Friday, April 26, 2024
Homeবাতৰিৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ শপত গ্ৰহণ

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ শপত গ্ৰহণ

প্ৰকাশিত তাৰিখঃ ১৮ ফেব্ৰুৱাৰী, ২০১৯

 

চি এন ব্যুৰ’

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে নৱ নিৰ্বাচিত ৩৬গৰাকী প্ৰতিনিধিয়ে শপত গ্ৰহণ কৰে। যোৱা ১৩ ফেব্ৰুৱাৰীত হেজাৰ হেজাৰ লোকৰ উপস্থিতিত দূধনৈ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয় এই শপত গ্ৰহণ অনুষ্ঠানৰ।

উল্লেখ্যযোগ্য যে, এইবাৰৰ পৰিষদীয় নিৰ্বাচনত ৰাভা হাছং যৌথ মঞ্চৰ ৩৩ গৰাকী, কংগ্ৰেছ, অগপ আৰু বিজেপিৰ একোগৰাকীকৈ সদস্য নিৰ্বাচিত হয়। একক সংখ্যাগৰিষ্ঠতা লাভ কৰা ৰাভা হাছং যৌথ মঞ্চৰ পূৰ্বৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ নেতৃত্বতে পুনৰবাৰ পৰিষদ গঠন কৰে।

অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থকা  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত  উল্লেখ কৰে– আমি ৰাভা হাছঙৰ শুভাকাংশী। প্ৰতিটো সময়তে আমি ৰাভা হাছং যৌথ মঞ্চৰ লগত একেলগে কাম কৰিম আৰু কৰি যাম। ৰাজ্যৰ সকলোকেইখন জিলাৰ ভিতৰত গোৱালপাৰাই কৃষিৰ ক্ষেত্ৰত আগৰণুৱা য’ত ৰাভা হাছঙৰ প্ৰাণকেন্দ্ৰ অৱস্থিত। জিলাখনৰ উন্নতিৰ হ’কে অতিসোণকালে দূধনৈত অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদ এটি স্থাপন কৰা হ’ব। চৰকাৰে ৰাজ্যখনৰ থলুৱালোকৰ মাটি–ভেঁটি, কলা–সংস্কৃতি ৰক্ষা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ, ৰাইজ ইয়াত শংকিত হোৱাৰ কাৰণ নাই। অতিশীঘ্ৰে ৰাজ্যৰ একলাখ খিলঞ্জীয়াক মাটিৰ পট্টা প্ৰদান কৰা হ’ব বুলিও ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানতে কৃষি সা–সঁজুলি যোজনাৰ শুভ উদ্বোধন কৰে। 

আনহাতে, বিশিষ্ট অতিথিৰূপে উপস্থিত থকা বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ডহিমন্ত বিশ্ব শৰ্মাই দুই–তিনি মাহৰ ভিতৰত ৰাজ্যৰ দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয় গোৱালপাৰাত স্থাপন কৰাৰ কথা ঘোষণা কৰে। তদুপৰি পৰিষদীয় এলেকাৰ প্ৰতিটো বাট–পথ পকীকৰণৰ ব্যৱস্থা কৰাৰ বাবে অতিশীঘ্ৰে এক পেকেজ ঘোষণা কৰিব বুলিও ব্যক্ত কৰে।

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব জুৰি গগৈয়ে আদৰণী ভাষণ পাঠ কৰা অনুষ্ঠানটোত শপত বাক্য পাঠ কৰোৱায় নামনি অসমৰ আয়ুক্ত নীতিন কুমাৰ শিৱদাস খাৰ্গেই। মুখ্য কাৰ্যবাহী সদস্যৰূপে টংকেশ্বৰ ৰাভাই আৰু অধ্যক্ষ হিচাপে চাৰুমোহন ৰাভাই শপত গ্ৰহণ কৰে। টংকেশ্বৰ ৰাভাই ৰাভা ভাষাত শপত গ্ৰহণ পাঠ কৰে। পৰিষদৰ অন্যান্য সদস্যসকলে অসমীয়া, ৰাভা, বড়ো, গাৰো আৰু ইংৰাজী ভাষাত শপত বাক্য পাঠ কৰে।

মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰি টংকেশ্বৰ ৰাভাই কয়– ৰাভা হাছং এলেকাত বসবাস কৰা সকলো জাতি–জনগোষ্ঠীয়ে মিলিত হৈ এখন শক্তিশালী পৰিষদ গঠন কৰা বুলি ব্যক্ত কৰে। তেওঁৰ নেতৃত্বত দ্বিতীয়বাৰ পৰিষদ গঠন কৰিবলৈ সক্ষম হোৱা বাবে সকলোপক্ষকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে পৰিষদখন ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীভুক্ত কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবেও আহ্বান জনায়।

অনুষ্ঠানত জিলা উপায়ুক্ত বৰ্ণালী ডেকা, দূধনৈ বিধানসভা সমষ্টিৰ বিধায়ক দীপক ৰাভা, গাৰো হিলছ অটোন’মাছ কাউঞ্চিলৰ উপ–মুখ্য কাৰ্যবাহী ড’লী কে চাংমা, কোঁচ–ৰাজবংশী উন্নয়ণ পৰিষদৰ সদস্য কমল ৰায় আৰু বহু গণ্যমান্য লোকে অংশগ্ৰহণ কৰে।

 

শিৰোনামৰ ফটোঃ প্ৰভাত ৰাভা, ষ্টাফ ফটোগ্ৰাফাৰ

Photo Courtesy: Prabhat Rabha, Staff Photographer

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward