Friday, March 29, 2024
HomeARTICLEএখন সুখী পৃথিৱী

এখন সুখী পৃথিৱী

প্ৰকাশিত তাৰিখঃ ২৮ মাৰ্চ, ২০২২

কল্প ৰঞ্জন গগৈ –

দ্বিতীয় মহাসমৰৰ সময়ৰ বৃটেইনৰ প্ৰধান মন্ত্ৰী আছিল উইনষ্টন চাৰ্চিল। ভাৰতবৰ্ষৰ ৰাজনৈতিক স্বাধীনতাক স্বীকৃতি দিয়া দূৰৰে কথা ভাৰতীয় সভ্যতা–সংস্কৃতিক স্বীকাৰ কৰিবলৈও নাৰাজ। তেওঁৰ মতে ভাৰতবৰ্ষ এখন জঘন্য দেশ– A beastly country with a beastly religion । তেওঁৰ মতে ইংৰাজে ভাৰত এৰি গ’লে ভাৰতবৰ্ষ মধ্যযুগৰ বৰ্বৰতালৈ উভতি যাবগৈ। আজি ভাৰতবৰ্ষ স্বাধীন হোৱা সাতটা দশক অতিক্ৰম কৰিলে। দৰিদ্ৰতা, দূৰ্নীতি আৰু সাম্প্ৰদায়িকতাই ভাৰতবৰ্ষক সাময়িকভাৱে বিচ্যুত আৰু বিভ্ৰান্ত কৰিলেও ই নৈৰাজ্যলৈ অধঃপতিত হোৱা দূৰৰ কথা নানা প্ৰত্যাহ্বান স্বত্বেও এখন দেশৰূপে বৰ্তি আছে যাৰ ধৰ্মীয় সহনশীলতা আৰু গণতান্ত্ৰিক পৰম্পই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। আৰ্থিক সমৃদ্ধিৰ বাবে চীনে ভাৰতবৰ্ষক চেৰ পেলালেও পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰৰূপে ভাৰতেহে বিশ্ববাসীৰ সমীহ আৰু শ্ৰদ্ধা আদায় কৰিব পাৰিছে। এইক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বানৰ মাজেদি ভাৰতীয় গণতন্ত্ৰই পৰিপক্কতা অৰ্জন কৰিছে। আৰু ইয়াক কেবাজনো অভাৰতীয় দাৰ্শনিক–বুদ্ধিজীৱিয়ে বিভিন্ন মঞ্চত তুলি ধৰিছে। প্ৰখ্যাত সমাজ বিজ্ঞানী মাইৰণ ৱেইনাৰৰ উদ্ধৃতি দি অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ স্নাতক এডৱাৰ্ড লুচে কৈছে– বৈচিত্ৰ্যৰ বাবেই ভাৰতৰ অগ্ৰগতি মন্থৰ আৰু সেইবাবেই ভাৰত তুলনামূলকভাৱে সুস্থিৰ। ভাৰত যেন এখন বাৰ চ’কীয়া ল’ৰী– তাৰ এটা চ’কা ফুটিলেও খাৱৈত নপৰে। ভাৰতৰ তুলনাত চীন দ্ৰুত গতিত আগবাঢ়িলেও সি চলি আছে কম সংখ্যক চকাৰ ওপৰতহে।

লুচৰ মতে– বৈচিত্ৰ্যৰ মাজতহে নিহিত আছে ভাৰতবৰ্ষৰ শক্তি। Unity in diversity নহয়– আমাৰ জাতীয়তাবাদী সকলে বিচৰা আত্মনিয়ন্ত্ৰণৰ অধিকাৰ পুষ্ট Diversity in unity।

একেদৰে ইৰানৰ দাৰ্শনিক ৰামিন জাহানবেগলুৰ মতে ভাৰতৰ যদি কিবা এটা একক বৈশিষ্ট্য আছে সেইটো হৈছে ইয়াৰ বহুত্ব– If India has any singularity, it is became it isplural । বহুত্বই ইয়াৰ প্ৰাণ। তেওঁৰ মতে– বৈপাৰীত্যবোৰ এক ভাঙিব নোৱাৰা সাঁথৰ যদিও ইয়াৰ মাজতে দেশ–সমাজ–গণতন্ত্ৰ হিচাপে জীয়াই আছে ভাৰত। ভাৰতবৰ্ষ মানে মহাত্মা গান্ধী, বিনোৱাভাৱে, নেহেৰু, শ্ৰীঅৰবিন্দ, ৰবীন্দ্ৰনাথ ঠাকুৰ, আবুল কালাম আজাদ আদিৰ প্ৰাণ। আধুনিক ভাৰতত হিন্দুত্বৰ প্ৰকৃত অভিব্যক্তি তুলি ধৰিছে মহাত্মাই। হিন্দুত্বক তেওঁ হিন্দু আৰু মুছলমানৰ মাজত সেঁতু হিচাপে গণ্য কৰিছে। স্বামী বিবেকানন্দই (১৮৬৩–১৯০২) তুলি ধৰা হিন্দুত্ব আৰু ভৱিষ্যতৰ ভাৰতবৰ্ষ হৈছে/ হ’ব বেদান্তৰ মগজু আৰু ইছলামৰ দেহাৰ বৈচিত্ৰ্যৰ বহুত্ববাদী ভাৰতবৰ্ষ– Vedantic Brain, Islamic Body regulative India ।

স্বামী বিবেকানন্দৰ মতে বুদ্ধৰ চিন্তাধাৰা হৈছে সনাতন হিন্দুত্বৰ যুক্তিবাদী সিদ্ধান্ত– Buddhism is the logical conclusion of Hinduism– চিষ্টাৰ নিবেদিতাৰ Margaret E Nobbe (1857–1911) মতে স্বামী বিবেকানন্দ হৈছে আহি থকা পোন্ধৰ শতিকাৰ ভাৰতবৰ্ষৰ প্ৰকাশ– Swamiji is the manifestation of India that will be in the coming fifteen centuries ।

হিমালয়ৰ পাদদেশৰ আমাৰ চুবুৰীয়া ভূটানে ভগৱান বুদ্ধৰ শিক্ষাৰে শিক্ষিত হৈ এখন সুখী দেশ ৰূপে পৰিগণিত হৈছে। ২০১৯ চনৰ ‘ৱৰ্ল্ড হেপিনেছ ৰিপ’ৰ্টত’ ৯৫ স্থান লাভ কৰিছে বিশেষকৈ ইউৰোপৰ উন্নত দেশৰ লগত ফেৰ মাৰি– সেয়া ভাৰতবৰ্ষৰ বাবে গৌৰৱৰ বিষয়।

স্বামী বিবেকানন্দৰ শিক্ষা–আদৰ্শ, মহাত্মাৰ ৰাম–ৰহিম, কৃষ্ঞ–কৰিমৰ হিন্দুত্ব আৰু নৱম অৱতাৰ মানুহ বুদ্ধদেৱৰ পোহৰ হ’ব লাগিব আজিৰ ভাৰতবাসীৰ পাথেয় যি সমগ্ৰ বিশ্বক পোহৰাই তুলিব– বহুত্বৰ মাজৰ ঐক্যৰ আদৰ্শৰে যাৰ অন্তিম পৰিণতি– End result হ’ব এখন সুখী পৃথিৱী।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward