঘটা অসমীয়া জাতি আজি একৈশ শতিকাৰ বিশ্বায়নৰ যুগৰ আধুনিক সমাজবিজ্ঞানৰ মতে ‘পতনশীল মৃত্যুমুখী পুঁজিবাদী সংস্কৃতি আৰু ৰাজনীতি–অৰ্থনীতি বা সাম্ৰাজ্যবাদী যুগত’ আৰু যুগনায়ক স্বামীবিবেকানন্দৰ (১৮৬৩–১৯০২) মতে ‘বৈশ্য যুগত’ এক জীৱন্ত আগ্নেয়গিৰিৰ ওপৰত বহি আছে।
বিশ্বায়নৰ প্ৰভাৱত সমগ্ৰ বিশ্বই আজি এখন গাঁও য’ত আমাৰ মস্তিষ্ক অলস হোৱা বাবে পচনশীল। যোৱাটো বছৰৰৰ উল্লেখযোগ্য শব্দ Oxford Word of the Year হৈছে মগজুৰ পচন Brain Rot। আমাৰ দৰে দুৰ্বল অৰ্থনীতি– ৰাজনীতিৰ দেশত এই পচনকাৰ্য অতি দ্ৰুত আৰু গভীৰ।
স্বামী বিবেকানন্দৰ (১৮৬৩–১৯০২) মতে– ‘সকলো বিজ্ঞানৰ ভিতৰত শ্ৰেষ্ঠ বিজ্ঞান হৈছে মনোবিজ্ঞান’ ‘Psychology is the Science of Science’। স্বামীজীয়ে ১২৫–২৮ বছৰ আগেয়ে তেতিয়াৰ মানৱ সমাজৰ গতি–প্ৰকৃতি লক্ষ্য কৰিয়েই মনোবিজ্ঞান চৰ্চাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আজি সমগ্ৰ মানৱ সমাজ এক অন্ধ প্ৰবৃত্তিৰ প্ৰভাৱত, বিজ্ঞাপন–প্ৰদৰ্শনীৰ যুগত মগজুৰ পচনকাৰ্যৰ ফলত আত্মবিনাশ যজ্ঞৰ বাবে ব্যাকুল।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি থৈ গৈছিল মানসিক উন্নতিৰ বাবে উপাদান। আধুনিক সমাজবিজ্ঞানী কাৰ্লমাৰ্ক্সৰ (১৮১৮–১৮৮৩) চাৰি শতিকাৰ আগেয়ে অসমত সমাজবাদ–সাম্যবাদ প্ৰতিষ্ঠাৰ বাবে যে অৰ্থনৈতিক সংগ্ৰামৰ লগে লগে সাংস্কৃতিক সংগ্ৰামৰ প্ৰয়োজন তাক স্পষ্টভাৱে কৈ গৈছিল। এই সংগ্ৰামৰ যে শত্ৰু ৰজাঘৰ আৰু ডা–ডাঙৰীয়া আৰু ইতিহাসৰ মেৰুদণ্ড যে প্ৰজা–জনগণ তাকো স্পষ্টভাৱে বুজিবলৈ উপায় দি থৈ গৈছে।
আধুনিক সমাজবিজ্ঞানীজনে কৈছিল– দাৰ্শনিকসকলে বিশ্বখনৰ বৰ্ণনা হে কৰি গৈছে। কিন্তু মূল সমস্যা হৈছে তাৰ পৰিৱৰ্তন (Philosophers have defined the World in various ways but the most important point is to change it। এই পৰিৱৰ্তনৰ পথটোকেই শ্ৰীমন্ত শংকৰদেৱে দি থৈ গৈছিল। শ্ৰীমন্ত শংকৰৰ মতে সংস্কৃতি আৰু আধ্যাত্মিকতাই হৈছে মহাপৰিৱৰ্তনৰ কাৰক। স্বামী বিবেকানন্দৰ মতে শিক্ষা আৰু ধৰ্ম – এই দুইটাই মিলি মানুহৰ পূৰ্ণতা, দেৱত্ব – আধ্যাত্মিকতাৰ বিকাশ ঘটাব পাৰে। সেয়ে প্ৰকৃত সনাতন ধৰ্মৰ মতে ধৰ্ম আফিং নহয় বৰং মানুহৰ পূৰ্ণতা প্ৰাপ্তিৰ অস্ত্ৰহে।
আজি প্ৰাকৃতিক বিজ্ঞানৰ Natural Science বিভিন্ন শাখাৰ উন্নতিৰ ফলত মানুহৰ বৈষয়িক সম্পদ মুখ –স্বাচ্ছন্দ্যৰ বিকাশ অভূতপুৰ্ব। অভাৱবোধ হৈছে মানসিক জগতৰ। যুদ্ধই মানুহৰ বিচ্ছিন্নতাবোধৰ লগতে হিংসাত্মক কাৰ্যকলাপ বঢ়াই আনিছে। সমাজখনক নতুন ৰূপ দিবপৰা সমাজবাদ –সাম্যবাদীসকলক শত্ৰু, দেশদ্ৰোহী নাম দিয়া হৈছে। ব্ৰিটিছ সাম্ৰাজ্যবাদৰ এই অপদৰ্শনৰ প্ৰচাৰঙ প্ৰসাৰ চলি আছে। বস্তাপচা দৰ্শন আৰু পচনক্ৰিয়াৰ সম্প্ৰসাৰন ঘটাইছে মধ্যশ্ৰেণীৰ বনিয়াসকলে।
অৱস্থাৰ পৰিৱৰ্তনৰ বাবে জ্ঞানৰ প্ৰয়োজন– উপযুক্ত গ্ৰন্থ আৰু ইয়াৰ অধ্যয়নৰ প্ৰয়োজন।
স্বামীজীয়ে কৈ গৈছে– ভৱিষ্যথৰ ভাৰতবৰ্ষৰ প্ৰয়োজন হ’ব (Islamic Body and Vedantic Brain) দেহা অন্তিম নৱীজনাৰ নিৰ্দেশনা মতে সুগঠিত– নামাজ–ৰোজা–কলমা–হজ আৰু জাকাট আৰু বেদান্তৰ অনুশীলন অধ্যয়ন। ভাৰতবৰ্ষৰ মহান ঐতিহ্য ব্ৰিটিছ সাম্ৰাজ্যবাদে আঁহ ফালি থৈ গ’ল। মহাত্মাৰ পিছৰ ভাৰতবৰ্ষত তাক স্বাধীনতা যোদ্ধাসকলৰ পিছৰ প্ৰজন্মই জোৰা লগাব পৰা নাই। আজি দ্ৰুত পচনৰ দিনত সি সম্পূৰ্ণ পতনৰ দিশত গতি কৰিছে। এই পতনৰ পৰা থিয় হ’বলৈ কিতাপেই হৈছে একমাত্ৰ হাঁথিয়াৰ।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News