Saturday, April 20, 2024
Homeবাতৰিচাহৰ মান উন্নতকৰণত গুৰুত্বঃ নিষেধাজ্ঞা জাৰী কৰিলে টি ব’ৰ্ড অৱ ইণ্ডিয়াই

চাহৰ মান উন্নতকৰণত গুৰুত্বঃ নিষেধাজ্ঞা জাৰী কৰিলে টি ব’ৰ্ড অৱ ইণ্ডিয়াই

প্ৰকাশিত তাৰিখঃ ১২ নবেম্বৰ, ২০১৮

চি এন ডেক্স

চাহৰ মান উন্নতকৰণত ওপৰত গুৰুত্ব আৰোপ কৰিছে টি ব’ৰ্ড অৱ ইণ্ডিয়াই। সম্প্ৰতি এটা সময়ৰ বাদে অতিৰিক্ত সময়ত ছিঙা কেঁচাপাতৰ পৰা উৎপাদিত চাহ আৰু পেলনীয়া চাহৰ পৰা পুনৰ উৎপাদন কৰা চাহৰ ওপৰত নিষেধাজ্ঞা জাৰী কৰিছে টি ব’ৰ্ড অৱ ইণ্ডিয়াই।

অসমৰ চাহৰ নিজৰ দেশৰ আৰু বিশ্বৰ অৰ্থনীতিৰ লগত সম্পৰ্ক আছে। নিজৰ দেশৰ লগতে বিশ্বৰ বজাৰত প্ৰাধান্য লাভৰ বাবে চাহৰ মান উন্নত কৰাৰ ওপৰত টি ব’ৰ্ডে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। চলিত বৰ্ষৰ ১০ ডিচেম্বৰৰ পৰা বাগান সমূহত কেঁচাপাত ছিঙা আৰু বিক্ৰী বন্ধ কৰিছে আৰু ১১ ডিচেম্বৰৰ পৰা কলঘৰ সমূহেও চাহ উৎপাদন কৰিব নোৱাৰিব। এই নিষেধাজ্ঞা চাহ বাগান সমূহে নতুন কেঁচাপাত নিছিঙা পৰ্যন্ত বাহাল থাকিব।

উল্লেখযোগ্য যে, ডিচেম্বৰ মাহত চাহৰ কেঁচাপাত সমূহ অতি পুৰঠ হোৱাৰ বাবে সেই পাতৰ পৰা উৎপাদিত চাহৰ মান নিম্নগামী হয়। সেই নিম্নমানৰ চাহে সমগ্ৰ বজাৰখনত নেতিবাচক প্ৰভাৱ পেলায়। তদুপৰি ডিচেম্বৰ–জানুৱাৰীৰ ভিতৰত কলঘৰ সমূহে উৎপাদন কৰা চাহক মজুত বিক্ৰী কৰিবলগা হোৱাৰ ফলত নতুনকৈ ছিঙা চাহপাত বিক্ৰীৰ ক্ষেত্ৰতো ব্যাঘাত জন্মায়।

কেনিয়া, শ্ৰীলংকা আদি দেশসমূহত উৎপাদন হোৱা চাহৰ মান অধিক উন্নত হোৱাৰ বাবে সেই চাহে বিশ্বৰ বজাৰত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। সেই দেশসমূহে উৎপাদন কৰা চাহৰ লগত ফেৰ মাৰিবলৈ ভাৰতেও সমানে সমানে খোজ পেলাব লাগিব। সেয়ে নিম্নমানৰ চাহৰ উৎপাদনৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰী কৰাৰ কথা উল্লেখ কৰে উত্তৰ–পূব চাহ সংস্থাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতীয়ে।

অসমে বছৰি ৬৭০ নিযুত কিল’গ্ৰাম চাহ উৎপাদন কৰি আহিছে। ডিচেম্বৰ–জানুৱাৰী মাহত পুৰঠ পাতৰ পৰা  উৎপাদিত চাহ আৰু পেলনীয়া চাহৰ পৰা পুনৰ উৎপাদন কৰা চাহৰ বিক্ৰী বন্ধ কৰাৰ ফলত বাগিচা সমূহৰ উৎপাদন ১ শতাংশ হ্ৰাস পাব। এই হ্ৰাসৰ ফলত বাগিছাসমূহে অৰ্থনৈতিক কোনো ক্ষতিৰ সন্মুখীন নহয় বৰং ই লাভজনকহে হ’ব। টি ব’ৰ্ডৰ এই ব্যৱস্থাই অসমত উৎপাদিত চাহৰ মান উন্নত কৰি তুলিব ফলস্বৰূপে অসমৰ চাহে ঘৰুৱা তথা বিশ্বৰ বজাৰত সমাদৃত হ’ব। বিপৰীতে নিম্নমানৰ চাহ বজাৰত প্ৰৱেশ কৰাত জটিলতাৰ সন্মুখীন হৈ পৰিব। চাহৰ মান উন্নত হোৱাৰ লগে লগে উচ্চ নিৰিখত দাম লাভ কৰিব।

টি ব’ৰ্ডে এনে কঠোৰ সিদ্ধান্ত বহু পূৰ্বে ল’ব লাগিছিল। টি বৰ্ডৰ শিথিলতাৰ কাৰণে কলঘৰ সমূহে পুৰঠ পাত আৰু পেলনীয়া চাহৰ পৰা পুনৰ চাহ তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰি আহিছিল। এই ক্ষেত্ৰত চাহৰ উৎপাদন বৃদ্ধি হৈছিল সঁচা কিন্তু গুণগত মানৰ চাহ উৎপাদন হোৱা নাছিল। কলঘৰ সমূহৰ এনে কাণ্ডত চাহৰ বজাৰখনত বহুগুণে নেতিবাচক প্ৰভাৱ পেলাইছিল। যাহওক বহু পলমকৈ হ’লেও টি ব’ৰ্ডে লোৱা এনে সিদ্ধান্তত চাহৰ বজাৰখনত এক যোগাত্মক প্ৰভাৱ পেলাব বুলি আশা কৰিব পাৰি।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward