Tuesday, April 16, 2024
Homeবাতৰিখিলঞ্জীয়াৰ ঐতিহাসিক বিজয়ঃ উত্তৰ–পূৰ্বাঞ্চলত আনন্দৰ বন্যা

খিলঞ্জীয়াৰ ঐতিহাসিক বিজয়ঃ উত্তৰ–পূৰ্বাঞ্চলত আনন্দৰ বন্যা

প্ৰকাশিত তাৰিখঃ ১৮ ফেব্ৰুৱাৰী, ২০১৯

 

চি এন ডেক্স

অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ মান মৰ্যাদাক ভৰিৰে গচকি জাতিধ্বংসী বিধেয়ক গৃহীত কৰাৰ বাবে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে যি ষড়যন্ত্ৰ ৰচনা কৰিছিল সেয়া বিফল হ’ল। এই বিধেয়কখন লোকসভাত সফল হয় যদিও ৰাজ্যসভাত বিফল হয়। ভাষা–সংস্কৃতি সংকটাপন্ন কৰি তুলিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক অৱশেত ৰাজ্যসভাত উত্থাপনেই কৰিব নোৱাৰিলে। বিজেপিৰ সকলো ষড়যন্ত্ৰ উফৰি পৰিল। অহা ৩ জুনত কেন্দ্ৰৰ বিজেপি চৰকাৰখনৰ ম্যাদ উকলিব। ইয়াৰ আগত চৰকাৰখনৰ কোনো অধিবেশন অনুষ্ঠিত নহয়। লোকসভাত গৃহীত হোৱাৰ পিচতো যদি ৰাজ্যসভাত গৃহীত কৰিব নোৱাৰে তেনেহ’লে সেইখন আইনত পৰিণত নহয়। নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত হয় যদিও ই ৰাজ্যসভাত গৃহীত কৰিব নোৱাৰিলে। সেয়ে এই বিধেয়ক আইনলৈ পৰিণত হোৱা নাই কাৰণে ইয়াৰ মৃত্যু ঘটিব। এই সংবাদ লাভ কৰাৰ লগে লগে সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চলত আনন্দৰ বন্যা বয়। উৎফুল্লিত জনসাধাৰণে ৰাজ্যকেইখনৰ ঠায়ে ঠায়ে আবতৰীয়া হ’লি আৰু দিপাৱলী উৎসৱ পালন কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আহি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পদ অলংকৃত কৰা সৰ্বানন্দ সোণোৱালে ‘আই এম ডি টি’ৰ আইনী যুঁজত জয়লাভ কৰি জাতীয় নায়ক উপাধি লাভ কৰিছিল যদিও তেখেতৰ দূৰ্বল ভূমিকাৰ বাবে সকলোবোৰ ম্লান পৰি গ’ল। বিপৰীতে বিজেপিৰ অংশীদাৰ দলত থাকিও বিধেয়কখনৰ তীব্ৰ বিৰোধিতাৰে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা এতিয়া নায়কত পৰিণত হ’ল।

চৰকাৰীভাৱে বিধেয়ক বিৰোধিতা কৰা মুখ্যমন্ত্ৰী কনৰাড চাংমাই হ’ল প্ৰথমগৰাকী ব্যক্তি। যিয়ে কেবিনেট বৈঠক অনুষ্ঠিত কৰি জাতিধ্বংসী বিধেয়ক বিৰোধিতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। আৰু আনুষ্ঠানিকভাৱে মেঘালয় চৰকাৰৰ বিধেয়কবিৰোধী স্থিতিৰ কথা যুটীয়া সংসদীয় কমিটিক অৱগত কৰিছিল। মেঘালয়ৰ পিচতে মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশেও বিধেয়ক বিৰোধিতা কৰিছিল। কেৱল বিৰোধিতা কৰা নাছিল অসম আৰু ত্ৰিপুৰাই।      

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward