Friday, April 19, 2024
Homeবাতৰিকেন্দ্ৰৰ দ্বাৰা অৱহেলিত অসমৰ কাগজ কল পুনৰ জীৱিত হ’ব কেতিয়া?

কেন্দ্ৰৰ দ্বাৰা অৱহেলিত অসমৰ কাগজ কল পুনৰ জীৱিত হ’ব কেতিয়া?

প্ৰকাশিত তাৰিখঃ ২৪ ছেপ্টেম্বৰ, ২০১৮

চি এন ডেক্স

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা অৱহেলিত নগাঁও আৰু কাছাৰ কাগজ কল। কল দুটাত কৰ্মৰত কৰ্মচাৰীসকলে আজি ২০ মাহ ধৰি দৰমহা লাভ কৰা নাই। দৰমহাৰ পৰা বঞ্চিত কৰ্মচাৰীসকলে কাগজ কল দুটাক পনৰজীৱিত কৰা আৰু বন্ধ হৈ থকা দৰমহা মুকলি কৰি দিয়াৰ দাবীত এলানি আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। অহা ২৬ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা ২ বজালৈ ৩৭নং আৰু ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী পালনেৰে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি নতুনকৈ গঠন হোৱা এইচ পি চি পেপাৰ মিল্‌ছ ৰিভাইভেল একশ্যন কমিটীৰ সূত্ৰত প্ৰকাশ।

এই সন্দৰ্ভত যোৱা ১৮ ছেপ্টেম্বৰত শিলচৰত এইচ পি চি পেপাৰ মিল্‌ছ ৰিভাইভেল একশ্যন কমিটীয়ে এখন সংবাদমেলৰ আয়োজন কৰে। দাবী কমিটিৰ মুখ্য সমন্বয়ক মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে উক্ত সংবাদমেল সম্বোধন কৰি কয় যে– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাছাৰ জিলাৰ পাঁচগ্ৰাম আৰু নগাঁও জিলাৰ ৰহাত অনুষ্ঠিত নিৰ্বাচনী সভাত কাগজ কল দুটাক পুনৰজীৱিত কৰি তোলাৰ প্ৰতিশ্ৰুতি দিছিল। সম্প্ৰতি নগাঁও আৰু কাছাৰ কাগজ কলৰ উন্নয়ন পেকেজৰ ৯০ কোটি টকাৰ ফাইল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়তে পৰি আছে। উক্ত ধনখিনি সোণকালে মোকোলাই অনাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পদক্ষেপ গ্ৰহণ কৰিব লাগে। চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ সলনি বহু মাহ ধৰি দৰমহা বঞ্চিত কৰ্মচাৰীসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰক। অহা ২৬ ছেপ্টেম্বৰত পালন কৰিবলগীয়া ৰাষ্ট্ৰীয় পথ অৱৰোধ কাৰ্যসূচীত যদি চৰকাৰে কোনো গুৰুত্ব নিদিয়ে তেনেহ’লে পৰৱৰ্তী পৰ্যায়ত ৰে’ল অৱৰোধেৰে বৰাক বন্ধ কাৰ্যসূচী পালন কৰিব বুলি উক্ত সংবাদমেলতে সকীয়াই দিয়ে।

মুখ্য সমন্বয়ক মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে পুনৰ প্ৰকাশ কৰে যে, বজাৰত কাগজৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি কেন্দ্ৰৰ শাসনাধিস্থিত বিজেপি চৰকাৰে চীন আৰু দক্ষিণ কোৰিয়াৰ পৰা অধিক দামত কাগজ আমদানি কৰাৰ বাট মুকলি কৰিব খুজিছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ২০১৭–১৮ বৰ্ষটোত চীনৰ পৰা ৫১০ কোটি মেট্ৰিকটন আৰু দক্ষিণ কোৰিয়াৰ পৰা ১৫০ মেট্ৰিকটন কাগজ আমদানি কৰিছে। সেয়ে কেন্দ্ৰীয় চৰকাৰে কোনো জাননী নিদিয়াকৈ ২০১৫ চনৰ ২০ অক্টোবৰত কাছাৰ কাগজ কল আৰু ২০১৭ চনৰ ১৩ মাৰ্চত নগাঁও কাগজ কল বন্ধ কৰি দিছে। অথচ বন্ধৰ দুদিন আগলৈকে ৩০০ টন কাগজ উৎপাদন কৰিবলৈ যিমান পৰিমাণৰ কেঁচা সামগ্ৰী লাগে সেয়া সকলোবোৰ মজুত আছিল কাছাৰ কাগজ কলত।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward