Saturday, April 20, 2024
HomeARTICLEচানডুবিৰ পিতনিত বনজুইঃ নিশ্চিতভাৱে মৃত্যু ঘটিব দূষ্প্ৰাপ্য বন্যপ্ৰাণীৰ

চানডুবিৰ পিতনিত বনজুইঃ নিশ্চিতভাৱে মৃত্যু ঘটিব দূষ্প্ৰাপ্য বন্যপ্ৰাণীৰ

প্ৰকাশিত তাৰিখঃ ২৪ মাৰ্চ, ২০২২

অগ্ৰণী সংবাদ

চানডুবি নিউজ ৰিপ’ৰ্ট–

ঐতিহাসিক চানডুবি বিলৰ পিতনিত বনজুই। উল্লেখযোগ্য যে বিলখনৰ দক্ষিণ দিশৰ কঠালগুৰী, টকৌবাৰী, চাপৰাকাটা আদি গাঁওসমূহত বহু সংখ্যক পিতনি আছে। বৰ্তমান মূল চানডুবি বিলখন কঠালগুৰী আৰু টকৌবাৰী গাঁও দুখনৰ পৰা আৰম্ভ হৈছে। গাঁও দুখনৰ কাষত থকা কেইবাটাও পিতনিত বৰ্তমান বনজুইয়ে গ্ৰাস কৰিছে। ইতিমধ্যে ২৩ মাৰ্চত কেইবাটাও পিতনি জুইয়ে ছাৰখাৰ কৰিছিল। আজি আবেলিলৈকে কেইবাটাও পিতনিত জুই জ্বলিয়েই আছিল।  

সাধাৰণতে এই মাহটোত বনাঞ্চল সমূহত জুই জ্বলে। ইতিমধ্যে চানডুবিৰ কাষৰীয়া মায়ং পাহাৰ, পাচঁৰাণী পাহাৰ, ছাগলছাৰী পাহাৰত বনজুই আৰম্ভ হৈছে। এই বনজুই নিৰৱচ্ছিন্নভাৱে কেইবাদিনো জ্বলি থাকিব। পাহাৰ–পৰ্বতৰ বনজুই এক পৰম্পৰাগত নিয়মৰ দৰেই চলি আহিছে। যদিও, বিভিন্ন বন্যপ্ৰাণীৰ বাসস্থান তথা ঐতিহাসিক চানডুবি বিলৰ এই পিতনি সমূহত জুই জ্বলা কাৰ্য জৈৱ–বৈচিত্ৰ্যৰ প্ৰতিয়েই ভাবুকি স্বৰূপ। এই জুইৰ ফলত পিতনি সমূহত বসবাস কৰা বহু দূষ্প্ৰাপ্য জীৱ–জন্তুৰ নিশ্চিতভাৱে মৃত্যু ঘটিব।

উল্লেখযোগ্য যে, পিতনি হ’ল বিল–জলাশয়ৰ এক চহকী সম্পদ। জৈৱ–বৈচিত্ৰ্য নিয়ন্ত্ৰণত পিতনি সমূহেও মুখ্য ভূমিকা পালন কৰে। আজি জৈৱ–বৈচিত্ৰ্য নিয়ন্ত্ৰণৰ বাবে বিল–জলাশয়ৰ সংৰক্ষণৰ দাবীত বিশ্বজুৰি আন্দোলন অব্যাহত আছে। তেনেসময়ত বিল–জলাশয়ৰ পিতনি জুইয়ে ছাৰখাৰ কৰা কাৰ্য আমাৰ কাৰণে এক ভাৱিব নোৱাৰা ক্ষতি। চানডুবিৰ পিতনিত কেনেকৈ জুই জ্বলিল? এই জুই বনৰ পৰা বিয়পিল নে মানুহে সংযোগ কৰিছে সেই সন্দৰ্ভত পশ্চিম কামৰূপ বন সংমণ্ডল তথা লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward