Friday, March 29, 2024
HomeARTICLEনিৰ্মাণৰ বাবে গণ প্ৰচেষ্টা

নিৰ্মাণৰ বাবে গণ প্ৰচেষ্টা

প্ৰকাশিত তাৰিখঃ ১২ ছেপ্টেম্বৰ, ২০২২

কল্প ৰঞ্জন গগৈ –

লাইখুটা পুতিছিল চ্যাওলুং চ্যুকাফাই– (১২২৮ –১২৬৮)। আজিৰ অসমৰ বুনিয়াদ,আহোম প্ৰশাসনীয় ব্যৱস্থাৰ কাঠামো (Framework)। যোগ হৈছিল শ্ৰীমন্ত শংকৰদেৱৰ সাংস্কৃতিক আন্দোলন। এনেকৈয়ে বুৰঞ্জীৰ খলাবমা পথেৰে এটা ঋজু গতিত ষোল্ল শতিকাৰ শেষলৈ। ১৭ শতিকাত স্বৰ্গদেউ প্ৰতাপ সিংহৰ (১৬০৩–১৬৪১) দিনত যোগ হ’ল এক নতুন যাত্ৰা। বৰবৰুৱা পদবী যোগ হ’ল– মোমাই তামুলী হ’ল প্ৰথম বৰবৰুৱা (১৬১৭), কাম দিয়া হ’ল গাঁও সংগঠন, প্ৰতিখন গাঁৱক একোখন স্বাৱলম্বী একক হিচাপে গঢ়ি তোলা, ১৬–৬০ বছৰ বয়সৰ কৰ্মঠ মানুহৰ পিয়ল আৰু পাইক ব্যৱস্থাৰ আৰম্ভণি। একে সময়তে বৰফুকন নামৰ পদবী সৃষ্টি– নামনি খণ্ডৰ শাসক হিচাপে।

শ্ৰীমন্ত শংকৰে আৰম্ভ কৰা নৱবৈষ্ঞৱ আন্দোলনে ১৫ শতিকাৰ পৰা অসমীয়া সমাজখনক এক নতুন ৰূপ দিলে। ‘কুক্কুৰ শৃগাল–গদৰ্ভৰো আত্মা ৰাম’– সেয়ে সকলো মানুহেই প্ৰণামৰ যোগ্য। ৰাইজেই ৰজা আৰু সেয়ে ৰজাক, পুৰোহিতক শৰণ দি এই গণনীতিক ধ্বংস কৰিব নোৱাৰি। নাৰী দাসী বাবেই শৰণ দিব নোৱাৰি– এইটো সত্য নহয়। কেৱল নাৰীৰ স্বকীয় মৰ্যাদা– বিশেষকৈ ভাৰতীয় সভ্যতাত নাৰী ঈশ্বৰ ৰূপে পূজিত। তাৰ প্ৰতি সন্মান জনাইহে নাৰীক শৰণৰ উৰ্ধত ৰখা হ’ল। কাৰণ পবিত্ৰ নাৰী যিহেতু তাহানিৰে পৰাই বন্দিত সেয়ে সন্তানসৱে মাতৃ বন্দনাহে কৰিব লাগে। আজি এই দৰ্শন বিস্মৃত–বিচ্যুত। সেয়ে অসমত শংকৰগুৰুৰ ধাৰা বহুধাবিভক্ত আৰু জনগণ হতাশাগ্ৰস্ত। ফলত সমাজ বিকাশৰ এক শক্তিশালী ধাৰা  কৰা হৈ পৰিছে ৰোগগ্ৰস্ত। শংকৰগুৰুৰ কথাবোৰ বৰ্তমান সময়ৰ লগত সংগতি ৰাখি বিকশাই তুলিলে আৰু সমগ্ৰ সমাজলৈ সম্প্ৰসাৰণ ঘটালে ই হ’ব এক নতুন গণতান্ত্ৰিক সাৰ্বভৌমত্বৰ ‘মাটি আখৰা’।

ভালপোৱা–বুজাবুজিৰে গঢ় লয় সমাজ আৰু এই ভালপোৱা সম্প্ৰসাৰিত হয় সংস্কৃতিৰ জৰীয়তে। লাইখুটা পুতোতে চ্যুকাফাই কৈছিল– আমি আলহী, থলগিৰী, থানগিৰী তহঁতহে। সেয়ে প্ৰথমে মৰাণ আৰু তাৰ পিচত বৰাহীৰ জোঁৱাই হ’ল। অহমৰ ভেটি তৈয়াৰ হ’ল– সময়ত এটা প্ৰশাসনীয় ব্যৱস্থাৰ তৈয়াৰ হ’ল। আমোলাতন্ত্ৰ গঠন হ’ল। ভালপোৱাৰ স্থান ল’লে ঘৃণাই– ঘৃণাৰ ফচল বৰফুকন বদন– বুঢ়াগোঁহাই পূৰ্ণানন্দৰ মাজৰে কন্দল। পৰিণতি ইয়াণ্ডাবুত বেলিমাৰ – ২৪ ফেব্ৰুৱাৰী ১৮২৬ খ্ৰীষ্টাব্দত।

বৰবৰুৱা মোমাইতামুলীৰ অৱদান– সৱল–পুষ্ট ডেকাশক্তিৰ কৰ্মী বাহিনী– স্বাৱলম্বী–গাঁও প্ৰতিষ্ঠা– দেশৰ বিকাশ। তাৰ পিছৰ তথ্য বুৰঞ্জীৰ পৰা লওক। মোৰ বাবে প্ৰয়োজনীয় ঘটনা– স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ (১৭৫১–১৭৬৯), লক্ষী সিংহ (১৭৬৯–১৭৮০), বৰবৰুৱা কীৰ্তিচন্দ্ৰৰ মইমতালি– উদ্ভণ্ডালি– চ্যুকাফাৰ শহুৰৰ ঘৰ মৰাণৰ ওপৰত অত্যাচাৰ। ফল প্ৰজা জাগৰণ। ১৭৬৯ খ্ৰীষ্টাব্দৰ পৰা গৌৰীনাথ সিংহৰ দিনলৈ (১৭৮০–১৭৯৫)।

প্ৰজা জাগৰণ তুংগত। কথিত আছে যে, গৌৰীনাথৰ ৰাজত্ব কালত প্ৰজা–বিদ্ৰোহীৰ ওপৰত ৰজাঘৰীয়া নিৰ্যাতন তুংগত। ডেৰ মাহৰ ভিতৰত কমেও ৭লাখ বিদ্ৰোহীক হত্যা। প্ৰতিহিংসাই কঠোৰ প্ৰতিহিংসা মাতি আনে। প্ৰজা নিৰ্যাতনৰ ফলত ১৭৮৬ চনত পুনৰ বিদ্ৰোহ। ফলত গৌৰীনাথৰ গুৱাহাটীলৈ পলায়ন। ১৭৮৭ চনৰ ২২ জানুৱাৰী আৰু ১৭৮৯ চনৰ ৮ নৱেম্বৰৰ দিনা ইংলিচ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওচৰত সহায় ভিক্ষা।

১৭৯২ চনৰ নৱেম্বৰ মাহৰ পৰা ১৭৯৪ চনৰ মে’ মাহলৈ প্ৰায় ১৯ মাহ কোম্পানীৰ সামৰিক–ৰাজনৈতিক হস্তক্ষেপে অসমলৈ সৰ্বনাশ মাতি আনিলে।

কেপ্টেন ৱেইলছৰ বাহিনী– উন্নত সাম্ৰাজ্যবাদী বাহিনী। তাৰ বিপৰীতে প্ৰজাবাহিনী এক পিচপৰা দূৰ্বল শক্তি। গাঁৱলীয়া খেতিয়ক প্ৰজা। ১৮ শতিকাৰ মাজত গৌৰীনাথসকল। সামন্তযুগৰ আমোলাতন্ত্ৰ। লগত সাম্ৰাজ্যবাদী সহযোগিতা।

কেপ্টেইন ৱেইলছে শিৱসাগৰৰ পৰা দৰিকালৈ ৪শ ঘৰ–বাৰী জ্বলাই দি পুৰি পেলালে। ৮০জন কৃষক প্ৰজা শ্বহীদ– ইংৰাজৰ গুলিত।

প্ৰজা বাহিনীৰ সম্পদ নিলাম কৰি প্ৰায় ১লাখ ৫হেজাৰ টকা সংগ্ৰহ কৰি বিজয়ীৰ অধিকাৰ হিচাপে দখল। ১৭১৯৪ চনৰ ২৫ মে’ৰ দিনা সমগ্ৰ ধন সোণ লৈ কলিকতালৈ গমন। ১৭৯২ খ্ৰীষ্টাব্দৰ ১৯ নৱেম্বৰৰ পৰা এই দখল দেশীয় ৰাজ্যৰ আমন্ত্ৰণত। তাৰ পিছৰ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনৰ পৰা (১৭৯৫–১৮১০) চন্দ্ৰকান্ত সিংহহৈ (১৮১০–১৮১৮, ১৮১৯–১৮২১) স্বৰ্গদেউ যোগেশ্বৰ সিংহ (১৮২১–১৮২৫), মানৰ দখলৰ পৰা ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী পৰ্যন্ত– কাৰ শাসন বুলি ক’লে শুদ্ধ হ’ব?

বুৰঞ্জীৰ খলা–বমা পথ, অসমীয়াৰ খলা–বমা মন, শংকৰ–মাধৱসকলে দি যোৱা সাংস্কৃতিক–বৌদ্ধিক জাগৰণৰ দিহা সকলোবোৰ যেন আজি এক প্ৰকাণ্ড আৱৰ্জনা হৈ পৰিছেগৈ।

মোৰ মতে অসমৰ প্ৰকৃত মুক্তিযুদ্ধ আৰম্ভ হৈছিল স্বৰ্গদেউ লক্ষীসিংহৰ দিনত (১৭৬৯–১৭৮০)। প্ৰজাৰ অভিযোগৰ ভেটি। বৰভেটি গঢ়িছিল প্ৰজা খেতিয়কে। সাম্ৰজ্যবাদী দখলদাৰৰ বিৰুদ্ধে যুঁজ ১৭৯২ চনৰ ১৯ নৱেম্বৰৰ পৰা। তাৰ পৰা একাদিক্ৰমে ১৯৪৭ চনলৈ প্ৰজাৰ জাগৰণবোৰক মুক্তিযুদ্ধ বুলি ক’বই লাগিব। এই যুদ্ধক আগবঢ়াই নিবলৈ লাগিব জনগণৰ সন্মিলিত প্ৰচেষ্টা।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward