Saturday, April 20, 2024
HomeARTICLEজুৱাখেলৰ বিৰুদ্ধে কঠোৰ অভিযান পলাশবাৰী আৰক্ষী থানাৰঃ কামৰূপ জিলা আৰক্ষী অধীক্ষকৰো সহযোগ

জুৱাখেলৰ বিৰুদ্ধে কঠোৰ অভিযান পলাশবাৰী আৰক্ষী থানাৰঃ কামৰূপ জিলা আৰক্ষী অধীক্ষকৰো সহযোগ

প্ৰকাশিত তাৰিখঃ ৮ নৱেম্বৰ, ২০২১

চি এন ডেস্ক–

কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত অঞ্চল সমূহত এইবাৰ মুকলি জুৱা খেল বন্ধ কৰিছে। থানাখনৰ অন্তৰ্গত ৰাণী আৰক্ষী চকী, বিজয় নগৰ আৰক্ষী আৰু পলাশবাৰী নগৰ আৰক্ষী চকী ক’তোৱেই মুকলিভাৱে জুৱাখেল পাতিব পৰা নাই। বিগত বৰ্ষবোৰত দেৱালী–কালিপূজা উপলক্ষে থানাখনৰ অন্তৰ্গত চ’ক–হাট–বজাৰ অঞ্চল সমূহত সপ্তাহজোৰা জুৱাখেলৰ ৰমক–জমক আয়োজনৰ সেই দৃশ্য এইবাৰ ৰাইজে দেখিবলৈ পোৱা নাই। থানাৰ লগত বাৰংবাৰ যোগাযোগ কৰিও মুক্ত জুৱা খেল পাতিবৰ বাবে সেউজ সংকেত নোপোৱাত আৰক্ষীৰ ওপৰতেই খৰ্গহস্ত হৈ পৰিছে জুৱাৰী আৰু জুৱাখেল আয়োজক কমিটিবোৰে।

অৱশ্যে, লুকাই–চুৰকৈ কিছু অঞ্চলত জুৱাখেল নপতাও নহয়। পাতিছে, কিন্তু সেই জুৱাখেলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ হোৱাও দেখা গৈছে। সেইবোৰৰ ওপৰত চলিছে কঠোৰ অভিযান। জিলাখনৰ আৰক্ষী অধীক্ষক হিতেশ ৰয়ৰ নেতৃত্বত পলাশবাৰী থানাৰ আৰক্ষী বিষয়া জীৱেন্দ্ৰ ব্ৰহ্মসহ এটি দলে অঞ্চলটোৰ বিভিন্ন ঠাইত অভিযান চলায়। ইপিনে, ৰাণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া টুবুল বড়ো, বিজয় নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আনজাদ ব্ৰহ্ম, পলাশবাৰী নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনমোহন দাসেও সহকৰ্মীৰ সৈতে নিজৰ এলেকাত পতা জুৱাখেলৰ বিৰুদ্ধে কঠোৰ অভিযান চলায়।

জুৱাত এনে কি মোহিনী শক্তি আছে যাৰ বাবে খেলখনত অংশ গ্ৰহণ নকৰে কিন্তু এবাৰ হ’লেও সেইফালে নজৰ দিয়ে! এনে কি ধৰাবন্ধা নীতি–নিয়ম আছে যাৰ বাবে দেৱালীত জুৱা খেলিবই লাগিব! যাৰ ফলত আৰক্ষীৰ কঠোৰ অভিযানেও তোলাব নোৱাৰে নোমটেঙৰ জুৱাৰীসকলক। আৰক্ষীয়ে এটা অঞ্চলৰ জুৱাখেল ভাঙি দি অইন এটা অঞ্চললৈ যোৱাৰ পিছ মুহুৰ্ততে পুনৰ আৰম্ভ কৰি দিয়ে জুৱাখেল। তেনেবোৰ জুৱাখেলত মাৰপিটৰ ঘটনাও ঘটিছে, ইটোপক্ষই সিটো পক্ষৰ বিৰুদ্ধে থানাত অভিযোগ দিয়াও দেখা গৈছে। লগতে অভিযান কালত দুই–এজন জুৱাৰীক আটক কৰাও দেখা গৈছে। বৃহৎ অঞ্চল এটা নিয়ন্ত্ৰণৰ বাবে আৰক্ষী থানাখনৰ লগতে চকীসমূহত প্ৰয়োজনীয় সংখ্যক আৰক্ষী, জোৱান নথকাত এনে অভিযানকালত যথেষ্ট অসুবিধাৰো সন্মুখীণ হৈছে। মুঠতে লুকাভাকু খেলত চতুৰ সকলে আনটোপক্ষক নগুৰ–নাকতি কৰাৰ দৰে জুৱাৰীসকলক দমনৰ বাবে আৰক্ষীসকলেও অবাবত তেনে পৰিস্থিতিৰ সন্মুখীণ হ’বলগা হৈছে।

এজেঞ্চিৰ ৰিপ’ৰ্ট সংযোজন– যোৱাটো বৰ্ষত দেৱালীৰ জুৱাখেলৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰাৰ অপৰাধত সাংবাদিক মিলন মহন্তক বিদ্যুতৰ খুঁটাত বান্ধি নিৰ্যাতন চলাইছিল। সততে মাফিয়াৰ আদব–কায়দাৰে চাল–চলন কৰি ফুৰা সঞ্জয় ঠাকুৰীয়া আৰু তেওঁৰ অনুগত বাহিনীয়ে এই ঘটনা সংঘটিত কৰিছিল। সমগ্ৰ ৰাজ্যব্যাপি ঘটনাটোৰ প্ৰতিবাদৰ উঠাৰ পাছতো পলাশবাৰী থানাৰ আৰক্ষী বিষয়া সত্যেন্দ্ৰ নাথ হাজাৰীয়ে অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাছিল। যাৰ ফলত আৰক্ষী বিষয়াগৰাকীয়ে ৰাইজৰ গৰিহণা খাবলগীয়া হৈছিল।

শিৰোনামৰ ফটোঃ ইণ্টাৰনেট

Title Pix: Internet

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward