Thursday, April 25, 2024
HomeUncategorizedচিৰাজ আলীলৈ ৰাজহুৱা সম্বৰ্দ্ধনা

চিৰাজ আলীলৈ ৰাজহুৱা সম্বৰ্দ্ধনা

প্ৰকাশিত তাৰিখঃ ১৬ মে’ ২০২২

চি এন ডেস্ক –

পশ্চিম গুৱাহাটীৰ ৰাণী–ভোলাগাঁও গাঁও পঞ্চায়ত সমবায় সমিতিৰ সভাপতি তথা ড বি আৰ আম্বেদকাৰ সেৱা ফাউণ্ডেশ্বন নৰ্থ ইষ্ট ৰিজিয়ন’ৰ ‘সামাজিক সমন্বয়’ বঁটাপ্ৰাপ্ত চিৰাজ আলীলৈ আগবঢ়ায় ৰাজহুৱা সম্বৰ্দ্ধনা। যোৱা ১৫ মে’ত নাজিৰ আলী যুৱ বিকাশ সংঘই ভোলাগাঁৱৰ ৰহিমা বি বি উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা এই অনুষ্ঠানটো সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক গিয়াছুদ্দিন আহমেদে। এই অনুষ্ঠানত চিৰাজ আলীলৈ গাঁৱৰ ৰাইজ গয়ৰহ, ব্যৱসায়ী আৰু বিভিন্ন আত্মসহায়ক গোটে গামোচা–জাপি, শৰাই, চেলেং–চাদৰ, সম্বৰ্দ্ধনা পত্ৰ আদিৰে সন্মান আগবঢ়ায়। চিৰাজ আলীৰ সহধৰ্মিণী ৰেহেনাৰা চুলতানা, দুই পুত্ৰ লগতে অনুষ্ঠানটোৰ সভাপতি গিয়াছুদ্দিন আহমেদকো পৃথকে সম্বৰ্ধনা জনায়।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward