Friday, April 19, 2024
HomeUncategorizedঅসম দৰ্শন আঁচনিত শ্ৰীশ্ৰীকলীয়া ঠাকুৰ মহাপুৰুষীয়া নামঘৰৰ আধাৰশিলা উদ্বোধন

অসম দৰ্শন আঁচনিত শ্ৰীশ্ৰীকলীয়া ঠাকুৰ মহাপুৰুষীয়া নামঘৰৰ আধাৰশিলা উদ্বোধন

প্ৰকাশিত তাৰিখঃ ৮ নৱেম্বৰ, ২০২১

চি এন ডেস্ক

দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ কল্লাপাৰা–হেবেলাপৰাৰ শ্ৰীশ্ৰীকলীয়া ঠাকুৰ মহাপুৰুষীয়া নামঘৰটো অসম দৰ্শন আঁচনিৰ অধীনত যোৱা ৫ নৱেম্বৰত সমূহীয়াভাৱে আধাৰশিলা স্থাপন কৰা হয়। ১৯১১ চনত স্থাপন কৰা ১১০ বছৰ পুৰণি এই নামঘৰটোৰ আধাৰশিলা স্থাপনত বন্তি প্ৰজ্জ্বলন কৰে সভাপতি হীৰেন ঠাকুৰীয়াই। আধাৰশিলা উপলক্ষে অনুষ্ঠিত হোৱা সভাখনত সুনী গোপাল দাসে সভাপতি কৰাৰ লগতে অনুষ্ঠানটোৰ আঁতধৰে যোগেশ দাসে আৰু সভাৰ উদেশ্য ব্যাখ্যা কৰে ৰাইজ গয়ৰহৰ সম্পাদক মহেশ দাসে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱে নাম ঘৰৰ জড়িয়তে ধৰ্মীয় গোড়ামিৰ অৱসানৰ হকে কাম কৰিছিল বুলি প্ৰকাশ কৰে সভাৰ অতিথি খৰ্গেশ্বৰ দাসে। বৰ্তমান নামঘৰ গঢ়াৰ পৰিৱৰ্তে সমাজবোৰ এতিয়া টুকুৰা টুকুৰ হ’বলৈ ধৰিছে। সেয়ে সমাজ গঠনত কিছু এৰা ধৰা কৰিবই লাগিব। আধাৰশিলাতেই সংকল্প গ্ৰহণ কৰক ভক্তপ্ৰাণ ৰাইজলৈ এই আহ্বান– অতিথি খৰ্গেশ্বৰ দাসৰ।

কল্লাপাৰা গাঁৱৰ বৰ্ষীয়ান মহিলা তথা এসময়ৰ অনাতাঁৰ কেন্দ্ৰৰ নামতী সুভদ্ৰা দাস, কল্লাপাৰা ৰাইজ গয়ৰহৰ সভাপতি নৰেশ্বৰ দাস, গাওঁ পঞ্চায়তৰ সদস্য মহেন্দ্ৰ চৌধুৰী, নামঘৰৰ পৰিচালনা সমিতিৰ প্ৰাক্তন তথা বৰ্তমানৰ বিষয়ববীয়াৰ উপৰিও ৰাইজ, আইসকল আৰু নামঘৰ নিৰ্মাণৰ মূল কাৰিকৰ ৰাজু আহমেদ আদি বহু সংখ্যক লোকে এই আধাৰশিলা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward