Saturday, April 20, 2024
Homeবাতৰিদিছপুৰ কঁপাই তুলিলে আছুসহ ২৮ টা জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচীয়ে

দিছপুৰ কঁপাই তুলিলে আছুসহ ২৮ টা জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচীয়ে

প্ৰকাশিত তাৰিখঃ ১২ নবেম্বৰ, ২০১৮

চি এন ডেক্স

অসম চুক্তিক বাৰে বাৰে উলংঘা কৰি কেন্দ্ৰীয় চৰকাৰে বাংলাদেশী নাগৰিকক নাগৰিকত্ব প্ৰদানৰ বাবে নাগৰিকত্ব (সংশোধনী) বিল– ২০১৬, অসম চৰকাৰৰ জৰিয়তে ৰাজ্যখনত জাপি দিবলৈ চেষ্টা চলাই আহিছে। জাতি বিধ্বংসী এনে কাৰ্যক আছুসহ ২৮ টা জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ জনাই আহিলেও তাৰ প্ৰতি কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা নাছিল শাসনাধিস্থিত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে। চৰকাৰৰ এনে হঠকাৰী কাৰ্যত অতিষ্ঠ হৈ পৰা সংগঠন সমূহে এইবাৰ খোদ ৰাজধানীৰ পদূলীতে প্ৰতিবাদ সাব্যস্ত কৰিলে।

যোৱা ৮ নবেম্বৰত আছুসহ ২৮ টা জনগোষ্ঠীয় সংগঠনে পালন কৰিলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। গণেশগুৰিৰ গণেশ মন্দিৰ বাকৰিত সকলোবোৰ প্ৰতিবাদী সমবেত হয়। লোকাৰণ্য হৈ পৰা মন্দিৰৰ সেই বাকৰিৰ পৰাই বিভিন্ন ধ্বনিৰে দিছপুৰৰ পদূলিলৈ শোভাযাত্ৰা কৰি আহে প্ৰতিবাদীসকলে। দিছপুৰৰ পদূলিৰ পৰা পুনৰ গণেশ মন্দিৰ বাকৰিলৈ গৈ তাতে প্ৰতিবাদ কাৰ্যসূচীৰ সমাপ্ত কৰে।

আছুৰ সভাপতি দিপাংক কুমাৰ নাথে আঁতধৰা প্ৰতিবাদী সভাখনত অংশ গ্ৰহণ কৰা বিভিন্ন সংগঠনৰ বিষয়ববীয়াই ভাষণ প্ৰদান কৰে। প্ৰতিবাদী ভাষণত আছুৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে যে– নাগৰিকত্ব (সংশোধনী) বিল বাতিল নকৰিলে মন্ত্ৰী–বিধায়কসলক ৰাজধানীৰ পৰা ওলাই যাব নোৱাৰাকৈ দিছপুৰ ঘেৰাও কৰিম। অসমীয়াৰ আবেগ অনুভূতিক বাদ দি কোনো হিন্দু বাংলাদেশীক সংস্থাপনৰ বাবে জাতিধ্বংসী বিধেয়কখনৰ পৃষ্ঠপোষকতা কৰি থাকে তেনেহ’লে অহা নিৰ্বাচনৰ সময়ত উচিত ব্যৱস্থাৰে চৰকাৰক এঘৰীয়া কৰিম বুলি সকিয়াই দিয়ে।

আছুৰ মুখ্য উপদেষ্টা ড সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে– এই মুহুৰ্তত জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কাৰ পক্ষত? খিলঞ্জীয়াৰ পক্ষত নে ? বাংলাদেশীৰ। জাতিধবংসী বিধেয়কখনৰ সপক্ষে নে বিপক্ষে আছে সেয়া স্পষ্ট কৰক। বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ ওলোৱা কাৰ্যক কোনোপধ্যে মানি লোৱা নহয়। জাতিধ্বংসী বিধেয়কখন বাতিলৰ বাবে খিলঞ্জীয়াই কৰি অহা দাবী নুশুনি মৌন হৈ থাকিলে বিষম পৰিণতিৰ সন্মুখীন হ’ব লাগিব। বিদেশী (সংশোধনী) নিৰ্দেশ– ২০১৫, পাৰপত্ৰ (ভাৰতত প্ৰৱেশ) নিয়ম ২০০৫, নাগৰিকত্ব সংশোধনী বিল– ২০১৬ সকলোবোৰ বাতিল হ’ব লাগিব। এইখন অসম অসমীয়াৰ। চৰকাৰখন খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ। গতিকে ইয়াত খিলঞ্জীয়াৰ প্ৰভূত্ব থাকিবই লাগিব। ভূমিপুত্ৰসকলে কোৱা কথা শুনিবই লাগিব। খিলঞ্জীয়াৰ স্বাৰ্থত কাম নকৰিলে কোনেও ৰেহাই নাপায়। অসমৰ অঞ্চলে অঞ্চলে আন্দোলন চলিল, চানমাৰিৰ খেলপথাৰ, লতাশিল খেলপথাৰতো প্ৰতিবাদ হ’ল। সন্মানীয় মন্ত্ৰী–বিধায়কসকল, আজি আমি সকলো খিলঞ্জীয়া, ভূমিপুত্ৰসকল দিছপুৰ পাইছো। দিছপুৰত বহি থকা জনপ্ৰতিনিধিসকলে যদি আমাৰ সকীয়নি নুশুনে তেনেহ’লে তেওঁলোকৰ চলাফুৰা বন্ধ কৰি দিম। খিলঞ্জীয়াই জাগিলে মন্ত্ৰী–বিধায়ক সকলোৰে ভোট বিচাৰি যোৱা ৰাষ্ট নোহোৱা হ’ব, কাৰণ প্ৰতিবাদ এতিয়া দিছপুৰৰ দূৱাৰ মুখত।

সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাখলাৰীয়ে– জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত অসমৰ ৰাইজ একত্ৰিত হৈছে বুলি ভাষণ প্ৰদান কৰে। বিধেয়কখন গৃহীত হোৱাৰ পিচত খিলঞ্জীয়াৰ অস্তিত্বই বিপন্ন হ’ব,সেয়া শাসকীয় পক্ষই এতিয়াও বুজি নোপোৱাটো দূৰ্ভাগ্যজনক।

আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয় যে, এতিয়া ৰাইজ শংকাত আছে আৰু শংকিত ৰাইজে ভিন্ন প্ৰান্তত ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ। মুখ্যমন্ত্ৰীয়ে নিদ্ৰা ভংগ কৰক আৰু খিলঞ্জীয়াৰ পক্ষত আছে নে নাই সেইটো স্পষ্ট কৰিবলৈও দাবী জনায়। লগতে উচতনিমূলক বক্তব্যৰে ৰাজ্যত ভাতৃঘাতী সংঘাতৰ সৃষ্টি কৰা শিলাদিত্য দেব, সুকুমাৰ বিশ্বাস আৰু প্রদীপ দত্ত ৰয়ক গ্ৰপ্তাৰ কৰিব লাগে বুলিও দাবী কৰে।

নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেন সিং ৰাভাই বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীক ৰাভা হাছং এলেকাত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰে। বড়ো আৰু ৰাভাসকল বাংলাদেশৰ পৰা কেতিয়া আহিল সেয়া প্ৰমাণ কৰিবলৈ দাবী জনায়। ভৱিষ্যতে তেখেতে বড়ো আৰু ৰাভাসকলক উপহাস নকৰিবলৈয়ো সকিয়াই দিয়ে।

অসমত এতিয়া জাতীয় সংগঠনৰ নেতাসকলেই শাসনত অধিস্থিত হৈ আছে। বিধেয়কখন বিৰোধিতা কৰিলে তেওঁলোকৰ গাদী নাথাকিব বুলি নিশ্চুপ হৈ বহি আছে। কিন্তু সেই পন্থা অৱলম্বন কৰিলেও জনপ্ৰতিনিধিসকলে ৰেহাই নাপাব কাৰণ ৰাইজেই তেওঁলোকক গাদীচ্যুত কৰিব। অসম চুক্তিমতে বিদেশী বহিষ্কাৰ হ’বই লাগিব বুলি দাবী কৰে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে।  

যোৱা ৮ নবেম্বৰৰ সভাতে এলানী প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে। সেই অনুসৰি ৯ নবেম্বৰৰ পৰা ৰাজ্যখনৰ  বিভিন্ন প্ৰান্তত জনগোষ্ঠীয় সংগঠন সমূহে ‘সকিয়নি বিক্ষোভ’ কাৰ্যসূচী পালন কৰি আহিছে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward