Thursday, March 28, 2024
HomeUncategorizedদুৰ্গাপূজাৰ শৃংখলাবদ্ধতাৰ শ্ৰেষ্ঠ সন্মান প্ৰদান মিৰ্জা আঞ্চলিক দুৰ্গাপূজা সমিতিলৈ

দুৰ্গাপূজাৰ শৃংখলাবদ্ধতাৰ শ্ৰেষ্ঠ সন্মান প্ৰদান মিৰ্জা আঞ্চলিক দুৰ্গাপূজা সমিতিলৈ

প্ৰকাশিত তাৰিখঃ ৯ নৱেম্বৰ, ২০২১

অগ্ৰণী সংবাদ

চি এন ডেস্ক –

দুৰ্গাপূজাত শৃংখলাবদ্ধতাৰ বাবে শ্ৰেষ্ঠ বঁটা লাভ কৰিছে মিৰ্জা আঞ্চলিক দুৰ্গাপূজা সমিতিয়ে। যোৱা ৭ নৱেম্বৰত সমিতিখনলৈ এই বঁটা প্ৰদান কৰে। এই উপলক্ষে পলাশবাৰী আৰক্ষী থানা আৰু সচেতন নাগৰিক সমাজে এক বিশেষ অভিনন্দন সভা আয়োজন কৰিছিল। উপৰহালীৰ চিলাৰায় ভৱনত আয়োজিত সভাখনৰ সভাপতিত্ব কৰে ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচীত জাতি মৰ্চাৰ উপ–সভাপতি কুশলজ্যোতি মালাকৰে। পলাশবাৰী সমষ্টিৰ  বিধায়ক হেমাঙ্গ ঠাকুৰীয়াৰপৰা এই বঁটা গ্ৰহণ কৰে মিৰ্জা আঞ্চলিক দূৰ্গাপূজা সমিতিৰ সভাপতি ৰাজেন চন্দ্ৰ কুমাৰ(মেধি) আৰু সম্পাদক ৰত্নকান্ত শৰ্মা লগতে সমূহ কৰ্মকৰ্তাই। এই বঁটা লাভ কৰি দুৰ্গাপূজা সমিতিখনে উৎফুল্লিত হৈ পৰে। উল্লেখনীয় যে, মিৰ্জা আঞ্চলিক দুৰ্গাপূজা সমিতিয়ে যোৱা ২০১৪ বৰ্ষতো শৃংখলাবদ্ধতাৰ শ্ৰেষ্ঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ৰাজেন চন্দ্ৰ কুমাৰ(মেধি) সেই বৰ্ষটোত পূজা সমিতিৰ সভাপতি আছিল। তেতিয়াৰপৰাই মিৰ্জা আঞ্চলিক দুৰ্গাপূজা সমিতিয়ে বিশেষভাৱে উন্নতিৰ পথত গৰি কৰি আজিৰ এই অৱস্থাত উপনীত হৈছে।

শৃংখলাবদ্ধতাৰ শ্ৰেষ্ঠ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা মিৰ্জা আঞ্চলিক দূৰ্গা পূজা সমিতিয়ে উদ্যোক্তাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে পলাশবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জীৱেন্দ্ৰ ব্ৰহ্মকো বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে।

শিৰোনামৰ ফটৌঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward