Friday, April 19, 2024
HomeARTICLEগুৱাহাটীৰ পৰা বাংগালোৰলৈ নতুন বিমান সেৱা সংযোজন

গুৱাহাটীৰ পৰা বাংগালোৰলৈ নতুন বিমান সেৱা সংযোজন

প্ৰকাশিত তাৰিখঃ ২৩ ফেব্ৰুৱাৰী, ২০২২

অগ্ৰণী সংবাদ

গুৱাহাটীঃ ২৩ ফেব্ৰুৱাৰী ২০২২ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত সম্প্ৰতি যাত্ৰীৰ ভিৰ লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। এসপ্তাহৰ ভিতৰতে বিমানযাত্ৰীৰ সংখ্যা প্ৰায় দুগুনলৈ বৃদ্ধি হৈছে। উল্লেখযোগ্য যে বিমান সংযোজনৰ ক্ষেত্ৰত ‘ভিস্তাৰা এয়াৰলাইনে’ এখন নতুন বিমান সেৱা স্থাপন কৰিবলৈ সক্ষম হৈছে। ফ’ৰ ষ্টাৰ বিমানসেৱা ৰূপে দাবী কৰা ‘ভিস্তাৰা এয়াৰলাইনে’ গুৱাহাটীৰ পৰা বাংগালোৰলৈ সপ্তাহৰ পাঁচদিনেই এই সেৱা আৰম্ভ কৰিছে। দৰাচলতে, এই সেৱা ‍ক’ভিড কালতেই আৰম্ভ হৈছিল যদিও বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰণা অতিমাৰীৰ বাবে এয়াৰলাইনে এই সেৱা বাতিল কৰিবলৈ বাধ্য হৈছিল। অৱশেষত যোৱা ১৫ ফেব্ৰুৱাৰী, ২০২২ তাৰিখৰ পৰা, নতুন উদ্যমেৰে এই সেৱা পুনৰবাৰ আৰম্ভ কৰা হৈছে। গুৱাহাটীৰ পৰা আৰম্ভ কৰা এই বিমান সেৱাই বাংগালোৰলৈ যাত্ৰা কৰিব খোজা যাত্ৰীসকললৈ নতুন সুবিধা আনি দিব। কেইজনমান বিমানযাত্ৰীয়ে এই নতুন বিমানসেৱাক অতি প্ৰশংসনীয় বুলি মন্তব্য প্ৰকাশ কৰিছে। ‘ভিস্তাৰা’ বিমানখনৰ বৈশিষ্ট্য হৈছে, ই আকাৰত ঠেক আৰু আটাইকেইখন আসনেই ‘ইক’নমিক ক্লাছ’ পৰ্য্যায়ৰ। ইযাত ১৮০ খন আসন আছে। এই বিমানখন দেও, সোম, বৃহস্পতি, শুক্ৰ আৰু শনিবাৰে গুৱাহাটীৰ পৰা বাংগালোৰলৈ আৰু বাংগালোৰৰ পৰা গুৱাহাটীলৈ চলাচল কৰে। ‘ইউ কে– ৭৬৬ নামৰ বিমানখন গুৱাহাটী বিমান কোঠৰ পৰা সন্ধিয়া ৪ বাজি ৫ মিনিটত উৰণ কৰি বাংগালোৰত গৈ ৭ বাজি ১০ মিনিটত অৱতৰণ কৰে। ঠিক একেদৰে বিমান ‘ইউ কে– ৭৫৫’ খনে বাংগালোৰৰ পৰা দুপৰীয়া ১২ বাজি ২০ মিনিটত উৰণ আৰম্ভ কৰি গুৱাহাটীত বিয়লি ৩ বাজি ৩০ মিনিটত অৱতৰণ কৰে।

সংবাদ আৰু ফ’টোঃ বিমান বন্দৰ কৰ্তৃপক্ষৰ জনসংযোগ বিভাগ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward