28 C
Guwahati
Wednesday, October 20, 2021
Home বাতৰি তৰমুজ খেতিৰে আশাৰ ৰেঙনি কঢ়িয়াইছে কোকিলা গাঁওৰ কৃষকে

তৰমুজ খেতিৰে আশাৰ ৰেঙনি কঢ়িয়াইছে কোকিলা গাঁওৰ কৃষকে

প্ৰকাশিত তাৰিখঃ ১৫ মাৰ্চ , ২০১৭

চানডুবি নিউজ ব্যুৰ’–

কোকিলা বঙাইগাঁও জিলাৰ অতি পিছপৰা এখন গাঁও। ব্ৰহ্মপুত্ৰই গৰাখহনীয়াৰ সৃষ্টি এই গাঁওখনৰ খেতিয়কসকলে তৰমুজ খেতিৰে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। গৰাখহনীয়াই সৰ্বস্বান্ত কৰা এই গাঁওখনৰ খেতিয়কসকল সম্প্ৰতি ব্যস্ত হৈ পৰিছে তৰমুজ খেতিক লৈ।

গাঁওখনৰ প্ৰায় পাঁচশ বিঘা কৃষিভূমিত এতিয়া তৰমুজৰ খেতি আৰম্ভ কৰিছে। প্ৰতি বিঘা মাটিত তৰমুজৰ বীজ সিঁচতে খৰচ হয় ১৬–২০ হাজাৰ টকা আৰু প্ৰতিকিলো তৰমুজ ১৫–২০ টকা দৰত বিক্ৰী কৰি প্ৰায় ৭০–৯০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এই মন্তব্য কোকিলা গাঁওৰ খেতিয়ক ৰঞ্জিত দাস, ভোলানাথ দাস আৰু জাফৰ আলীৰ।

গাঁওখনৰ দুখীয়া কৃষকসকলে ভাড়ামাটিত মহাজনৰ পৰা ধন ধাৰে লৈ তৰমুজ খেতি আৰম্ভ কৰিছে। আৰু উৎপাদিত তৰমুজ বিক্ৰীৰে মহাজনৰ ধাৰে লোৱা ধন আৰু মাটিৰ ভাড়া আদায় দিয়াৰ লগতে পৰিয়ালক ভৰণ–পোষণ দিবলৈও সমৰ্থ হৈছে। যদিও এই পৰ্যন্ত ৰাজ্যৰ কৃষি বিভাগৰ দৃষ্টিত পৰা নাই এই খেতিয়কসল। ৰাজ্যৰ কৃষি বিভাগে এই খেতিয়কসকলক সহায়ৰ হাত কেতিয়া আগবঢ়াব ?

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

অগ্ৰণী সংবাদ

প্ৰকাশিত তাৰিখঃ ১৯ অক্টোবৰ, ২০২১ সম্পূৰ্ণ থলুৱা আহাৰৰ 'খৰিকা ধাবা' শুভ উদ্বোধন   দক্ষিণ কামৰূপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰকুছিত অৱস্থিত 'ৰয়েল পেলেচ' নামৰ এখন অভিজাত...

প্ৰীতি ফুটবল খেল

প্ৰকাশিত তাৰিখঃ ১৮ অক্টোবৰ, ২০২১ দক্ষিণ কামৰূপ জিলাৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে এখনি প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়। বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত...

প্ৰসংগঃ মাইক্ৰ’ফাইনেঞ্চ, আত্মসহায়ক গোটৰ ঋণ

প্ৰকাশিত তাৰিখঃ ১৮ অক্টোবৰ, ২০২১ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা – চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ কথা। সময় তেতিয়া দিনৰ দুই বাজিছে। ৰাণীৰ আশে–পাশে থকা গাঁৱৰ পাঁচগৰাকী মহিলা। ৰাণীৰ...

গ্ৰন্থ উন্মোচন

প্ৰকাশিত তাৰিখঃ ১৮ অক্টোবৰ, ২০২১ ভাৰতীয় সেনা বাহিনীৰ মেজৰ জেনেৰেল বৰ্তমান ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী (এন চি চি)ৰ শ্বিলংস্থিত উত্তৰ–পূব মাণ্ডলিক কাৰ্যালয়ত কৰ্মৰত ভাস্কৰ কলিতাৰ পিতৃ...

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward