Friday, March 29, 2024
HomeARTICLEচি বি আৰ প্ৰকল্পৰ জৰিয়তে উপকৃত হোৱা দ্বীপেন, ৰমেন, কবিতাহঁতৰ সফলতাৰ হাঁহি

চি বি আৰ প্ৰকল্পৰ জৰিয়তে উপকৃত হোৱা দ্বীপেন, ৰমেন, কবিতাহঁতৰ সফলতাৰ হাঁহি

প্ৰকাশিত তাৰিখঃ ২৯ জুন,
২০২০
 
নীৰেন্দ্ৰ প্ৰসাদ ৰাভা
অসম চেণ্টাৰ ফৰ ৰুৰেল ডেভেল’পমেণ্ট
চমুকৈ এ চি আৰ ডি এটি বেচৰকাৰী সংস্থা। ড সুনীতা চাংচাকতিৰ নেতৃত্বত গঢ়ি
উঠা এই সংস্থাটোৰ বৰ্তমান মুখ্য কাৰ্যালয় গুৱাহাটীৰ ৰিহাবাৰীত। তেখেতে আৰম্ভণিৰ পৰাই
সংস্থাটোৰ সঞ্চালকৰ দায়িত্ব পালন কৰি আহিছিল। কিন্তু ৰাজ্য চৰকাৰৰ ‘অসম ৰাজ্যিক শিশু
অধিকাৰ সুৰক্ষা আয়োগ’ৰ অধ্যক্ষ পদলৈ নিৰ্বাচিত হোৱাৰ পাছত ২০১৬ চনৰ পৰা প্ৰেৰণা চাংকাকতীয়ে
সঞ্চালকৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে। বৰ্তমান এ চি আৰ ডি’ৰ প্ৰকল্প পৰিচালনা কাৰ্যালয়
এটি ৰাণী উন্নয়ন খণ্ডৰ বেহেনাপাৰা গাঁৱত স্থাপন কৰিছে। পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত
উক্ত গাঁওখন বৰিহাট মূল কেন্দ্ৰৰ পৰা কিছু দূৰৰ দক্ষিণে মিৰ্জা
চানডুবি পথৰ
কাষত অৱস্থিত। সংস্থাটোৱে আৰম্ভণিৰ পৰাই ৰাণী অঞ্চলৰ লগত এক নিবিড় সম্পৰ্ক গঢ়ি তুলিছিল।
ইতিমধ্যে ৰাণী উন্নয়ন খণ্ডৰ অন্তৰ্গত কেইবাখনো গাঁৱত বিভিন্ন আঁচনি ৰূপায়ন কৰি উঠিছে
আৰু কিছুসংখ্যক আঁচনিৰ কাম এতিয়াও চলি আছে। উল্লেখ্য যে, ২০১৫ বৰ্ষৰ পৰা বৰ্তমানলৈকে
সামুহিক পূনৰ
সংস্থাপন’ চমুকৈ চি বি আৰ (Community Based Rehabilitation Program) শীৰ্ষক প্ৰকল্প
এটি ৰূপায়ণ কৰি আছে। বাংগালোৰৰ চি বি আৰ ফ’ৰাম আৰু এ চি আৰ ডি’ৰ উদ্যোগত ৰূপায়ন কৰি
থকা প্ৰকল্পটোত বৰ্তমান মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী উন্নয়ন খণ্ডৰ ২০খন গাঁও সামৰি লৈছে।
এতিয়ালৈকে প্ৰকল্পটোৰ অধীনত ৩৭৩জন বিশেষভাৱে সক্ষম লোকক চিনাক্ত কৰি বিভিন্ন ধৰণে সা
সুবিধা প্ৰদান
কৰিছে। তাৰভিতৰত ২৭০জনক ট্ৰাই চাইকেল, হুইল চেয়াৰ, হেয়াৰিং যন্ত্ৰ আদি সা
সৰঞ্জাম প্ৰদান
কৰে। ১২০জন হিতাধিকাৰীক ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ জৰিয়তে বৈজ্ঞানিকভাৱে মৌ
পালন, বোৱাকটা, এড়িপলু পালন, হাঁহকুকুৰা আৰু
গাহৰি পালনৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে। তদুপৰি অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ জৰিয়তে
দুই শতাধিক বিশেষভাৱে সক্ষম ব্যক্তিক ‘প্ৰতিবন্ধী প্ৰমাণ পত্ৰ’ প্ৰদান কৰিছে। লগতে
২০০জন হিতাধিকাৰীক ‘প্ৰতিবন্ধী পেঞ্চন’ৰো ব্যৱস্থা কৰি দিছে।
বিশেষভাৱে সক্ষম লোকসকলৰ
সুৰক্ষাৰ বাবে ‘প্ৰতিবন্ধী সুৰক্ষা আইন
২০১৬’ শীৰ্ষক কেন্দ্ৰীয় চৰকাৰৰ এখন
আইন অসমত প্ৰযোজ্য হৈ আছে। এই আইনখনৰ জৰিয়তে বিশেষভাৱে সক্ষম লোকক সা
সুবিধা প্ৰদানৰ
ব্যৱস্থা কৰা হৈছে। চৰকাৰে এই লোকসকলৰ কল্যাণৰ বাবে বিভিন্ন ধৰণে সা
সুবিধা প্ৰদানৰ
ব্যৱস্থা কৰিছে যদিও সেইবোৰৰ পৰা আজি তেওঁলোক বঞ্চিত। এইক্ষেত্ৰত
প্ৰাপ্য অধিকাৰৰ
পৰা বঞ্চিত এই লোকসকলক সহায়ৰ হাত আগবঢ়োৱা কোনো সদাশয় ব্যক্তি বা সংস্থাৰ অভাৱ ঘটিছে।
তেনে সময়তে এ চি আৰ ডি নামৰ বে
চৰকাৰী সংস্থাটোৱে বিশেষভাৱে সক্ষম
লোকসকলৰ কল্যাণৰ হকে কামকৰি থকাটো অত্যন্ত সুখৰ খবৰ। এ চি আৰ ডি’য়ে ২০১৫ চনৰ পৰা ৰাণী
উন্নয়ন খণ্ডৰ অন্তৰ্ভূক্ত গাঁওসমূহত এই লোকসকলে আইনখনৰ জৰিয়তে পাব পৰা অধিকাৰ তথা সা
সুবিধাৰ বিষয়ে
সজাগ কৰি তুলিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত সংস্থাটোৰ মুখ্য কাৰ্যালয়ে
প্ৰকল্পটো পৰিচালনা কৰিবলৈ পাঁচজনীয়া দল এটি গঠন কৰিছে। য’ত
প্ৰকল্প সমন্বয়ক
অপূৰ্ব শৰ্মা লগতে দিগন্ত শইকীয়া, পবিত্ৰ কুমাৰ, মনালিছা ৰাভা, শকুন্তলা ৰাভা আদি ক্ষেত্ৰকৰ্মীৰ
দায়িত্বত নিয়োজিত হৈ আছে। ইতিমধ্যে দলটোৱে নিৰ্বাচিত ২০খন গাঁৱত ২০টা গাঁও পৰ্যায়ৰ
প্ৰতিবন্ধী গোট গঠন কৰিছে। তদুপৰি নতুন গোট গঠনৰ বাবেও প্ৰস্তুতি চলি থকাৰ লগতে কেইবাখনো
গাঁৱত সজাগতা শিৱিৰ সম্পন্ন কৰিছে।
উল্লেখযোগ্য যে, বহুকেইগৰাকী
বিশেষভাৱে সক্ষম হিতাধিকাৰী চি বি আৰ প্ৰকল্পৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি উপকৃত হৈছে।
প্ৰশিক্ষণ লাভৰ পাছত তেওঁলোকে মৌ
পালন, হাঁহকুকুৰা পালন,
গাহৰি পালন, মৎস্য পালন, এড়ি
পলু পালন, উদ্যান শস্য, বাঁহবেতৰ সঁজুলি,
সূতাৰ দোকানেৰে নিজৰ জীৱিকাৰ পথ মুকলি কৰি লৈছে। আৱৰ্জনা বুলি সমাজে অৱহেলা কৰিব খোজা
এইসকল লোকে আজি নিজক স্বাৱলম্বী কৰি তুলিছে। এই প্ৰতিবন্ধীসকল যে সমাজৰ আৱৰ্জনা নহয়
সেয়া তেওঁলোকে কামে
কাজে দেখুৱাই দিছে। এ চি আৰ ডি’য়ে
দেখুৱাই দিয়া বাটেৰে খোজ দি নিজক স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হোৱা এইসকল লোকৰ মুখত
আজি সফলতাৰ হাঁহি বিৰিঙি উঠিছে।
দ্বীপেন কছাৰীপ্ৰৱল ইচ্ছা
থকা প্ৰায় ৩৫বছৰীয়া এজন যুৱক। তেখেতৰ ঘৰ পশ্চিম গুৱাহাটী সমষ্টিৰ কুমাৰবড়ী গাঁৱত। দুখীয়া
পৰিয়ালৰ যুৱক দ্বীপেনে এসময়ত গুৱাহাটীৰ কোম্পানী এটাত কাম কৰিছিল। কোম্পানীত কৰ্মৰত
অৱস্থাতে এগৰাকী যুৱতীৰ সৈতে বিবাহপাশতো আৱদ্ধ হয়। কোম্পানীৰ পৰা লাভ কৰা দৰমহাৰ এটা
সৰু অংশ ঘৰত পঠিয়াই দিয়াৰ লগতে পত্নীৰে সৈতে গুৱাহাটীৰ ভাড়াঘৰত থকা দ্বীপেনৰ সংসাৰ
বৰ সুন্দৰকৈ চলি আছিল। কিন্তু দ্বীপেনৰ সুখৰ দিনবোৰ বোধহয় সৃষ্টিকৰ্তাইয়ো সহ্য কৰিব
পৰা নাছিল। ২০০৯ চনত এক ভয়াৱহ বাইক দূৰ্ঘটনাত পতিত হোৱা দ্বীপেনৰ কোনোমতে জীৱনটো ৰক্ষা
পৰে। শাৰীৰিক আৰু বাক্‌শক্তি সম্পূৰ্ণৰূপে ঘূৰাই নোপোৱাকৈয়ে মেডিকেলৰ পৰা অব্যাহতি
লোৱা দ্বীপেনে চাৰি বছৰকাল বিচনাত জিৰণি ল’ব লগা হৈছিল। মনত প্ৰৱল ইচ্ছাশক্তি থকা বাবে
ৰুগীয়া দেহাৰেও নিয়মীয়াকৈ যোগাসন কৰি গৈছিল। এই যোগাসনৰ বলত বাক্‌শক্তি পুনৰ ঘূৰি আহে
যদিও শাৰীৰিক শক্তি কিন্তু ঘূৰি নাহিল। আঘাতপ্ৰাপ্ত ভৰি এখনৰ শক্তি চিৰদিনৰ বাবে হেৰুৱাবলগা
হোৱাত পেং এডালৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হ’ল। সেয়ে সকলোক্ষেত্ৰতে পৰিয়ালৰ লোকৰ সহায়ৰ
প্ৰয়োজন হৈ পৰিল। এনেহেন দুখৰ দিনত যিসময়ত

মনোবল যোগোৱাৰ বাবে বিস্বস্ত
সংগী এজনৰ প্ৰয়োজন সেই সময়তে ধৰ্মপত্নীয়ে তেখেতক এৰি গুচি যায়। সুখৰ দিনত লগ দিয়া আৰু
দুখৰ এৰা দিয়া এনে সংগীৰ অনুপস্থিতিত অৱশ্যে দ্বীপেনে দুখ কৰিবলৈ বাদ দিছে।
দৃঢ় মনোবল থাকিলে কাম কৰি
যোৱাত সহজ হয়। দ্বীপেনৰ শৰীৰটোৰ কোনো কোনো অংগ বিকল যদিও পংগুত্ব জীৱন কোনো প্ৰকাৰে
মানি ল’ব নোখোজে। মুঠতে পৰিসৰৰ ভিতৰত থকা যিকোনো শ্ৰমকে কৰিবলৈ সাজু থকা দ্বীপেনে সেয়ে
নিত্য নতুন কৰ্মৰ সন্ধানত থকা হ’ল। ঈশ্বৰৰ ইচ্ছা, তেনে সময়তে এ চি আৰ ডি’ৰ কৰ্মকৰ্তাক
লগ পায়। সেইসময়ত এ চি আৰ ডি’য়ে গুৱাহাটী লালমাটিস্থিত ভাৰতীয় উদ্যমিতা প্ৰশিক্ষণ (আই
আই ই) প্ৰতিষ্ঠানত বৈজ্ঞানিক পদ্ধতিৰে মৌ
পালনৰ এলানী প্ৰশিক্ষণ কাৰ্যসূচী
চলাই আছিল। সংস্থাটোৱে দ্বীপেনক সেই প্ৰশিক্ষণ গ্ৰহণৰ ব্যৱস্থা কৰি দিয়ে। সেয়াই আছিল
দ্বীপেনৰ জীৱনত সাহসেৰে জীয়াই থকাৰ সম্বল বিচাৰি পোৱা প্ৰথমটো পদক্ষেপ। দ্বীপেনে সেই
প্ৰশিক্ষণ গ্ৰহন কৰি বৰ্তমান ঘৰতে মৌ
পালনৰ লগতে হাঁহকুকুৰা, গাহৰি
পালন কৰি জীৱিকা নিৰ্বাহৰ বাট মুকলি কৰি লৈছে।
ইপিনে, এ চি আৰ ডি’ৰ প্ৰশিক্ষণ
লাভ কৰা অন্যান্য হিতাধিকাৰীসকলৰ
– সানপাৰামেধিপাৰাৰ মৃণাল কলিতাই
গাহৰি পালন, শিকাৰহাটীৰ কামিনী নাথ দাসে বোৱাকটা আৰু বাঁহ
বেতৰ সঁজুলি
নিৰ্মাণ, জয়ন্ত কুমাৰ কলিতাই মৎস্য পালন, ৰমেন দাসে হাঁহ
কুকুৰা পালন,
গড়গড়াৰ কবিতা কৈৱৰ্তই সূতাৰ দোকান, সৰ্বেশ্বৰ দাসে বাঁহ
বেতৰ সঁজুলি
নিৰ্মাণ, ধ্ৰুৱ ৰাভাই পলু উৎপাদন আৰু ৰাণী
মাণিকপুৰৰ ৰাধিকা দাসে উদ্যান শস্যৰে
নিজৰ জীৱিকাৰ বাট মোকলাবলৈ সক্ষম হৈছে।
বিশেষভাৱে সক্ষম লোকসকলে
চৰকাৰী সুবিধা লাভৰ বাবে এ চি আৰ ডি’ৰ মুখ্য কাৰ্যালয়ত সঞ্চালক প্ৰেৰণা চাংকাকতী অথবা
ক’অৰ্ডিনেটৰ অপূৰ্ব শৰ্মাৰ সৈতে যোগাযোগ কৰিব পাৰে। প্ৰকল্পটো ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ
গাঁওসমূহৰ বাবেহে প্ৰযোজ্য। সেয়ে অন্য গাঁৱৰ লোকক পোনপোটীয়াকৈ আঁচনিত নিৰ্বাচিত কৰাৰ
অধিকাৰ সংস্থাটোৰ নাই, যদিও
সঠিক পথ দেখুৱাই দি সহায় কৰিব।
বৰ্তমান সংস্থাটোৰ মুখ্যকাৰ্যালয়ৰ ঠিকনা 29 PB Road, 3A Saroj Enclave, Rehabari,
Guwahati।   
শিৰোনামৰ ফটোঃ অপূৰ্ব শৰ্মা
Title Pix: Apurba
Sarma

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward