Friday, March 29, 2024
Homeবাতৰিজনগোষ্ঠীয় নৃত্য, গীত-মাতত মুখৰিত ৰাণীৰ মুকলি বিহুৰ বাকৰি

জনগোষ্ঠীয় নৃত্য, গীত-মাতত মুখৰিত ৰাণীৰ মুকলি বিহুৰ বাকৰি

প্ৰকাশিত তাৰিখঃ ১৫ মে’ ২০১৬

ধৰ্মেন্দ্ৰ দাস–

গছে কুঁহিপাত মেলিছে, ন-ন ফুল কলিয়ে মিচিকিয়াই হাঁহিছে, প্ৰভাতী পখীৰ গানে মতলীয়া কৰিছে মন-আকাশ। এনেহেন এক উদুলি-মুদুলি পৰিৱেশত সমগ্ৰ অসমৰ লগতে প্ৰকৃতিৰ আদৰৰ জীয়ৰী ৰাণী অঞ্চলতো বসন্তৰ বা-বলিছে। এনে এক ৰঙিয়াল দিনতেই যোৱা ১৮ ব’হাগ (১ মে’ ২০১৬) তাৰিখ ৰবিবাৰে বৃহত্তৰ ৰাণী অঞ্চল সামৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে মুকলি বিহুৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। কৰ্মী বাহিনী আৰু ৰাণী আঞ্চলিক সংগ্ৰামী কৃষক-শ্ৰমিক সংঘৰ যুটীয়া উদ্যোগত ৰাণীস্থিত ৰাণী প্ৰাথমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা দিনযোৰা কাৰ্যসূচীৰ অংশ স্বৰূপে দিনৰ ভাগত বিভিন্ন জনগোষ্ঠীয় তথা লোক-সংগীতৰ অনুষ্ঠান পৰিবেশন কৰা হয়। ৰাভা, বড়ো, কাৰ্বি, গাৰো, ঝুমুৰ আদি জনগোষ্ঠীয় নৃত্যৰে অনুষ্ঠানৰ শুভাৰম্ভণি হয়। জাতি, ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকে একগোট হৈ উদ্‌যাপন কৰা এই মুকলি বিহুত উপস্থিত থাকে অসমৰ প্ৰগতিশীল লেখক, গীতিকাৰ-সুৰকাৰ তথা বিশিষ্ট কণ্ঠশিল্পী লোকনাথ গোস্বামী।

আজিৰ যুগৰ কৃত্ৰিমতাৰে ভৰা সমাজ ব্যৱস্থা তথা আকাল-অনাটনৰ দিনতো যে জনসাধাৰণে নিজৰ শিপা এৰি দিব নোখোজে এয়াই তাৰ প্ৰমাণ। মুকলি বিহু উপলক্ষে কণ-কণ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, অঞ্চলটোৰ কৃতি খেলুৱৈ, ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱাৰ লগতে দীৰ্ঘদিন ধৰি অঞ্চলটোত বাতৰি কাকত বিতৰণৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰা ৰঘুৰাম দাস আৰু আন দহগৰাকী কৃষককো সম্বৰ্দ্ধনা জনোৱা হয়। বিহুতলীত বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰ, বিশিষ্ট সাংবাদিক তথা অসম সংগ্ৰামী মঞ্চৰ মুখ্য আহ্বায়ক মনজিৎ মহন্তই মুকলি বিহু আৰু জনগোষ্ঠীয় নৃত্য-গীত সম্পৰ্কীয় ভাষণ আৰু বিশিষ্ট শিল্পী অৰূপজ্যোতি চৌধুৰীৰ কবিতা আবৃতিয়ে উপস্থিত ৰাইজৰ মন বাৰুকৈয়ে আকৰ্ষণ কৰে।

আনহাতে অনুষ্ঠানত উপস্থিত থকা নিমন্ত্ৰিত অতিথি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ তৰুণ চন্দ্ৰ হাটোই বিহুৰ বাকৰিত আগবঢ়োৱা ধেমেলীয়া গীত-ভাষণে উপস্থিত থকা দৰ্শকক বৰ আমোদ যোগায়। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জয়ন্তী ৰাভাৰ নিজ সমষ্টিত উক্ত মুকলি বিহু উদ্‌যাপন হোৱাত সন্তোষ প্ৰকাশ কৰাৰ লগতে সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয়। নিশাৰ ভাগৰ কাৰ্যসূচী সমূহো ৰাণীবাসী ৰাইজে আনন্দেৰে উপভোগ কৰা পৰিলক্ষিত হয়। অঞ্চলবাসী ৰাইজে শান্তিপূৰ্ণভাৱে অনুষ্ঠান সমূহ উপভোগ কৰাত মুকলি বিহু উদ্‌যাপন সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে পূষ্প ৰাভা আৰু দিগন্ত সিংহই ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে আশা কৰে যে, পৰৱৰ্তী বৰ্ষটো এই কাৰ্যসূচী অব্যাহত ৰখাৰ বাবে ৰাইজৰ পূৰ্ণ সহায়-সহযোগ কামনা কৰে।

শিৰোনামাৰ ছবিঃ ধৰ্মেন্দ্ৰ দাস

যোগাযোগ নম্বৰঃ + ৯১ ৯৬৭৮১৯১৯৫৩

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward