Friday, April 19, 2024
Homeবাতৰিবাংলাদেশৰ অসমীয়াসকল পুনৰ অসমীয়া ভাষা শিকিবলৈ আগ্ৰহ প্ৰকাশ

বাংলাদেশৰ অসমীয়াসকল পুনৰ অসমীয়া ভাষা শিকিবলৈ আগ্ৰহ প্ৰকাশ

প্ৰকাশিত তাৰিখঃ ১৫ মে’ ২০১৬

চানডুবি নিউজ ডেক্স –

ৰঙামাটিৰ বাসিন্দাসকলৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক অসমীয়া ভাষা শিকোৱাৰ উদ্যোগ লৈছে অসমৰ শোণিতপুৰ জিলাৰ শ্বেখ ছাহাবুদ্দিন নামৰ এগৰাকী শিক্ষকে। শোণিতপুৰ জিলাৰ সুৰ্যোদয় বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্বেখ ছাহাবুদ্দিন তেজপুৰ জিলা কৰ্মচাৰী পৰিষদৰো সভাপতি। ইতিমধ্যে তেখেতে বাংলাদেশৰ ৰঙামাটিলৈ গৈ অসমীয়া লোকসকলৰ মাজত প্ৰাথমিক শিক্ষাৰ কিছু কিতাপ বিতৰণ কৰিছে। শ্বেখ ছাহাবুদ্দিনৰ এই কাৰ্যত বাংলাদেশৰ অসমীয়াসকলে তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। তেওঁলোকৰ বাবে অসমীয়া শিক্ষাদানৰ এখন বিদ্যালয়, এটা সাংস্কৃতিক কেন্দ্ৰ স্থাপনৰ বাবে পদক্ষেপ ল’বলৈ অনুৰোধ জনাইছে– অসম চৰকাৰ আৰু ৰাজ্যখনৰ জাতীয় দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানসমূহক।

‘প্ৰতিদিন টাইম’ নামৰ অসমৰ গুৱাহাটীস্থ জনপ্ৰিয় এটা বৈদ্যুতিন সংবাদ মাধ্যমে বাংলাদেশৰ ৰঙামাটিৰ অসমীয়া বাসিন্দাসকলৰ ওপৰত বিশেষভাৱে যুগুতোৱা এলানি গুৰুত্বপূৰ্ণ প্ৰতিবেদন সম্প্ৰচাৰ কৰে। এই প্ৰতিবেদন সম্প্ৰচাৰ হোৱাৰ পিচত অসমৰ বহুসংখ্যক লোকে বাংলাদেশত থকা অসমীয়া জাতিৰ বসতিৰ বিষয়ে জ্ঞাত হৈ পৰে। তাৰেই ফলশ্ৰুতিত প্ৰধান শিক্ষক শ্বেখ ছাহাবুদ্দিনে ব্যক্তিগত উদ্যোগত বাংলাদেশৰ ৰঙামাটিত উপস্থিত হয় আৰু তাত থকা অসমীয়া লোকসকলৰ মাজত কিতাপ বিতৰণ কৰে। অতি সোনকালে তেওঁলোকৰ মাজৰ পৰা কিছু ব্যক্তিক অসমলৈ আনি অসমীয়া ভাষাৰ প্ৰশিক্ষণৰ সুবিধা প্ৰদানৰ আশ্বাস দিছে, যিসকলে ৰঙামাটিত গৈ ভৱিষ্যতে অন্যান্যসকলক অসমীয়া ভাষা শিক্ষাব পাৰিব। এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰিবলৈ অসম সাহিত্য সভা, বড়ো সাহিত্য সভা তথা ছাত্ৰ সংগঠনসমূহক অনুৰোধ জনাইছে– শিক্ষক গৰাকীয়ে।

শিৰোনামাৰ ছবিঃ গুগল ইমেজ

Photo courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward