Friday, April 19, 2024
Homeবাতৰিমেঘালয়ৰ সমাজ কৰ্মী এগনেছ খাৰছিঙক দুৰ্বৃত্তৰ আক্ৰমণ

মেঘালয়ৰ সমাজ কৰ্মী এগনেছ খাৰছিঙক দুৰ্বৃত্তৰ আক্ৰমণ

প্ৰকাশিত তাৰিখঃ ১২ নবেম্বৰ, ২০১৮

চি এন ডেক্স

মেঘালয়ৰ চিভিল ছ’চাইটী ৱমেন’ছ অৰ্গেনাইজেশ্বন (চিএছডব্লিউঅ’)ৰ সভানেত্ৰী এগনেছ খাৰছিঙক জয়ন্তীয়া হিলছত যোৱা ৮ নবেম্বৰ, বৃহস্পতিবাৰে দুৰ্বৃত্তই আক্ৰমণ কৰে। গুৰুতৰভাৱে আঘাত প্ৰাপ্ত নেত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয়।

মেঘালয়ত নাৰীৰ অধিকাৰক লৈ নিৰৱচ্ছিন্নভাৱে সংগ্ৰাম কৰি অহা এগনেছ খাৰছিং ৰাজ্যখনৰ দুৰ্নীতি বিৰোধী আন্দোলনৰো এগৰাকী আগশাৰীৰ নেত্ৰী।

উল্লেখ্য যে, মেঘালয়ৰ জয়ন্তীয়া হিলছত দীৰ্ঘদিনৰ পৰা অব্যাহত আছে অবৈধ কয়লা খনন। দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি অহা খাৰছিঙে ৰাজ্যখনত চলি থকা এই অবৈধ কয়লা খননৰ বিৰুদ্ধেও মাতমাতি আহিছিল আজি কেইবা বছৰ ধৰি।

নেত্ৰীগৰাকীক আক্ৰমণৰ সন্দেহৰ ভিত্তিত ইলফোন ড’খাৰ আৰু মেকলিছন ছিয়াংছাই নামৰ দুগৰাকী লোকক অঞ্চলটোৰ পৰা পুলিচে আটক কৰিছে। আক্ৰমণকাৰীক চিনাক্তৰ বাবে পুলিচৰ তদন্ত অব্যাহত থকা বুলি এক সূত্ৰত প্ৰকাশ।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward