Wednesday, April 17, 2024
Homeবাতৰিছয় জনগোষ্ঠীৰ জনজাতিকৰণত বিৰোধিতাঃ সোণাপুৰত জনজাতি সংগঠনৰ বিশাল গণসমাৱেশ 

ছয় জনগোষ্ঠীৰ জনজাতিকৰণত বিৰোধিতাঃ সোণাপুৰত জনজাতি সংগঠনৰ বিশাল গণসমাৱেশ 

প্ৰকাশিত তাৰিখঃ ১১ ফেব্ৰুৱাৰী, ২০১৯

 

চি এন ব্যুৰ’

অসমৰ প্ৰকৃত জনজাতিসকলক আন্ধাৰত ৰাখি একপক্ষীয়ভাৱে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰচেষ্টাক কোনো কাৰণতে মানি নলয় জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি (চি চি টি অ’এ)য়ে। সংবিধান (অনুসূচীত জনজাতি) নিৰ্দেশ (সংশোধনী) বিধেয়ক ২০১৯ বাতিলৰ দাবীত যোৱা ৬ ফেব্ৰুৱাৰীত সোণাপুৰত বিশাল গণসমাৱেশৰ আয়োজন কৰে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হেজাৰ হেজাৰ লোকে অংশগ্ৰহন কৰে এই গণসমাৱেশত। উক্ত সমাৱেশৰ পূৰ্বে সোণাপুৰৰ ক্ষুদ্ৰ ক্ৰীড়াক্ষেত্ৰৰ পৰা সোণাপুৰ পুৰণা বজাৰ হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিভিন্ন শ্ল’গানেৰে এক বৃহৎ সমদল উলিয়াই পুনৰ ক্ৰীড়াক্ষেত্ৰত উপস্থিত হয়। 

জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ মুখ্য আহ্বায়ক তথা সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে সভাপতিত্ব কৰা সমাৱেশখনত এবছু’ৰ সভাপতি প্ৰমোদ বড়োৱে আদৰণি ভাষণ পাঠ কৰে। আদৰণি ভাষণত বড়োৱে কয় যে– সামাজিকভাৱে আমাৰ কোনো জনগোষ্ঠীৰ লগত শত্ৰুতা নাই সেয়ে তেওঁলোকৰ লগত আমি ভাতৃত্ববোধেৰে থাকিম। কিন্তু চৰকাৰে চলোৱা ষড়যন্ত্ৰ কেতিয়াও মানি নলও। দিল্লী–দিছপুৰে অন্যান্য পিচপৰা শ্ৰেণীৰ ছয় জনগোষ্ঠীক জনজাতিকৰণেৰে প্ৰকৃত জনজাতিসকলক নিঃশেষ কৰাৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছে তাক আমি মষিমুৰ কৰিম। সেয়ে জনজাতি ৰাইজক সংগ্ৰামৰ ধাৰাবাহিকতা অব্যাহত ৰাখিবলৈ আহ্বান জনায়।

সমাৱেশত অংশগ্ৰহন কৰি– ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ তীব্ৰ বিৰোধিতা কৰে খিলঞ্জীয়া জনজাতি সাহিত্য সভাৰ সভাপতি গোবিন্দ টাইডে।

খিলঞ্জীয়া জনজাতি সাহিত্য সভাৰ মুখ্য আহ্বায়ক কমলা কান্ত মুছাহাৰীয়ে কয় যে, খিলঞ্জীয়াইহে সৰ্বানন্দক অসমৰ মুখ্যমন্ত্ৰী পাতিছে। গতিকে খিলঞ্জীয়াক ধ্বংসৰ চেষ্টা নকৰি খিলঞ্জীয়াৰ পক্ষত থাকক। খিলঞ্জীয়াৰ পক্ষত থাকিলে পাঁচ বছৰ কিয় ? আপোনাক বিশবছৰ মুখ্যমন্ত্ৰী পাতিব অসমৰ খিলঞ্জীয়া ৰাইজে। সমান্তৰালভাৱে তেখেতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ বাবে দাবী কৰে।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ খিলঞ্জীয়া ভূমিপুত্ৰসকলক ধ্বংস কৰাৰ এক কুটীল চক্ৰান্ত। ৰাজনৈতিক–সামাজিক ক্ষেত্ৰত আগবঢ়া জনজগোষ্ঠীসমূহক জনজাতিকৰণ কৰিলে পূৰ্বৰ জনজাতিসকলৰ অস্বিত্ব নোহোৱা হ’ব। ৰঞ্জন দৈমাৰীৰ প্ৰসংগ উল্লেখ কৰি- আলোচনাৰ মেজলৈ অহা এন ডি এফ বিৰ সৈতে সঠিক আলোচনা হোৱা নাই। এইমুহুৰ্ততো সংগঠনৰ নেতাসকলক জেলত ৰখা হৈছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে এন ডি এফ বি(প্ৰ)ৰ সভাপতি ধীৰেন বড়োৱে।

বড়ো উইমেন জাষ্টিচ ফ’ৰামৰ নেত্ৰী ডঅঞ্জলি দৈমাৰীয়ে উল্লেখ কৰে– আজিও জনজাতিসকলৰ ওপৰত উচ্চ বৰ্ণৰ লোকৰ ঘৃণাৰ দৃষ্টিভংগী আছে। উচ্চ বৰ্ণই ভুল কৰিলে ক্ষমা আৰু জনজাতিয়ে ভুল কৰিলে শাস্তি। কিয় শেষ হোৱা নাই এতিয়াও বৰ্ণ বৈষম্য। উচ্চ শ্ৰেণীৰ ওচৰত জনজাতিসকলে কেনেধৰণৰ ঘৃণাৰ সন্মুখীন হৈছিল সেয়া বিস্তৃতভাৱে উল্লেখ কৰে। ৰাজনৈতিক লাভালাভৰ অংকত জনজাতি কৰিব বিচৰা হৈছে ডেৰ কোটি মানুহক। গতিকে ঐক্যবদ্ধ সংগ্ৰাম নকৰিলে জনজাতি ৰাইজৰ মুক্তিৰ অন্য পথ নাই।  

নতুনকৈ অন্তৰ্ভূক্তি কৰিব বিচৰা ছয় জনগোষ্ঠী ৰাজনৈতিক ক্ষেত্ৰত প্ৰভাৱশালী, শৈক্ষিক, আৰ্থ–সামাজিক দিশত আগবঢ়া আৰু জনবহুল। তেওঁলোকৰ লগত জনজাতিসকল কোনো কাৰণতে ফেৰ মাৰিব নোৱাৰে। য’ত জনজাতিসকলৰ অস্বিত্ব, জীৱন–মৰণৰ প্ৰশ্ন জড়িত তাত সংগ্ৰামেই শেষ কথা বুলি উল্লেখ কৰে– ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী টংকেশ্বৰ ৰাভা, জোনাই সমষ্টিৰ বিধায়ক ভূবন পেগু, কোকৰাঝাৰ সমষ্টিৰ প্ৰাক্তন সাংসদ চাঞ্চুমা খুংগুৰ বিছমুতীয়াৰীয়ে।

সভাৰ শেষত আদিত্য খাখলাৰীয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কোনোপধ্যে কোনো কাৰণতে মানি নোলোৱাৰ লগতে বিষয়টো আদালতৰ মজিয়ালৈ নিয়াৰ কথা উল্লেখ কৰে।

নিখিল বড়ো ছাত্ৰ সন্থা (এবছু), নিখিল ৰাভা ছাত্ৰ সন্থা (আৰছু),মিচিং ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, তিৱা ছাত্ৰ সন্থা, ডিমাচা ছাত্ৰ সন্থা, দেউৰী ছাত্ৰ সন্থা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, মদাহি জনজাতি ছাত্ৰ সন্থা, ঠেঙাল–কছাৰী ছাত্ৰ সন্থা, শৰণীয়া কছাৰী ছাত্ৰ সন্থা, হাজং ছাত্ৰ সন্থা, ট্ৰাইবেল য়ুথ লীগ, সোণোৱাল কছাৰী যুৱ মঞ্চ, বড়ো সাহিত্য সভা, খিলঞ্জীয়া জনজাতি সাহিত্য সভা, ৰাভা সাহিত্য সভা, মিচিং আগম কেবাং, দেউৰী সাহিত্য সভা, বড়ো উইমেন জাষ্টিছ ফ’ৰাম, ডিমাচা সাহিত্য সভা, গাৰো সাহিত্য সভা, বাথৌ মহাসভা, এন ডি এফ বি(প্ৰ) আদি বহু দল–সংগঠনে অংশ গ্ৰহণ কৰে।

 

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Photo Courtesy: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward