Saturday, April 27, 2024
Homeবাতৰিঅসম ৰেষ্টলিং একাডেমী বন্ধ, প্ৰতিবাদ কৰিবলৈ গৈ পুলিচৰ হাতত আটক একাংশ প্ৰশিক্ষাৰ্থী

অসম ৰেষ্টলিং একাডেমী বন্ধ, প্ৰতিবাদ কৰিবলৈ গৈ পুলিচৰ হাতত আটক একাংশ প্ৰশিক্ষাৰ্থী

প্ৰকাশিত তাৰিখঃ ১৫ মে’ ২০১৬

চানডুবি নিউজ ডেক্স–

ঘটনাৰ বিৱৰণি অনুসৰি– ৰাজ্যৰ ক্ৰীড়া বিভাগৰ পৰা সু-মীমাংশাৰ আশাত ৰেষ্টলিং একাডেমীৰ প্ৰায় কুৰিজনীয়া প্ৰশিক্ষাৰ্থীৰ দ’ল এটাই ৰাজ্যৰ ক্ৰীড়া সঞ্চালকালয়ৰ দিছপুৰ কাৰ্যালয়ৰ সম্মুখত এক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ধৰ্ণাত বহে। সেয়াই হ’ল অপৰাধ। এই অপৰাধৰ শাস্তিৰ বাবে দিছপুৰ থানাৰ আৰক্ষীয়ে প্ৰশিক্ষাৰ্থীসকলক আটক কৰে। প্ৰায় দুঘণ্টা সময় ধৰি থানাত আটক কৰি ৰখা এই কণ কণ প্ৰশিক্ষাৰ্থীসকলক দিনৰ ১ বজাতহে এৰি দিয়ে। প্ৰশিক্ষাৰ্থীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিচতো ক্ৰীড়া প্ৰাধিকাৰী কৰ্তৃপক্ষৰ পৰা কোনো সুদূত্তৰ নাপালে।

ইফালে ঘটনা সন্দৰ্ভত ক্ৰীড়া আয়ুক্ত সচিবগৰাকীয়ে কয় যে– সকলো বিৱৰি প্ৰশিক্ষাৰ্থীসকলক এখন পত্ৰ দিব। যি পত্ৰৰ আশাত বন্দী হৈ প্ৰশিক্ষাৰ্থীসকলে দিছপুৰৰ পৰা পুনৰ গুৱাহাটী আৱৰ্ত ভৱনত সমবেত হয়হি। বিয়লি বেলালৈ বোন্দাপৰ দি থকা প্ৰশিক্ষাৰ্থীস সকলৰ ওচৰত ৫.৩০ মান বজাত ক্ৰীড়া সঞ্চালকালয়ৰ পৰা এজন পিয়নৰ পদাৰ্পন ঘটে। লগত লৈ আহে জাননী এখনৰ ফটোষ্টেট কপি কেইটামান।

উক্ত জাননীখনত সচিব গৰাকীয়ে জনাইছে যে, ২০১৫–১৬ বৰ্ষটোত অসম ৰেষ্টলিং একাডেমীক ৰাজ্য চৰকাৰে কোনো বিত্তীয় অনুদান দিয়া নাই। বিত্তীয় অনুদান অবিহনে একাডেমীটো চলাই নিয়াত জটিল হৈ পৰিছে। সেয়ে পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত অনুষ্ঠানটো বন্ধ কৰি দিয়া হৈছে বুলি ঘোষণা কৰিছে। এই জাননীযোগে একাডেমীৰ প্ৰশিক্ষাৰ্থী আৰু প্ৰশিক্ষকসকলকো ঘৰমুখী হ’বলৈ নিৰ্দেশ জাৰি কৰিছে।

উল্লেখৰ আৱশ্যক যে, প্ৰশিক্ষকসকলক ঘৰলৈ উভতি যোৱাৰ নিৰ্দেশ দিছে যদিও যাতায়তৰ বাবে প্ৰয়োজনীয় গাড়ী ভাড়া আগবঢ়োৱা নাই। গাড়ীভাভাড়া দুৰৰ কথা এইক্ষেত্ৰত সামান্যতম সৌজন্যতাখিনিৰো অভাৱ দেখুৱালে ক্ৰীড়া সচিবগৰাকীয়ে– এই বুলি আক্ষেপ প্ৰকাশ কৰে প্ৰশিক্ষকসকলে। অসম ৰেষ্টলিং একাডেমীত কাৰিকৰী সঞ্চালক হিচাপে অধিস্থিত আছিল বিনোদ কুম্বাং লগতে অন্য ৰাজ্যৰ পৰা আনি নিযুক্তি দিয়া তিনিগৰাকীকৈ প্ৰশিক্ষক। লগতে আছে শ্বিলংৰ উত্তৰ-পুব পাৰ্বত্য বিশ্ববিদ্যালয় (নেহু)ৰ চাকৰি জীৱনৰ পৰা অব্যাহতি লৈ অসম ৰেষ্টলিং একাডেমীত ফিটনেছ প্ৰশিক্ষক হিচাপে যোগদান কৰা ৰত্ন দলে আৰু বাবু শংকৰ বড়োও।

আশ্বৰ্যজনকভাৱে বিভিন্ন ৰাজ্যৰ পৰা নিযুক্তি দিয়া প্ৰশিক্ষকসকলক একাডেমী বন্ধ হোৱাৰ আভাস বহু পূৰ্বেই দিয়া হৈছিল। কিন্তু অসমৰ বাবু শংকৰ বড়ো আৰু ৰত্ন দলে দুয়োজনে এই সংবাদ লাভৰ ক্ষেত্ৰতো বঞ্চিত হ’ল। দুয়োজনে এই সংবাদ লাভ নকৰাৰ লগতে মাননীৰ নামত এটকাও নাপালে।

গোগামুখ, ধেমাজি, শিৱসাগৰ, কাৰ্বি আংলং, তিনিচুকীয়া, কামৰূপ মেট্ৰ’ৰ সোণাপুৰ আদিৰ পৰা অহা প্ৰশিক্ষাৰ্থীসকলৰ পৰিয়ালে ঘৰৰ গৰু–গাই বিক্ৰি কৰি সমস্ত ধন নিজ সন্তানৰ জীৱন গঢ়াৰ নামত উসৰ্গা কৰিছিল। এবুকু সপোন বুকুত বান্ধি লৈ অহা প্ৰশিক্ষাৰ্থীসকলৰ জীৱন গঢ়াৰ পথ বন্ধ হৈ পৰাত শোকত ভাগি পৰে। দুখজনকভাৱে শুভাকাংক্ষীৰ পৰা টকা ধাৰ কৰি ঘৰমুৱা হয় বুলি জানিব পৰা গৈছে। কাৰ প্ৰৰোচনাত শিক্ষাবৰ্ষ এটা নষ্ট হ’ল এই ৰেষ্টলিং প্ৰশিক্ষাৰ্থীসকলৰ। কি আচৰিত! কণ কণ ছাত্ৰ-ছাত্ৰী তথা খেলুৱৈসকলৰ জীৱনৰ সৈতেও হেতালি খেল!!

আনহাতে কামৰূপ জিলাৰ উপায়ুক্তই বিদ্যালয়সমূহৰ পৰিদৰ্শক সকলৰ সৈতে ঘটনা সন্দৰ্ভত এক আলোচনাত মিলিত হয়। এই আলোচনামৰ্মে ছাত্ৰ-ছাত্ৰীসকলৰ নিজ জিলাৰ বিদ্যালয় সমূহে পুনৰাই ঘুৰাই ল’ব বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিচতহে ঘৰলৈ উভতিছে। পঢ়াশালীত পুনৰাই যোগ দিয়াৰ প্ৰতিশ্ৰুতি লাভ কৰাৰ পিচত উভতিল মল্লযুঁজৰ প্ৰশিক্ষাৰ্থীসকল। এইক্ষেত্ৰত ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ মল্লযোদ্ধা তথা প্ৰশিক্ষক কংকণ দত্তই এশ শতাংই সহায়-সহযোগ আগবঢ়াইছে ভূক্তভোগী প্ৰশিক্ষাৰ্থীসকলক। ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ দ্বাৰা নিপীড়িত-নিষ্পেষিত হৈ জীৱনৰ প্ৰথম পুৱাতে আশাহত হ’বলৈ ধৰা ৰেষ্টলিং একাডেমীৰ খেলুৱৈসকলে ঘৰাঘৰি হ’বলৈ সমৰ্থ হোৱাত মনত বৰ শান্তি পালো বুলি ব্যক্ত কৰে। সংকটৰ গৰাহলৈ ঠেলি দিয়া একাডেমীৰ প্ৰশিক্ষাৰ্থীসকলৰ খা-খবৰ ল’বলৈ সময় নহ’ল ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিষয়াসকলৰ। অনুৰূপ ভাৱে অসমৰ জাতীয় সংগঠন সমূহো নীৰৱ-নিৰ্লিপ্ত বুলি দত্তই আক্ষেপ প্ৰকাশ কৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward